• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লালুপুত্ৰ তেজ প্ৰতাপক ৬বছৰৰ বাবে দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰক লৈ বিস্ফোৰক মন্তব্য তেজপ্ৰতাপৰ পত্নী ঐশ্বৰ্য ৰাইৰ, কি কৈছে ঐশ্বৰ্য ৰায়ে?

লালুপুত্ৰ তেজ প্ৰতাপক ৬বছৰৰ বাবে দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰক লৈ বিস্ফোৰক মন্তব্য তেজপ্ৰতাপৰ পত্নী ঐশ্বৰ্য ৰাইৰ, কি কৈছে ঐশ্বৰ্য ৰায়ে?

1 year ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

17 minutes ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

34 minutes ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

2 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

2 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

3 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

5 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

14 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

15 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

15 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

15 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

লালুপুত্ৰ তেজ প্ৰতাপক ৬বছৰৰ বাবে দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰক লৈ বিস্ফোৰক মন্তব্য তেজপ্ৰতাপৰ পত্নী ঐশ্বৰ্য ৰাইৰ, কি কৈছে ঐশ্বৰ্য ৰায়ে?

লালুপুত্ৰ তেজ প্ৰতাপক ৬বছৰৰ বাবে দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰক লৈ বিস্ফোৰক মন্তব্য তেজপ্ৰতাপৰ পত্নী ঐশ্বৰ্য ৰাইৰ, কি কৈছে ঐশ্বৰ্য ৰায়ে?

editor by editor
May 27, 2025
in বিবিধ, ভাৰত
0
লালুপুত্ৰ তেজ প্ৰতাপক ৬বছৰৰ বাবে দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰক লৈ বিস্ফোৰক মন্তব্য তেজপ্ৰতাপৰ পত্নী ঐশ্বৰ্য ৰাইৰ, কি কৈছে ঐশ্বৰ্য ৰায়ে?
0
SHARES
994
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰেই তেওঁৰ বৰপুত্ৰ তেজপ্ৰতাপক দল আৰু পৰিয়ালৰ পৰা  ৬বছৰৰ বাবে বহিষ্কাৰ কৰিছে আৰ জে ডি প্ৰধান লালুপ্ৰসাদ যাদৱে। তেওঁৰ এই পদক্ষেপক লৈ দেশজুৰি চলিছে চৰ্চা। জনগণক বিভ্ৰান্ত কৰাৰ প্ৰচেষ্টা বুলি দাবী কৰিছে তেজপ্ৰতাপৰ বিচ্ছেদিতা স্ত্ৰী ঐশ্বৰ্য ৰাইৰ। যাদৱ পৰিয়ালক তেওঁৰ প্ৰশ্ন, পুত্ৰৰ কীৰ্তি সম্পৰ্কে যদি তেওঁলোকে সকলোখিনিয়েই জানিছিল তেন্তে কিয় তাৰপাছতো তেজপ্ৰতাপৰ সৈতে তেওঁক বিয়া কৰাই অনা হৈছিল? কিয় তেওঁৰ জীৱনটো নষ্ট কৰা হল?

মোৰ জীৱনটো এনেকৈ কিয় নষ্ট কৰা হল?

সংবাদ সংস্থা এ এন আইক ঐশ্বৰ্যই কয়, ‘সকলোৱে জানে কি হৈছে। যদি তেওঁলোকে মানে লালুপ্ৰসাদ যাদৱৰ পৰিয়ালে সমগ্ৰ বিষয়টো জানিছিলেই তেন্তে কিয় মোৰ সৈতে তেওঁৰ বিয়া কৰোৱা হৈছিল? কিয় মোৰ জীৱনটো নষ্ট কৰা হল? কিয় মোক মাৰধৰ কৰা হৈছিল। এতিয়া হঠাৎ তেওঁলোকৰ মাজত সামাজিক জাগৰণে দেখা দিছে। মই মোৰ বিবাহবিচ্ছেদৰ খবৰ প্ৰথমে সংবাদমাধ্যমত দেখিছো। মোক তেওঁলোকে পৰ্দাৰ আঁৰত ৰাখি কাম কৰিছে।

মহিলাক দোষ দিয়া সহজ

তেওঁ লগতে কয়, যাদৱ পৰিয়াল সকলো একলগ হৈয়েই আছে। তেওঁলোক পৃথক হোৱা নাই। নিৰ্বাচন কাষ চাপি আহিছে বাবেই এই পদক্ষেপ গ্ৰহণ কৰি দেখুৱাইছে। এখন নাটক ৰচনা কৰিছে। তেওঁলোকৰ সোধক, মোৰ জীৱন নষ্ট কৰাৰ কি দৰকাৰ আছিল? যেতিয়া মোক মাৰধৰ কৰা হৈছিল তেতিয়া তেওঁলোকৰ সামাজিক ন্যায়বিচাৰ কত আছিল। তেওঁলোকক সোধক মোৰ কি হব? তেওঁলোকে সকলোবোৰ দোষ মোৰ ওপৰতেই পেলাই দিছে। এতিয়া জানিব পাৰিছে ১২ বছৰ ধৰি অন্য এগৰাকী মহিলাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰকৃততে যিকোনো মহিলাক দোষ দিয়া একেবাৰে সহজ। মই কেতিয়া ন্যায়বিচাৰ পাম কব নোৱাৰো। মই যুঁজ চলাই যাম।
ৰাবড়ি দেৱীয়ে এই নাটকৰ পৰিচালক
তেওঁৰ শাহু তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ি দেৱীকো কটাক্ষ কৰিছে ঐশ্বৰ্য ৰাইয়ে। তেওঁৰ দাবী তেজপ্ৰতাপৰ দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰ কৰাৰ বাবে এই সম্পূৰ্ণ নাটক ৰচা মহিলাগৰাকীয়েই ৰাবৰি দেবী। আসন্ন বিহাৰ বিধানসভা নিৰ্বাচনৰ কাৰণেই এই নাটক কৰা হৈছে বুলিও দাবী কৰিছে ঐশ্বৰ্য ৰায়ে।

প্ৰেমজীৱনৰ কথা নিজেই প্ৰকাশ কৰিছে তেজপ্ৰতাপে

এই ঘটনাৰ সূত্ৰপাত ঘটিছে বিগত শনিবাৰে। ছচিয়েল মিডিয়াত অনুষ্কা যাদৱ নামৰ এগৰাকী মহিলাৰ সৈতে নিজৰ এখন ঘনিষ্ঠ ছবি পোষ্ট কৰি তেজপ্ৰতাপ যাদৱে দাবী কৰিছে যে বিগত ১২ বছৰ ধৰি তেওঁলোক প্ৰেমৰ সম্পৰ্কত আছে। তাৰপিছতেই এই পোষ্ট ডিলিট কৰি তেওঁৰ একাউণ্ট হেক হোৱা বুলি দাবী কৰে তেজপ্ৰতাপে। ইয়াৰপাছতেই দেওবাৰে তেজপ্ৰতাপক ৬বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰে আৰ জে ডি প্ৰধান তথা তেওঁৰ পিতৃ লালুপ্ৰসাদ যাদৱে। তেওঁক পৰিয়ালৰ পৰাও বহিষ্কাৰ কৰা হৈছে।

তেজ প্ৰতাপৰ ব্যৰ্থ বিবাহ

তেজপ্ৰতাপৰ দৰে ঐশ্বৰ্যও বিহাৰৰ এক আদ্যবন্ত ৰাজনৈতিক পৰিয়ালৰ সন্তান। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দাৰোগা ৰায় তেওঁৰ ককাক। বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ৬বাৰৰ বিধায়ক চন্দ্ৰিকা ৰাই ঐশ্বৰ্যৰ পিতৃ। ২০১৮ চনত ঐশ্বৰ্যক বিয়া কৰাইছিল তেজপ্ৰতাপে। ঐশ্বৰ্যই এম বি এ কৰিছে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা।  অন্যহাতে তেজপ্ৰতাপ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।

বিবাহৰ কেইমাহমান পাছৰে পৰাই দুয়ো পৃথক হয়। যাদৱ পৰিয়াল এৰাৰ পাছত ৰাবৰি দেবীসহ যাদৱ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে ঐশ্বৰ্যই। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰ এতিয়াও আদালতৰ বিচাৰাধীন হৈ আছে। এৰাএৰি হৈ যোৱাৰ পাছতেই তেজপ্ৰতাপে দাবী কৰিছিৱ যে তেওঁ আৰু ঐশ্বৰ্যৰ মাজত কোনো মিল নাই। দুজনেই সম্পূৰ্ণ দুই পৃথক মেৰুৰ বাসিন্দা।

তেজপ্ৰতাপে কৈছিল, মই সহজ সৰল মানুহ আৰু ঐশ্বৰ্য এগৰাকী আধুনিক মহিলা। দিল্লীত পঢ়াশুনা কৰিছে। মেট্ৰ চহৰতেই তেওঁ অভ্যস্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!
বিনোদন

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

September 30, 2026
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ
প্ৰযুক্তি

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

September 30, 2026
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে
অসম

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

September 30, 2026
Next Post
শনি জয়ন্তীৰ লগতে মঙলবাৰো, কি কি কৰিলে আপোনাৰ জীৱনৰ পৰা শনিৰ দশা আঁতৰিব?

শনি জয়ন্তীৰ লগতে মঙলবাৰো, কি কি কৰিলে আপোনাৰ জীৱনৰ পৰা শনিৰ দশা আঁতৰিব?

শচীনৰ ৰেকৰ্ড ভংগ সূৰ্যকুমাৰ যাদৱৰ, এতিয়া এই ক্ষেত্ৰত শীৰ্ষত সূৰ্যকুমাৰ

শচীনৰ ৰেকৰ্ড ভংগ সূৰ্যকুমাৰ যাদৱৰ, এতিয়া এই ক্ষেত্ৰত শীৰ্ষত সূৰ্যকুমাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.