হোটেলৰ বন্ধ কোঠাত ৪ পুৰুষ বন্ধুৰ সৈতে ফ্ৰেইণ্ডশ্বিপ ডে উদযাপন কৰিছিল বোৱাৰীয়েকে৷ আৰক্ষীক সেই খবৰ জনাইছে শহুৰেকে৷ সেই খবৰ লাভ কৰিয়েই হোটেলত উপস্থিত হয় আৰক্ষীৰ লোক৷ আৰক্ষীয়ে বোৱাৰীসহিতে ৪ পুৰুষক লগে লগেই গ্ৰেপ্তাৰো কৰিছে৷ বোৱাৰীয়েকৰ ওপৰিও অইন দুগৰাকী যুৱতীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ কিন্তু হোটেলৰ বন্ধ কোঠাত ঘটিছিল কি?

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে সুৰাৰ বটল, গ্লাছকে ধৰি নিচাযুক্ত দ্ৰৱ৷ আটাইকেইগৰাকীকে অসংযত অৱস্থাত পোৱা বুলিও জনাইছে আৰক্ষীয়ে৷ জনা গৈছে যে ধৃত দুই তৰুণীৰ বয়স ২৩ৰ পৰা ২৫ বছৰৰ ভিতৰত৷ অন্যহাতে তেওঁলোকৰ সৈতে থকা চাৰি পুৰুষেই পেছাত ব্যৱসায়ী৷ ঘটনাটো ঘটিছে গুজৰাটৰ চুৰাটত৷ গুজৰাটত যিহেতু মদ্যপান কঠোৰভাৱে নিষিদ্ধ তেনেস্থলত হোটেলৰ কোঠাত কৰ পৰা কেনেকৈ সুৰাৰ আগমন ঘটিল৷ মদ্যপান কৰাৰ অপৰাধতেই লগে লগে গ্ৰেপ্তাৰ হৈছে ৬গৰাকীয়েই৷

দ্যা টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ধৃত এগৰাকী যুৱতীৰ শহুৰেকে চুৰাট আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন কৰিছিল৷ তেওঁ আৰক্ষীক জনাইছিল যে উইকেণ্ড ডেষ্টিনেশ্ব্যন হোটেলৰ ৪৪৩ নম্বৰ কোঠাত তেওঁৰ পুত্ৰবধূৱে বন্ধুক লৈ সুৰাৰ পাৰ্টী কৰিছে৷ এই খবৰ লাভ কৰি হোটেলৰ নিৰ্দিষ্ট ৰুমত উপস্থিত হয় আৰক্ষী৷ লগে লগেই ৬গৰাকীক আটক কৰে৷ আটক কৰাৰ পাছতেই সুৰাৰ বটল ৰুমত লাভ কৰাৰ ওপৰিও আটাইকেইগৰাকী সুৰাৰ নিচাত থকাৰ বাবে গ্ৰেপ্তাৰো কৰে আৰক্ষীয়ে৷ আটাইকেইগৰাকীকে মেডিকেল পৰীক্ষাৰ বাবে পোনে পোনে হাস্পতাললৈ লৈ যায় আৰক্ষীয়ে৷ সেই পৰীক্ষাত তেওঁলোকৰ আটাইকেইগৰাকীয়ে তেজত সুৰাৰ উপস্থিতি ধৰা পৰিছে৷

আৰক্ষী সূত্ৰই জনাইছে যে যিগৰাকী শহুৰেকে ফোন কৰিছিল তেওঁৰ পুত্ৰবধুৰ কিছুদিন ধৰি দাম্পত্যত কলহ চলিছিল৷ সেয়ে পুত্ৰবধুক শিক্ষা দিবৰ বাবে আৰক্ষীলৈ ফোন কৰিছিল শহুৰেকে৷ আৰক্ষীয়ে জনাইছে যে নিজৰ পুত্ৰবধূক তেওঁ গোপনে নিৰীক্ষণ কৰি আছিল৷ কত কেনেকৈ পাৰ্টি কৰে সেই খবৰো ৰাখিছিল শহুৰেকে৷ অৱশেষত তেওঁ আৰক্ষীক খবৰ দি বোৱাৰীয়েকৰ সকলো তথ্য সন্মুখলৈ আনিছে৷