বাক্সাৰ ভয়ংকৰ ঘটনাৰ পাছতেই ইণ্টাৰনেট সেৱা বন্ধ৷
পৰবৰ্তী নিৰ্দেশনা নহালৈকে বন্ধ থাকিব ইণ্টাৰনেট৷
সমগ্ৰ বাক্সা জিলাতেই কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা৷
বাক্সাৰ জিলা কাৰাগাৰৰ অতিথি গৈছে জুবিন গাৰ্গৰ হত্যাৰ ৫ অভিযুক্ত৷
তাৰপিছতেই উত্তপ্ত হৈ পৰিছে বাক্সাৰ পৰিস্থিতি৷
হাজাৰ হাজাৰ লোকে বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে৷
সকলোৰে এটাই দাবী, আটাইকেইটা অভিযুক্তক ৰাইজৰ হাতত তুলি দিব লাগে৷
সমগ্ৰ বাক্সাত 163 ধাৰাও জাৰি কৰা হৈছে৷
মুছলপুৰ, নিকাচি আৰু বাক্সাত জাৰি কৰা হৈছে সান্ধ্য আইন
কাৰাগাৰৰ ৫০০ মিটাৰ এলেকাত ভিতৰত সমাবেশত প্ৰদান কৰা হৈছে বাধা৷
আবেলি পৰ্যন্ত ধাৰাসাৰ শিলাবৰ্ষণ অব্যাহত ৰাখিছে উত্তেজিত জনতাই৷
আৰক্ষী, সংবাদমাধ্যমৰ বাহনতো অগ্নি সংযোগ কৰিছে উত্তেজিত জনতাই৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিছে আৰক্ষীয়ে৷
আৰক্ষীৰ গুলিচালনাক কেৰেপ কৰা নাই প্ৰতিবাদকাৰীয়ে৷
কাৰাগাৰৰ ভিতৰত অৱস্থান গ্ৰহণ কৰিব লগা হৈছে আৰক্ষী আৰু সংবাদমাধ্যমৰ লোকে৷
ঘটনাক লৈ ১৫ জনৰো অধিক লোকক আটক কৰিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















