ভাৰতৰ সকলোতকৈ ভাইৰেল আৰু বিখ্যাত শিক্ষকসকলৰ মাজত এজন হৈছে খান ছাৰ৷ বৰ্তমান তেওঁৰ বিবাহৰ কাৰণে খবৰৰ শিৰোনাম আছে৷ তেওঁ ভাৰতৰ এজন সুপৰিচিত শিক্ষক আৰু ইউটিউব কণ্টেণ্ট ক্ৰিয়েটৰ৷ যিয়ে শিক্ষাৰ্থীসকলক কম খৰচত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ বাবে পৰিচিত৷
তেওঁ ইউটিউব চেনেল খান জিএছ ৰিচাৰ্ছ চেণ্টাৰত ২৪ মিলিয়নতকৈ বেছি ছাবস্ক্ৰাইবাৰ আছে৷ তেওঁৰ ভিডিঅসমূহত কাৰেণ্ট এফেয়াৰ্ছ, অংক আ ৰু ৰাজনীতিৰ দৰে বিষয়সমূহ থাকে৷ তেওঁ পাটনাত এখন সৰু কোচিং চেণ্টাৰত মাত্ৰ ৬জন ছাত্ৰ লৈ এই যাত্ৰা আৰম্ভ কৰিছিল৷ কিন্তু খান ছাৰ এতিয়া দেশৰ সকলোতকৈ ভাইৰেল শিক্ষক৷ তেওঁৰ অনন্য আৰু হাস্যকৰ শিক্ষাদানৰ ধৰণ শিক্ষাৰ্থীসকলৰ মাজত খুবেই জনপ্ৰিয়৷
খবৰ অনুসৰি ৬ মেৰ পৰা ১০ মে পৰ্যন্ত ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘৰ্ষ অপাৰেছন সেন্দূৰ চলি থকাৰ সময়তে খান ছাৰে বিয়া কৰাইছে৷ লাইভ ক্লাছ কৰাৰ সময়ত শিক্ষাৰ্থীসকলক এই কথা নিজেই জনাইছে খান ছাৰে৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সেই সময়ত কোনো অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা নাছিল৷ শেহতীয়াকৈ ২ জুনত বিহাৰৰ পাটনাত তেওঁ এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে৷ খান ছাৰৰ কইনা ক’ত কিয় বিখ্যাত সেই কথা জানিবলৈ বহুজনেই আগ্ৰহী হৈ থকাৰ সময়তেই জনা গৈছে খান ছাৰৰ পত্নীৰ পৰিচয়৷ তেওঁ পত্নীৰ নাম এ এছ খান৷ ৰিছিপছনত খান ছাৰে তেওঁৰ পত্নীৰ মুখ ঢাকি ৰাখিলেও তেওঁৰ নাম ইতিমধ্যেই বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে৷ ৰিছিপছনত ৰঙা চুৰ্ণীৰে মুখ ঢাকি ৰাখিলেও তেওঁৰ মায়াবী হাঁহি কেমেৰাত ধৰা পৰিছে৷
খবৰ অনুসৰি খান ছাৰৰ পত্নী বিহাৰৰ ছিউৱানৰ বাসিন্দা৷ স্বামীৰ দৰেই তেওঁৱো উচ্চশিক্ষিতা৷ তেওঁ ইণ্ডিয়ান ছাৰ্টিফিকেট অফ ছেকেণ্ডাৰী এডুকেছন ছাৰ্টিফাইড স্কুলত পঢ়াশুনা কৰিছে৷ তেওঁৰ শিক্ষাগত যোগ্যতাৰ বিষয়ে অৱশ্যে এতিয়াও সঠিকভাৱে কোনো তথ্য জানিব পৰা যোৱা নাই৷
পাটনাত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুসকলৰ বাবে এক অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিছিল খান ছাৰে৷ তাতেই উপস্থিত হৈছিল বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, বিহাৰৰ উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, বিৰোধী দলনেতা তেজস্বী যাদৱ, শিক্ষামন্ত্ৰী সুনীল কুমাৰ, শিল্প আৰু পৰ্যটনমন্ত্ৰী নীতিশ মিশ্ৰকে ধৰি একাধিক নেতা পালিনেতা৷ তেওঁ ৬ জুনত ছাত্ৰসকলৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















