বৈদিক জ্যোতিষ অনুসৰি শুক্ৰ হৈছে সুখ, সমৃদ্ধি, সৌন্দৰ্য, বিলাসিতা আৰু প্ৰেমৰ কাৰক গ্ৰহ৷ ১৪ ছেপ্টেম্বৰৰ পৰা সিংহ ৰাশিত অৱস্থান কৰিছে শুক্ৰই৷ সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সূৰ্যৰ ঘৰত শুক্ৰৰ অৱস্থান অত্যন্ত লাভজনক হব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ জানি থওক জ্যোতিষ গণনা অনুসৰি সিংহ ৰাশিত শুক্ৰৰ গোচৰৰ ফলত পূজাৰ পূৰ্বে প্ৰচুৰ লাভ হ’ব কেইটামান ৰাশিৰ জাতকৰ৷
মিথুন ৰাশি
শুক্ৰৰ গোচৰৰ প্ৰভাৱত লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷ কোনো সুখবৰো পাব পাৰে৷ সন্তান সম্পৰ্কে মনত কোনো দুশ্চিন্তা থাকিলে এইবাৰ দূৰ হ’ব৷ ছাত্ৰ ছাত্ৰীসকলে উচ্চশিক্ষাৰ বাবে বিদেশলৈ যাত্ৰা কৰিব পাৰে৷ বিবাহিত দম্পত্তিসকলৰ সন্তান লাভৰ ইচ্ছা পূৰণ হব পাৰে৷ প্ৰেম জীৱন খুবেই ভাল হ’ব৷
সিংহ ৰাশি
সিংহৰ ঘৰত প্ৰৱেশ কৰিব শুক্ৰই৷ ফলত এই সময়ত আৰ্থিক পৰিস্থিতিত বহু উন্নতি হ’ব সিংহ ৰাশিৰ জাতকৰ৷ উত্তৰাধিকাৰ সূত্ৰ প্ৰাপ্ত সম্পত্তিক লৈ যদি দীৰ্ঘদিন ধৰি সমস্যা চলে, এইবাৰ সেয়া দূৰ হব৷ আদালতত কোনো গোচৰ চলিলে তাৰ ৰায় আপোনাৰ পক্ষলৈ আহিব৷ বিনিয়োগৰ বাবে এই সময় ভাল৷
তুলা ৰাশি
শুক্ৰৰ গোচৰৰ প্ৰভাৱত পূজাৰ পূৰ্বে ভাল সময় কটাব তুলা ৰাশিৰ জাতকে৷ প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব আপোনাৰ৷ আপোনাৰ নীতি আদৰ্শবোধ উন্নত হব৷ সকলো কাম মন দি কৰিব৷ নতুন কাম আৰম্ভ কৰিব পাৰে৷ পৰিশ্ৰম কৰিলে তাৰ সম্পূৰ্ণ সুফল পাব৷ পিতৃৰ পৰা আৰ্থিক সুবিধা পাব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে দূৰ্গাপুজাৰ পূৰ্বে নানান দিশৰ পৰা উন্নতি কৰিব৷ চাকৰিত পদোন্নতি লাভৰ যোগ আছে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হব মকৰ ৰাশিৰ জাতক৷ এই সময়ত বিদেশ যাত্ৰা কৰিব পাৰে৷ বিবাহিতসকলে শহুৰৰ তৰফৰ পৰা আৰ্থিক লাভ পাব পাৰে৷ ব্যৱসায়ীয়ে বৃহৎ চুক্তি সাক্ষৰ কৰিব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ সৌভাগ্যৰ ঘৰ লাভজনক হব৷ এই সময়ত সকলো কামতেই সৌভাগ্য আপোনাৰ সৈতে থাকিব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ তীৰ্থস্থানলৈ যাব পাৰে৷ চাকৰিয়াল আৰু ব্যৱসায়ীয়ে কম পৰিশ্ৰম কৰিও বেছিকৈ লাভ পাব৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















