চন্দ্ৰগ্ৰহণৰ পাছত এইবাৰ সূৰ্যগ্ৰহণ৷ আগন্তুক ২১ ছেপ্টেম্বৰত সমগ্ৰ বিশ্ব সাক্ষী থাকিব বছৰৰ শেষ সূৰ্যগ্ৰহণৰ৷ ই পূৰ্ণগ্ৰাস নহয়, মহালয়াৰ দিনাই হ’ব খণ্ডগ্ৰাস সূৰ্যগ্ৰহণ৷ ২১ ছেপ্টেম্বৰ সৰ্বপিতৃ অমাবস্যাৰ দিনা সূৰ্য গ্ৰহণ হব৷ জ্যোতিষ শাস্ত্ৰত সূৰ্য গ্ৰহণত অশুভ বুলি ধাৰণা কৰা হয়৷ জ্যোতিষ অনুসৰি সূৰ্য গ্ৰহণ প্ৰতিজন ব্যক্তিৰ জীৱনত কিবা নহয় কিবা ছাপ পেলাব৷ কোন কোন ৰাশিৰ বাবে এই গ্ৰহণ শুভ? আকৌ কাৰ কাৰ জীৱনলৈ অমঙ্গল নামি আহিব পাৰে? এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা যাব নে? ভাৰতত সূতক কাল মনা হ’বনে?
সূৰ্যগ্ৰহণৰ সময় আৰু সূতক কাল
ভাৰতীয় সময় অনুসৰি ২১ ছেপ্টেম্বৰ অৰ্থাৎ মহালয়াৰ দিনা নিশা ১১ বজাৰ পৰা ২২ ছেপ্টেম্বৰৰ নিশা ৩ বাজি ১২৮ মিনিট পৰ্যন্ত এই সূৰ্যগ্ৰহণ চলিব৷ ই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ নহয়৷ নিউজিলেণ্ড, অষ্ট্ৰেলিয়াৰ কিছু অংশ, এণ্টাৰ্কটিকাত এই গ্ৰহণ দেখা যাব৷ ভাৰতৰ পৰা সূৰ্যগ্ৰহণ দৃশ্যমান নহয়৷ ফলত ইয়াৰ সূতক কালো মনা নহয়৷
সূৰ্যগ্ৰহণত কি কি ৰাশি সতৰ্ক থাকিব লাগে?
জ্যোতিষ গণনা অনুসৰি মিথুন ৰাশিৰ জাতকে এই সময়ত আৰ্থিক ক্ষেত্ৰত ভাৱিচিন্তি পদক্ষেপ লোৱা উচিত৷ ইয়াৰোপৰি আৰ্থিক ক্ষেত্ৰত যিকোনো বিনিয়োগক লৈ সতৰ্ক থকা উচিত৷ লগ্নিৰ পূৰ্বে ভালকৈ ভাৱি সিদ্ধান্ত গ্ৰহণ কৰক৷ ধৈৰ্য ধৰি যিকোনো কাম কৰা উচিত৷
ধনু ৰাশিৰ জাতকে এই সময়ত অৱসাদ, বিভ্ৰান্তি আৰু চেলেঞ্জৰ মোকাবিলা কৰিব লাগিব৷ গ্ৰহণৰ প্ৰভাৱ কমকৈ পৰাৰ বাবে তেওঁলোকে এই সময়ত দান কৰা উচিত৷
জ্যোতিষ গণনা অনুসৰি বৃষ, সিংহ, তুলা আৰু কুম্ভ ৰাশিৰ বাবে এই গ্ৰহণ অত্যন্ত শুভ৷ এই ৰাশিৰ জাতকে লগ্নি ক্ষেত্ৰত বিশেষ মনোনিবেশ কৰিব লাগে৷ পূৰ্বৰে পৰা কোনো প্ৰকল্পৰ কাম কৰিলে এইবাৰ সফল ন’হবও পাৰে৷ চিংগল জাতকৰ বিবাহৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















