চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপিষ্টৰ ঘটনাত মৃত্যু হৈছে ১১ জনকৈ ব্যক্তিৰ৷ কোনোৱে যদি সন্তানক হেৰুৱাইছে কোনোৱে আকৌ হেৰুৱাইছে স্বামীক৷ তেনে এজন সন্তান হেৰুওৱা পিতৃৰ কাতৰ অনুৰোধে চকু সেমেকাই পেলাইছে বহুজনৰ৷ পিতৃগৰাকীৰ কৰ্তৃপক্ষলৈ অনুৰোধ, ‘মোৰ সন্তানৰ দেহটো উভতাই দিয়ক৷ দয়া কৰি কটাছিঙা নকৰিব৷ তাৰ দেহ পষ্টমৰ্টেম নকৰিব৷’
পিতৃগৰাকীয়ে কান্দোনত ভাঙি পৰি কয়, ‘মই জনা নাছিলো মোৰ সন্তানটো যে তালৈ গৈছিল৷ একমাত্ৰ সন্তান আছিল সি মোৰ৷ মোৰ একমাত্ৰ সন্তানটোক মই এনেকৈ হেৰুৱাই দিম বুলি কল্পনাই কৰিব পৰা নাছিলো৷’ বুধবাৰে চিন্নাস্বামী ষ্টেডিয়ামত আৰ চি বিৰ আইপিএল জয়ৰ চেলিব্ৰেছনৰ মাজতেই ঘটিছে এই মৰ্মান্তিক ঘটনা৷ ষ্টেডিয়ামৰ বাহিৰত লাখ লাখ ভক্তই ভিৰ কৰিছিল৷ তাতেই পদপিষ্টৰ ঘটনাত ১১ জনৰ মৃত্যু হয়৷ আহত হৈছে বহুজন৷
বৃহস্পতিবাৰে পুৱা পষ্টমৰ্টেমৰ পাছত দেহকেইটা পৰিয়ালৰ হাতত তুলি দিয়া হৈছে৷ সমগ্ৰ ঘটনা পুংখানুপুংখভাৱে তদন্তৰ বাবে কমিটিও গঠন কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়া চৰকাৰে৷ ১৫ দিনৰ মাজত সেই কমিটিক ৰিপৰ্ট দিবৰ বাবেও আহ্বান জনোৱা হৈছে৷
ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰ চি বি কৰ্তৃপক্ষই৷ মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়াই ক্ষতিগ্ৰস্থ পৰিয়ালসমূহক ১০ লাখ টকা আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে৷ প্ৰিয়জনক হেৰুওৱা প্ৰতিটো পৰিয়ালৰ বাবে ৫ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে আৰচিবি আৰু কৰ্ণাটক ষ্টেট ক্ৰিকেট সংস্থাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















