সনাতন ধৰ্মত জেঠ মাহৰ মঙলবাৰসমূহৰ বিশেষ গুৰুত্ব আছে। এই দিনত বজৰংবলীৰ আৰাধনা কৰা হয়। জেঠ মাহৰ মঙলবাৰক বুঢ়া মঙলবাৰ বুলিও কোৱা হয়। এই বছৰ ২৭ মেত পালিত হৈছে শনি জয়ন্তী। শাস্ত্ৰ অনুসৰি কৰ্মফলৰ দেৱতা শনি নিজেও বজৰংবলীৰ এজন পৰম ভক্ত। বজৰংবলীয়ে ভক্তসকলক বিশেষ যন্ত্ৰণা নিদিয়ে কৰ্মফলদাতা শনিয়ে। এই বছৰ মঙলবাৰে শনি জয়ন্তী পৰাৰ বাবে এই দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জানি থওক এই বিশেষ দিনত কি কৰিব কি নকৰিব।
বজৰংবলীৰ আৰাধনা
এই দিনটোত পুৱাই উঠি গা ধুই ঘৰ পৰিষ্কাৰ কৰক। তাৰপাছতেই সেন্দূৰ, তেল, ৰঙা ফুল আৰু গুড় দি বজৰংবলীৰ পূজা কৰক। ইয়াৰ পাছতেই হনুমান চালিছা বা বজৰংবান পাঠ কৰক।
সৰিয়হৰ তেল আৰু কলা তিল নিবেদন কৰক
শনি জয়ন্তীত পুৱাই বিছনা এৰি গা ধুৱক। ইয়াৰ পাছতেই শনি মন্দিৰলৈ গৈ সৰিয়হৰ তেল আৰু কলা তিল নিবেদন কৰক। নীলা অপৰাজিতা ফুল আৰু অশ্বথ পাত দি শনিৰ পূজা কৰক। ইয়াৰ ফলত শনিৰ সাৰেসাতি, ধাইয়া আৰু মহাদশাৰ কুপ্ৰভাৱ আপোনাৰ ওপৰৰ পৰা দূৰ হব।
দৰিদ্ৰ সেৱা
শনি জয়ন্তীত দৰিদ্ৰ নাৰায়ণ সেৱা কৰা বিশেষ গুৰুত্বপূৰ্ণ। অভাৱীসকলক দান কৰিলে তুষ্ট হয় শনি মহাৰাজ। কলা তিল, কলা দাইল, কলা পোছাক, লোহাৰ সামগ্ৰী, ষ্টিলৰ বাচন, কলা কম্বল দান কৰক। তাৰ সৈতে কুকুৰ, গৰু আৰু কাউৰীক খাদ্য খুৱাওক। ইয়াৰোপৰি পুৱা সন্ধিয়া ১০৮ বাৰ ওম চাম শনিশ্চৰায় নমহ, মন্ত্ৰ জপ কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















