ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টেষ্টত ভাৰতীয় দলত সাল-সলনি, দুগৰাকী খেলুৱৈ বাহিৰ হোৱাৰ সম্ভাৱনা
ইংলেণ্ড আৰু ভাৰতীয় দলৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট মেচৰ দ্বিতীয় খেলৰ পূৰ্বে ভাৰতীয় দলত কিছু সালসলনি হোৱাৰ সম্ভৱনাই দেখা দিছে। দলৰ পৰা দুগৰাকী খেলুৱৈ বাদ পৰাৰ ইংগিত।
দ্বিতীয়খন টেষ্ট ইংলেণ্ডৰ এডগবাষ্টনত অনুষ্ঠিত হ’ব। প্ৰথম টেষ্টত ইংলেণ্ডে ভাৰতক ৫ উইকেটত পৰাস্ত কৰি শৃংখলাত ১-০ত অগ্ৰগতি লাভ কৰিছে। এনে পৰিস্থিতিত দ্বিতীয়খন টেষ্ট মেচ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে।
আনহাতে এই এডগবাষ্টনৰ খেলপথাৰত ভাৰতীয় দলটোৱে আজিলৈকে এখনো টেষ্ট মেচত জয়ী হোৱা নাই, টিম ইণ্ডিয়াই এই খেলপথাৰত এতিয়ালৈকে মুঠ ৭খন টেষ্ট মেচ খেলিছে, কিন্তু জয়ৰ সোৱাদ পোৱা নাই।
এনে পৰিস্থিতিত ভাৰতৰ বাবে এই টেষ্ট মেচখন অতি কঠিন হ’বলৈ গৈ আছে। আনহাতে এই দ্বিতীয় টেষ্টত ভাৰতীয় একাদশৰ পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে।
প্ৰথমখন টেষ্ট মেচত বুমৰাহে ৪৩ অভাৰত বলিং কৰিছিল, প্ৰথম ইনিংছত বুমৰাহ ৫টা উইকেট দখল কৰিছিল যদিও দ্বিতীয় ইনিংছত তেওঁ এটাও উইকেট ল’ব পৰা নাছিল। দ্বিতীয় ইনিংছত বুমৰাহক প্ৰথম ইনিংছৰ তুলনাত ভাগৰুৱা যেন লাগিছিল, তেওঁৰ বলিং চাই স্পষ্ট হৈ পৰিছিল যে তেওঁক ভাগৰুৱা যেন লাগিছে। এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল বুমৰাহ দ্বিতীয় টেষ্টৰ অংশ হ’ব নেকি?
ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে বুমৰাহক ৫খন টেষ্ট মেচৰ শৃংখলাত মাত্ৰ তিনিখন টেষ্ট মেচহে খেলাব। এনে পৰিস্থিতিত দ্বিতীয়খন টেষ্টত বুমৰাহক জিৰণি দিয়া হ’ব বুলি আশা কৰা হৈছে। বুমৰাহৰ ঠাইত এতিয়া অৰ্শদ্বীপত লোৱাৰ সম্ভৱনাই দেখা দিছে।
আনহাতে শ্বাৰ্দুল ঠাকুৰকো বহোৱাৰ সম্ভৱনাই দেখা দিছে। শ্বাৰ্দুল ঠাকুৰৰ ঠাইত নিতীশ কুমাৰ ৰেড্ডীক খেলুৱাব পাৰে গৌতম গম্ভীৰে। নিতীশ এই ক্ষেত্ৰত অলৰাউণ্ডাৰ হিচাপে থাকিব , যি দলৰ বাবে অধিক সহায়ক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















