হিমাচলত বৰষুণৰ তাণ্ডৱ, এতিয়ালৈ ৯০ জনে হেৰুৱালে প্ৰাণ, ১২৬ আহত, সন্ধান নাই বহুজনৰ
পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱৰ অন্ত নপৰা হৈছে। বৰষুণ, মেঘ বিস্ফোৰণ সকলো মিলি কাল সংহাৰী ৰূপ ধাৰণ কৰিছে হিমাচলত। যাৰ ফত এতিয়ালৈ প্ৰাণ হেৰুৱাইছে ৯০ গৰাকী লোকে। ইয়াৰ বাহিৰে ১২৯ গৰাকী লোক কম-বেছি পৰিমানে আহত।
আনহাতে এতিয়াও সন্ধানহীন হৈ আছে বহু লোক। ভূমিস্খলনৰ বাবে বহু ৰাস্তা এতিয়াও বন্ধ। হাজাৰ হাজাৰ লোক আশ্ৰয় শিবিৰত শৰণাপন্ন। ৰাজ্যখনত ডাৱৰ বিস্ফোৰণৰ লগতে হঠাতে অহা বৰষুণে এইদৰে তাণ্ডৱ চলাইছে।
ৰাজ্যখনৰ মাণ্ডি জিলাত সৰ্বাধিক ক্ষতিৰ সন্মুখিন হৈছে। সৰ্বমুঠ প্ৰায় ৪০০ কোটিৰ ঘৰত ক্ষতি হৈছে ৰাজ্যখনত। বতৰ বিজ্ঞানীয়ে বৰ্তমানেও ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে ,লগতে সকলোকে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















