২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা৷
দুপৰীয়া ২.৫৬ মিনিটত হ’ব প্ৰবৃত্তি৷
২২ৰ পৰা ২৬ জুনলৈ চলিব এই মেলা৷
২৬ জুনৰ পুৱতি নিশা ৩ বজাত নিবৃত্তি হ’ব বুলি প্ৰকাশ৷
দেশ-বিদেশৰ সাধু-সন্ন্যাসীয়ে ভৰি পৰিব কামাখ্যা ধাম৷
অম্বুবাচীক লৈ কেইবাটাও নিৰ্দেশনা প্ৰকাশ কৰিছে চৰকাৰে৷
কভিড প্ৰটকল মানি এইবাৰ তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব অম্বুবাচীত৷
মন্দিৰৰ তলৰ প্ৰৱেশদ্বাৰৰ পৰাই জোঁতা-চেণ্ডেল নিষিদ্ধ কৰা হৈছে৷
মহা অম্বুবাচী মেলা উপলক্ষ্যে ৪ কোটি ৫৫ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে চৰকাৰে৷
এইবাৰ অম্বুবাচীত নাথাকিব কোনো VIP, VVIP ব্যৱস্থাপনা৷
এইবাৰৰ অম্বুবাচীত ৭লাখতকৈয়ো অধিক ভক্তৰ সমাগমৰ সম্ভাৱনা৷
অম্বুবাচীত জোঁতা চেণ্ডেল নিষিদ্ধ কৰাৰ বিপৰীতে ভক্তই মোজা পিন্ধি যাত্ৰা কৰিব পাৰিব বুলি প্ৰকাশ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















