ৰাষ্ট্ৰীয় মৰ্যাদাৰে হ’ব জুবিন গাৰ্গৰ শেষকৃত্য৷
মঙলবাৰে পুৱা ৭.৩০ৰ পৰা ৮ বজাৰ ভিতৰত হ’ব সোণাপুৰ অভিমুখী যাত্ৰা৷
পৰিয়াল আৰু একেবাৰে ঘনিষ্ঠসকলহে থাকিব এই যাত্ৰাত৷
টোপধ্বনিৰে দিয়া হ’ব জুবিন গাৰ্গক অন্তিম বিদায়৷
সৰুসজাইৰ পৰা সোণাপুৰলৈ এই যাত্ৰাত জুবিন গাৰ্গৰ সৈতে এম্বুলেন্সত থাকিব পত্নী গৰিমা৷
পৰিয়ালৰ অন্যান্য সদস্যসকল আৰু ঘনিষ্ঠসকলৰ বাবে থাকিব এখন বাছ৷
মাত্ৰ দুখন বাহনহে থাকিব এই যাত্ৰাত৷
সোণাপুৰৰ সমান্তৰালকৈ যোৰহাটতো হ’ব জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ৷
জুবিনৰ চিতাভস্ম লৈ যোৱা হ’ব যোৰহাটলৈকো৷
আজি সৰুসজাইত শেষ শ্ৰদ্ধা জনাব পাৰিব জুবিনক৷
কাইলৈ জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ লাইভ সম্প্ৰচাৰো কৰা হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















