নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথ খানেলৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকৰৰ মৃত্যু৷ গণবিক্ষোভৰ সময়ত তেওঁৰ ঘৰত জুই লগাই দিয়া হয়৷ ভিতৰত আৱদ্ধ হৈ পৰিছিল ৰাজ্যলক্ষ্মী৷ তাৰপিছতেই তেওঁক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱা হয়৷ কিন্তু তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগল৷ নেপালৰ স্থানীয় সংবাদমাধ্যমসমূহে এই খবৰ প্ৰকাশ কৰিছে৷
গণবিদ্ৰোহৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দিবলৈ বাধ্য হৈছে কে পি শৰ্মা অলিয়ে৷ তেওঁৰ ব্যক্তিগত বাসভৱনতো জুই লগাই দিয়া হৈছে৷ ইয়াৰ পাছতেই এটাৰ পাছত এটাকৈ একাধিক বৰ্তমান আৰু প্ৰাক্তন মন্ত্ৰীৰ ঘৰত জুই লগাই দিছে উত্তেজিত জনতাই৷ দেশৰ বিত্তমন্ত্ৰীকো ৰাস্তাতেই অপমান কৰা হৈছে৷ ৰেহাই পোৱা নাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথ আৰু তেওঁৰ পৰিয়ালেও৷ ৰাজধানী কাঠমাণ্ডুৰ ডাল্লু এলেকাত থকা তেওঁলোকৰ ঘৰতো জুই লগাই দিছে প্ৰতিবাদকাৰীয়ে৷
জুই লগাই দিয়াৰ সময়ত ঘৰত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নী ৰাজ্যলক্ষ্মী৷ কোনো কোনো সূত্ৰৰ দাবী যে তেওঁক ভিতৰত আৱদ্ধ কৰি জুই লগাই দিয়া হৈছে৷ পাছত তেওঁক অৰ্ধজ্বলিত অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়৷ তাতেই তেওঁ মৃত্যুক সাবটি লৈছে৷ সামাজিক মাধ্যমতো ৰাজ্যলক্ষ্মীৰ দেহৰ এখন ছবি ভাইৰেল হৈছে৷ সেই ছবিত তেওঁৰ শৰীৰৰ অধিকাংশই অস্পষ্ট৷ এই ছবি কিমান সত্য সেই বিষয়ে স্পষ্ট নহয় অসম লাইভ ২৪য়ো৷ ঝালানাথ নেপালৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য৷ ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ নেপালৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল৷ সেই পদত তেওঁ আছিল এই বছৰৰ আগষ্ট মাহ পৰ্যন্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















