ভিটামিন চি এছকৰবিক এচিড নামেৰেও পৰিচিত৷ আমাৰ শৰীৰৰ বাবে এক অত্যন্ত প্ৰয়োজনীয় পুষ্টি উপাদান৷ ইয়াৰ অভাৱত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ ভিটামিন চিৰ অভাৱত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা, চুলি ৰুক্ষ হোৱা, জয়েণ্ট বিষ আৰু শৰীৰৰ বিভিন্ন অংশৰ বিষ বা ফোলাভাৱে দেখা দিব পাৰে৷ সেয়ে দৈনন্দিন খাদ্যতালিকাত ভিটামিন চি সমৃদ্ধ খাদ্য যেনে নেমু, আমলখি, মধুৰী, কমলাটেঙা, ষ্ট্ৰবেৰী, ব্ৰকলি ইত্যাদি ৰখা অত্যন্ত জৰুৰী৷ কেনেকৈ বুজিব দেহত ভিটামিন চিৰ অভাৱ হৈছে?
দাঁতৰ আলুৰ পৰা ৰক্তপাত বা দাঁতৰ সমস্যা
ভিটামিন চিৰ অভাৱত স্কাৰ্ভি নামৰ ৰোগ হয়৷ যাৰ অন্যতম প্ৰধান লক্ষণ হৈছে দাঁতৰ আলু দুৰ্বল হোৱা, দাঁতৰ আলু ফুলা আৰু আলুৰ পৰা ৰক্তপাত হোৱা৷ ই দাঁতৰ গঠন দুৰ্বল কৰি দিয়ে আৰু অত্যধিক দুৰ্বল হৈ দাঁত সৰিবও পাৰে৷
ৰক্তহীনতা
ভিটামিন চিয়ে শৰীৰত আয়ৰণ শোষণত সহায় কৰে৷ ইয়াৰ অভাৱ হলে শৰীৰে সঠিকভাৱে আয়ৰণ শোষণ কৰিব নোৱাৰে৷ যাৰ ফলত তেজত হিমগ্লবিনৰ মাত্ৰা কমি গৈ ৰক্তহীনতাই দেখা দিব পাৰে৷ ইয়াৰ ফলত শৰীৰ দুৰ্বল হৈ পৰিব পাৰে৷
ক্লান্তি বা দুৰ্বলতা
পৰ্যাপ্ত ভিটামিন চিৰ অভাৱত শৰীৰত শক্তি উৎপাদন প্ৰক্ৰিয়া ব্যাহত হব পাৰে৷ ইয়াৰ ফলত অলপতেই বেছি ক্লান্ত লগা, শাৰীৰিক দুৰ্বলতা আৰু অৱসাদে দেখা দিব পাৰে৷
ছাল শুকাই যোৱা বা ছালৰ অন্যান্য সমস্যা
ভিটামিন চি কোলাজেন নামৰ প্ৰটিন তৈয়াৰৰ বাবে অপৰিহাৰ্য৷ যিয়ে ছালক সুস্থ আৰু সুন্দৰ কৰি ৰাখে৷ ভিটামিন চিৰ অভাৱত ছালত কোলাজেন উৎপাদন কমি যায় ফলত ছাল শুকান, প্ৰাণহীন হৈ পৰিব পাৰে৷ ইয়াৰোপৰি ছালত সহজে দাগ পৰা বা সৰু সৰু ৰঙা দাগো দেখা যায়৷
ক্ষতস্থান সহজে শুকাই নোযোৱা
শৰীৰৰ কোনো স্থানত আঘাত লাগিলে বা কাটি গলে সেই ক্ষতস্থান দ্ৰুতগতিত শুকোৱাত ভিটামিন চিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰ অভাৱ হলে ক্ষতস্থান সহজে শুকাব নোখোজে আৰু সংক্ৰমণৰ আশংকাও বাঢ়ি যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















