কাইলৈ ১২ অক্টোবৰ দেওবাৰে নিশা ২ বাজি ২৪ মিনিটত ৰাশি পৰিবৰ্তন কৰিব চন্দ্ৰই৷ বৃষ ৰাশি এৰি এই সময়ত মিথুন ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷ তাতেই পূৰ্বৰে পৰা অৱস্থান কৰিছে গুৰুগ্ৰহ বৃহস্পতিয়ে৷ পুৰাণ অনুসৰি বৃহস্পতি দেৱতাসকলৰ আচাৰ্য৷ এই গ্ৰহক গুৰুগ্ৰহ বা দেৱাচাৰ্য বুলি কোৱা হয়৷ মিথুন ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ মিলনত গঠিত হৈছে গজকেশৰী ৰাজযোগ৷
গজকেশৰী ৰাজযোগ জ্যোতিষ অনুসৰি অত্যন্ত শক্তিশালী আৰু কাৰ্যকৰ এক ৰাজযোগ৷ ইয়াৰ প্ৰভাৱে তিনি ৰাশিৰ জাতকক নানান দিশৰ পৰা লাভৱান হ’ব৷ এই দিশত যিমান জ্ঞান আৰু বুদ্ধি বাঢ়িব তেনেকৈ সম্পদ লাভ কৰাৰো সুযোগ আহিব পাৰে৷ এই ৰাজযোগৰ প্ৰভাৱত মানসিক শান্তিও লাভ কৰিব৷ জানি থওক গজকেশৰী ৰাজযোগত ভাগ্য খুলিব কোন কোন ৰাশিৰ?
মিথুন ৰাশি
গজকেশৰী ৰাজযোগত উল্লেখযোগ্যভাৱে লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷ পূৰ্বে কৰা কামৰ সুফল লাভ কৰিব৷ সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷ যি কাম কৰিব সেয়া ঠিকমতে কৰক, অসম্পূৰ্ণকৈ কোনো কাম নেৰিব৷ মানসিক শান্তি থাকিব আৰু আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে গজকেশৰী ৰাজযোগে জীৱনত নানান পৰিবৰ্তন আহিব৷ বিলাসিতাৰ মাজত দিন কটাব৷ মনত আনন্দ আৰু শান্তি থাকিব৷ মন স্থিৰ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ পুৰণি বন্ধুৰ সৈতে আকৌ যোগাযোগ গঢ়ি উঠিব৷ উপাৰ্জন বাঢ়িব আৰু কেৰিয়াৰত সাফল্য পাব৷ সমাজত আপোনাৰ মান মৰ্যাদা বাঢ়িব৷
মকৰ ৰাশি
গজকেশৰী ৰাজযোগৰ প্ৰভাৱত চৰকাৰী চাকৰি পাব পাৰে মকৰ ৰাশিৰ জাতকে৷ ব্যৱসায়ত উল্লেখযোগ্য মুনাফা হব পাৰে৷ আয় বঢ়াত আৰ্থিক সমস্যাৰ পৰা বাহিৰলৈ ওলাই আহিব মকৰ ৰাশিৰ জাতক৷ পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটাব৷ বাহিৰলৈ যোৱাৰ সম্ভাৱনা আছে৷ যিসকল চিংগল তেওঁলোকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















