বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি ছেপ্টেম্বৰ মাহত বিশেষ তাৎপৰ্যপূৰ্ণ হব৷ কাৰণ এই মাহত একাধিক গুৰুত্বপূৰ্ণ গ্ৰহৰ ৰাশিচক্ৰৰ পৰিবৰ্তন ঘটিব৷ ছেপ্টেম্বৰত অন্যান্য গ্ৰহ, নক্ষত্ৰসহ বহু গ্ৰহৰ অৱস্থান পৰিবৰ্তন আহিব৷ এই মাহত সূৰ্য, মঙ্গল, বুধ আৰু শুক্ৰ গ্ৰহৰ গোচৰ হব৷ ইয়াৰোপৰি এই মাহতেই আৰম্ভ হব পিতৃপক্ষ৷ ৭ ছেপ্টেম্বৰ চন্দ্ৰগ্ৰহণ আৰু ২১ ছেপ্টেম্বৰ ২০২৫ চনত দ্বিতীয় আৰু শেষ সূৰ্যগ্ৰহণ ঘটিব৷ ১২ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব৷ কিছু ৰাশিৰ বাবে এই সময়ত বিশেষ পৰিবৰ্তন আহিব৷ জানি থওক এই ৰাশিসমূহৰ মাজত লাকী ৰাশি কি কি?
জ্যোতিষীৰ হিচাপ অনুসৰি ছেপ্টেম্বৰ মাহত সূৰ্য, মঙ্গল, বুধ আৰু শুক্ৰ গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব৷ মঙ্গলে ১৩ ছেপ্টেম্বৰৰ নিশা ৯.২২ মিনিটত তুলা ৰাশিত প্ৰৱেশ কৰিব৷ ২৩ ছেপ্টেম্বৰত স্বৰাশিত আৰু ১৩ অক্টোবৰত বিশাখা নক্ষত্ৰত গমন কৰিব৷ বুধে ১৫ ছেপ্টেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্যই ১৭ ছেপ্টেম্বৰত সিংহ ৰাশিৰ এৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ শুক্ৰই ১৫ ছেপ্টেম্বৰত কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ এই গ্ৰহ পৰিবৰ্তনৰ প্ৰভাৱ জাতক জাতিকাৰ ওপৰত ইতিবাচক আৰু নেতিবাচক উভয়ভাৱেই পৰিব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰ মাহ বিশেষ শুভ হব৷ এই মাহত সম্পৰ্কৰ ক্ষেত্ৰত উন্নতি হব আৰু মানসিক শান্তি উভতি আহিব৷ যিসকলে নতুনকৈ কোনো কৰ্মজীৱন আৰু ব্যৱসায় আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ বাবেও এই সময় সাফল্যময় হব৷ চাকৰিপ্ৰাৰ্থীসকলৰ বাবে সুখবৰ আহিব পাৰে আৰু ডাঙৰ কোনো চুক্তি বা সুযোগ হাতলৈ অহাৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰ মাহ একেবাৰেই অনুকূল হব৷ এই সময়ত সকলো দুশ্চিন্তা দূৰ হব৷ সন্তানৰ স্বাস্থ্যৰ উন্নতি ঘটিব৷ ব্যৱসায় আৰু যিকোনো পেছাত বৃদ্ধি হব আৰু বাণিজ্য সম্প্ৰসাৰণৰ পৰিকল্পনা সফলভাৱে বাস্তবায়িত হব৷ ভাগ্যৰ পূৰ্ণ সহায়তা পাব আৰু বহুদিনৰ ইচ্ছাপূৰণ হব৷ সম্পত্তিত বিনিয়োগ কৰিলে সেয়া অত্যন্ত লাভজনক হব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবেও এই মাহত ইতিবাচক খবৰ আহিব৷ ব্যৱসায়ত উন্নতি হব, মানসিক শান্তি আৰু আনন্দ বৃদ্ধি পাব৷ ধৰ্মীয় আৰু আধ্যাত্মিক কামত আগ্ৰহ বাঢ়িব৷ দীৰ্ঘদিন ৰৈ থকা অৰ্থ এইসময় লাভ কৰাৰ সম্ভাৱনা আছে৷ আদালত সংক্ৰান্তিয় বিষয়ত সাফল্য আহিব৷ জীৱনৰ নানান জটিলতা আৰু সমস্যাৰ অৱসান হব৷
ধনু ৰাশি
ছেপ্টেম্বৰ মাহ পৰীক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত বিশেষভাৱে শুভ৷ পৰীক্ষাৰ ফলাফল বা প্ৰতিযোগিতাত ভাল খবৰ লাভ কৰিব পাৰে৷ আয়ৰ নতুন উৎস তৈয়াৰ হব, ইয়াৰোপৰি নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা থাকিব৷ এই মাহতেই ডাঙৰ কোনো সুসংবাদ বা আনন্দদায়ক ঘটনা ঘটিব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰ প্ৰেমজীৱনৰ দিশৰ পৰা বিশেষভাৱে শুভ হব৷ কৰ্মজীৱনত অগ্ৰগতি আহিব৷ ব্যৱসায়ত সাফল্য লাভ কৰিব আৰু স্বাস্থ্যজনিত জটিলতাৰ পৰাও মুক্তি পাব৷ বিনিয়োগ কৰাৰ বাবে এই সময় অত্যন্ত অনুকূল সময়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















