ৰুখছানা নামৰ এগৰাকী ২৭ বছৰীয়া মহিলাৰ মুম্বাইত ৰহস্যজনক পৰিস্থিতিত মৃ*তদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰায় তিনি সপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ মৃ*তদেহ মুম্বাইৰ বান্দ্ৰা অঞ্চলত জাবৰৰ দ’মত উদ্ধাৰ হয়। এই ঘটনাৰ পিছতে ৰুখছানাৰ পৰিয়ালত শোকৰ ছাঁ পৰিছে। স্বামী আৰু তিনিটা সন্তানক এৰি প্ৰেমিক মহম্মদ চাকিব ছিদ্দিকীৰ সৈতে মুম্বাইলৈ যোৱা ৰুখছানাৰ মৃ*ত্যুক লৈ কেইবাটাও প্ৰশ্নৰ উত্থাপন হৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰি মুম্বাই আৰক্ষীয়ে হ*ত্যাৰ গোচৰ ৰুজু কৰিছে। ইতিমধ্যে ৰুখছানাৰ প্ৰেমিক চাকিব, তেওঁৰ প্ৰথম পত্নী শ্বাহৰিন আৰু পৰিয়ালৰ আন সদস্যসকলক সোধা-পোছা কৰা হৈছে। উত্তৰপ্ৰদেশৰ বিজনৌৰৰ ৰেহাদ অঞ্চলৰ চদকপুৰ গাঁৱৰ বাসিন্দা ৰুখছানা।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় পাঁচ বছৰ পূৰ্বে মুৰাদাবাদৰ কান্থ অঞ্চলৰ বাসিন্দা নৈয়মৰ সৈতে ৰুখছানাই বিৱাহপাশত আৱদ্ধ হৈছিল। ইতিমধ্যে ৰুখছানাৰ দুটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল। অভিযোগ অনুসৰি, বিৱাহৰ পিছত ৰুখছানাৰ সৈতে তেওঁৰ গাঁৱৰে বাসিন্দা মহম্মদ চাকিব ছিদ্দিকীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। চাকিব মুম্বাইত অটোৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰিছিল।
সময়ৰ লগে লগে দুয়োৰে মাজৰ ঘনিষ্ঠতা বৃদ্ধি পায়। অৱশেষত ৰুখছানাই স্বামী আৰু তিনিটা সন্তানক এৰি চাকিবৰ সৈতে মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত লয়। খবৰ অনুসৰি, ৯ জুলাইত তেওঁ চাকিবৰ সৈতে মুম্বাইলৈ যায় আৰু তাত দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰে।
একেলগে আছিল চাকিব, পত্নী আৰু প্ৰেমিকা ৰুখছানা
মুম্বাইলৈ যোৱাৰ পিছত চাকিব আৰু ৰুখছানাই চান্টাক্ৰুজ অঞ্চলৰ এটা ভাড়াঘৰত থাকিবলৈ লয়। কিন্তু তেওঁলোকৰ সম্পৰ্কৰ মাজত আন এক জটিলতা দেখা দিয়ে। কিয়নো চাকিবৰ ইতিমধ্যে শ্বাহৰিন নামৰ এগৰাকী পত্নী আছিল। শ্বাহৰিনৰ ঘৰো উত্তৰ প্ৰদেশৰ বিজনৌৰৰ নাহতৌৰ অঞ্চলত। জানিব পৰা মতে, শ্বাহৰিনেও চাকিবৰ সৈতে মুম্বাইত থাকিবলৈ লয়। ফলত একেটা ঘৰতে চাকিব, তেওঁৰ প্ৰথম পত্নী আৰু ৰুখছানা একেলগে থাকিবলগীয়া হয়।
এই পৰিস্থিতিক কেন্দ্ৰ কৰি ঘৰখনত প্ৰায়ে সংঘাতৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। ইফালে শ্বাহৰিনে তেওঁৰ পিতৃ ছৰ্তাজ, ভাতৃ সমীৰ আৰু মাতৃ ফাৰ্জানাকো বিজনৌৰৰ পৰা মুম্বাইলৈ মাতি আনিছিল বুলি খবৰ প্ৰকাশ পাইছে।
হঠাৎ নিৰুদ্দেশ হৈছিল ৰুখছানা!
চাকিবৰ ভাষ্য অনুসৰি, ২৭ ছেপ্টেম্বৰত তেওঁ প্ৰতিদিনৰ দৰে অটোৰিক্সা চলাবলৈ ঘৰৰ পৰা ওলাই গৈছিল। সন্ধিয়া কাম শেষ কৰি ঘৰলৈ উভতি অহাৰ পিছত তেওঁ ৰুখছানাক কোঠাত দেখা নাপায়। ইয়াৰ পিছতে চাকিবে ৰুখছানাক বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু বহু বিচাৰ-খোঁচাৰ কৰাৰ পিছতো তেওঁৰ কোনো সন্ধান লাভ কৰিব নোৱাৰিলে। চাকিবে অভিযোগ কৰে যে তেওঁৰ প্ৰথম পত্নী শ্বাহৰিন আৰু পৰিয়ালৰ আন সদস্যসকলে ৰুখছানাৰ নিৰুদ্দেশৰ ঘটনাৰ সৈতে জড়িত থাকিব পাৰে।
বান্দ্ৰাত জাবৰৰ দ’মত উদ্ধাৰ মৃ*তদেহ
ৰুখছানা নিৰুদ্দেশ হোৱাৰ প্ৰায় ২০ দিনৰ পিছত, ১৮ অক্টোবৰত মুম্বাইৰ বান্দ্ৰা অঞ্চলত তেওঁৰ মৃ*তদেহ উদ্ধাৰ হয়। উঁৱলি যোৱা মৃ*তদেহটো প্ৰথম অৱস্থাত চিনাক্ত কৰাটো কঠিন আছিল। পিছত তদন্তৰ সময়ত মৃ*তদেহটো ৰুখছানাৰ বুলি চিনাক্ত কৰা হয়। মৃ*তদেহ উদ্ধাৰৰ পিছতে মহিলাগৰাকীৰ মৃ*ত্যুক লৈ সন্দেহৰ সৃষ্টি হয়। ঘটনাটোৰ গুৰুত্ব বিবেচনা কৰি আৰক্ষীয়ে হ*ত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। অৱশ্যে ৰুখছানাৰ মৃ*ত্যুৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ আঁৰত কোন জড়িত আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















