গৰম কিংবা শৰীৰচৰ্চাৰ সময়ত ঘাম ওলোৱাটো অত্যন্ত স্বাভাৱিক বিষয়৷ কিন্তু মন কৰিব যে সকলোৱে কিন্তু সমানে নাঘামে৷ কিছুসংখ্যকে অতিৰিক্ত পৰিমাণে ঘামে৷ সামান্য পৰিশ্ৰমতেই অতিৰিক্ত ঘাম ওলায়৷ ফলত তেওঁলোক অলপতেই ক্লান্ত হৈ পৰে৷ ঘামৰ সমস্যাৰ সমাধানৰ বাবে নানান উপায় অৱলম্বন কৰিলেও বহু সময়ত অস্বস্তিতো ভূগে৷ অতিৰিক্ত ঘামক আপুনি পাতলকৈ নল’ব৷ ই ৰোগৰ ইংগিত বহন কৰে৷ কি ভিটামিনৰ অভাৱত এই সমস্যা হ’ব পাৰে?
নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ প্ৰতিবেদন অনুসৰি শৰীৰত ভিটামিন বি-১২ৰ অভাৱত অতিৰিক্ত ঘাম ওলাব পাৰে৷ এই বিশেষ ভিটামিনৰ ঘাটিৰ কাৰণে বিশেষকৈ নিশা বেছিকৈ ঘাম ওলায়৷ প্ৰকৃততে ভিটামিন বি-১২ৰ অভাৱৰ কাৰণে স্নায়ুতন্ত্ৰই ঠিকমতে কাম কৰিব নোৱাৰে৷ যিহেতু স্নায়ুতন্ত্ৰই আমাৰ হৃদস্পন্দন, ৰক্তচাপ আৰু ঘৰ্ম গ্ৰন্থিৰ দৰে শৰীৰৰ বিভিন্ন কাম নিয়ন্ত্ৰণ কৰে সেয়ে স্নায়ুতন্ত্ৰই সঠিকভাৱে কাম কৰিব নোৱাৰিলে অতিৰিক্ত ঘাম ওলায়৷
চিকিৎসকৰ মতে ভিটামিন বি১ (থায়ামিন), বি-৬ আৰু বি-১২য়ে স্নায়ুতন্ত্ৰ আৰু দেহৰ শক্তি উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰ ঘাটি হলে স্নায়ুৰ ওপৰত প্ৰভাৱ পৰে আৰু হাতৰ তলুৱা বা ভৰিৰ পতাত অস্বাভাৱিক ঘাম ওলাব পাৰে৷ কেৱল সেয়াই নহয়, বি ভিটামিনৰ অভাৱত হাত ভৰি ঝিনঝিন কৰা, দুৰ্বলতা বা মনোযোগৰ ঘাটিও দেখা দিব পাৰে৷ ইয়াৰোপৰি ভিটামিন বি ১২ৰ অভাৱত শৰীৰত লোহিত ৰক্তকণিকা কমাই দিয়ে, যি ৰক্তাল্পতাৰ দৰে অৱস্থাৰ সৃষ্টি কৰিব পাৰে৷ ৰক্তাল্পতা হলে শৰীৰত অক্সিজেন সৰবৰাহৰ বাবে আৰু বেছি পৰিশ্ৰম কৰে আৰু এই প্ৰক্ৰিয়াত শৰীৰত ঘামৰ মাধ্যমেৰে প্ৰতিক্ৰিয়া দেখুৱাই৷ এই পৰিস্থিতিত যদি হঠাৎ ঘাম আৰম্ভ হয়, বিশেষকৈ নিশা ঘাম ওলায়, অৱশ্যেই ভিটামিন বি ১২পৰীক্ষা কৰি উচিত৷
কাৰ কাৰ ভিটামিন বি ১২ৰ অভাৱ বেছি হয়?
সাধাৰণতে নিৰামিষভোজীসকলৰ শৰীৰত ভিটামিন বি-১২ৰ অভাৱ বেছিকৈ দেখা যায়৷ কাৰণ এই ভিটামিন বেছিভাগেই আমিষ খাদ্যৰ পৰা পোৱা যায়৷ ইয়াৰোপৰি বয়সৰ সৈতে ভিটামিন শোষণৰ ক্ষমতা কমি যোৱা ৫০ বছৰতকৈ বেছি বয়সীয়াসকলৰ মাজত এই ভিটামিন কমিব পাৰে৷ আকৌ হজমৰ সমস্যা যেনে গেষ্ট্ৰিক বা অন্ত্ৰৰ ৰোগ হলেও শৰীৰত ভিটামিন বি১২ কম থাকিব পাৰে৷ যিসকলে দীৰ্ঘদিন ধৰি এছিড বিৰোধী বা শৰ্কৰা নিয়ন্ত্ৰণৰ ঔষধ খাইছে তেওঁলোকৰ শৰীৰত ভিটামিন বি১২ সঠিকভাৱে তৈয়াৰ নহয়৷
ইয়াৰোপৰি গৱেষণাত দেখা গৈছে, ভিটামিন ডিৰ ঘাটি থাকিলে মূৰ বা কঁপালত অস্বাভাৱিক ঘাম ওলাব পাৰে৷ মেগনেছিয়ামৰ অভাৱতেই ঘাম বাঢ়ে৷ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণৰ বাবে মেগনেছিয়াম অপৰিহাৰ্য৷ এই খনিজৰ ঘাটি হলে শৰীৰত স্বাভাৱিক তাপমাত্ৰা ধৰি ৰাখিব নোৱাৰি, ফলত অতিৰিক্ত ঘাম ওলায়৷ গৱেষণাত দেখা গৈছে যিসমূহ ৰোগীৰ দীৰ্ঘদিন ধৰি অতিৰিক্ত ঘাম ওলোৱাৰ সমস্যা আছে তেওঁলোকৰ শৰীৰত ভিটামিন ডি আৰু মেগনেছিয়ামৰ মাত্ৰা স্বাভাৱিকৰ তুলনাত বহু কম থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















