বিপদত দক্ষিণৰ ২৯ গৰাকী তাৰকা, EDৰ গোচৰ ৰুজু
বিপদত পৰিছে দক্ষিণৰ ছবি জগতৰ ২৯ গৰাকীকৈ তাৰকা। বাহুবলী খ্যাত ৰাণা ডাগ্গুৱটিকে ধৰি ভিলেইন খ্যাত প্ৰকাশ ৰাজ আদি সৰ্বমুঠ ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বলবৎকাৰী সঞ্চালকালয় (এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, ED)-এ।
বিজয় দেৱেৰাকোণ্ডা, ৰাণা ডাগ্গুৱাটি, প্ৰকাশ ৰাজকে ধৰি আন ২৯ গৰাকী চেলিব্ৰিটিয়ে বেটিং এপৰপ্ৰচাৰৰ বাবে এই আইনী সমস্যাত পৰিছে। এই তালিকাত অভিনেতা, প্ৰভাৱশালী নেতা আৰু ইউটিউবাৰৰ নামো সন্নিবিষ্ট আছে। ইডিয়ে এই সকলোৰে বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।
বেটিং এপটোৰ সৈতে জড়িত বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত কেইবাটাও এফআইআৰ দাখিল কৰা হৈছে। ইয়াৰ পিছতে বলবৎকাৰী সঞ্চালকালয়ে ঘটনাৰ তদন্তৰ দায়িত্ব লয়। সেই ঘটনাত কেইবাজনো ডাঙৰ ডাঙৰ চেলিব্ৰিটিৰ নাম জড়িত হৈ পৰিছে।
তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি বিজয় দেৱেৰাকোণ্ডা, ৰাণা ডাগুবাটি, প্ৰকাশ ৰাজৰ উপৰিও মাঞ্চু লক্ষ্মী, নিধি আগৰৱালা, প্ৰনিতা সুভাষ আৰু অনন্যা নাগেলা, শ্ৰীমুখী, নেহা পাঠান, পাণ্ডুকে ধৰি আন কেইবাগৰাকীও তাৰকাৰ নাম জড়িত হৈ আছে।
এফআইআৰৰ মতে, ৰাণা ডাগ্গুবাটি আৰু প্ৰকাশ ৰাজ ‘জংগল ৰমি’ নামৰ এটা বেটিং এপৰ প্ৰচাৰৰ কামত জড়িত আছিল। আনহাতে, ‘ইয়েল্ল’ ২৪৭’ৰ প্ৰচাৰত মানচু লক্ষ্মী আৰু বিজয় দেৱেৰাকোণ্ডা ‘এ২৩’ এপৰ প্ৰচাৰৰ লগত জড়িত বুলি অভিযোগ উঠিছে।
এই অভিযোগৰ পিছতে অভিনেতা প্ৰকাশ ৰাজে এটা ভিডিঅ’ যোগে এক বক্তব্য আগবঢ়ায়। ইয়াত তেওঁ দাবী কৰিছিল যে ২০১৬ চনত তেওঁ এটা গেমিং এপৰ প্ৰচাৰৰ বাবে চুক্তিবদ্ধ হৈছিল। কিন্তু ২০১৭ চনত ইয়াক নবীকৰণ কৰা নহ’ল। পিছলৈ ২০২১ চনত এই ব্ৰেণ্ডটো আন এটা কোম্পানীলৈ স্থানান্তৰ কৰা হয়। তেওঁৰ পুৰণি প্ৰচাৰমূলক ভিডিঅ’টো অনুমতি অবিহনে ব্যৱহাৰ কৰা হৈছিল। তেওঁ এই বিষয়ত আপত্তি কৰাৰ পিছত তেওঁলোকে সেই বিষয়টো আঁতৰাই পেলায়। লগতে তেওঁ নৱ প্ৰজন্মক জুৱাৰ আসক্তিৰ পৰা আঁতৰি থাকিবলৈ বাৰ্তা প্ৰদান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















