যুগান্তকাৰী ৰায় দিছে বম্বে হাইকৰ্টে৷ স্ত্ৰীয়ে উপাৰ্জন কৰিলেও স্বামীৰ পৰা তেওঁৰ ভৰণপোষণৰ টকা লোৱাৰ অধিকাত আছে৷ সম্প্ৰতি এক পাৰিবাৰিক গোচৰত এই ৰায় দিছে বম্বে হাইকৰ্টে৷ ৰায়ত কোৱা হৈছে যে বিবাহিত জীৱনত মহিলাই যি জীৱনযাত্ৰাত অভ্যস্ত আছিল, বিবাহ বিচ্ছেদৰ পাছতো সেয়া বজায় ৰখাৰ বাবে যথেষ্ট নহয়, অৱশ্যেই স্বামীয়ে তেওঁৰ ভৰণ পোষণৰ দায়িত্ব লব লাগিব৷
পাৰিবাৰিক আদালতৰ ৰায় বাহাল বম্বে হাইকৰ্টৰ
সূত্ৰৰ খবৰ অনুসৰি সম্প্ৰতি বম্বেৰ পাৰিবাৰিক আদালতৰ ৰায়ক চেলেঞ্জ কৰি এগৰাকী ব্যক্তিয়ে বিবাহবিচ্ছেদৰ এক গোচৰ তৰিছিল বম্বে হাইকৰ্টত৷ ন্যায়াধীশ মঞ্জুষা দেশপাণ্ডে সেই গোচৰৰ খাৰিজ কৰি দিয়ে৷ মুম্বাইৰ সেই ব্যক্তিক পাৰিবাৰিক আদালতে নিৰ্দেশ দিছিল যে বিবাহবিচ্ছেদৰ পাছত পত্নীক প্ৰতিমাহে ১৫০০০ টকা ভৰণপোষণ দিয়ক৷ সেই ৰায়কেই চেলেঞ্জ কৰি বম্বে হাইকৰ্টত আপিল কৰিছিল সেই ব্যক্তিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















