বৈদিক জ্যোতিষ অনুসৰি শনিৰ চলন আৰু অৱস্থান বিভিন্ন ৰাশিৰ জাতকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ নৱগ্ৰহৰ মাজত শনি হৈছে সকলোতকৈ প্ৰভাৱশালী গ্ৰহ৷ কৰ্মফলৰ দেৱতা শনি সকলো ৰাশিৰ জাতকৰ জীৱনত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰিছে৷ ২০ অক্টোবৰত পালিত হৈছে দীপাৱলি৷ সেই দিনতেই বক্ৰী হৈছে শনি, অৰ্থাৎ শনিৰ বিপৰীতমুখী চলন আৰম্ভ হৈছে কালিৰে পৰা৷
জ্যোতিষ গণনাই কৈছে শনিৰ বক্ৰী চলন একাধিক ৰাশিৰ জাতকৰ বাবে অত্যন্ত উল্লেখযোগ্য হ’ব৷ শনিৰ বক্ৰী চলন তিনি ৰাশিৰ জাতকৰ জীৱনলৈ আশীৰ্বাদ হৈ আহিছে৷ হঠাৎ অৰ্থলাভ কৰিব৷ দীপাৱলিত উন্নতিৰ নতুন সুযোগ পাব৷ জানি থওক এই তালিকাত কোন কোন ৰাশি আছে? শনিৰ বক্ৰী চলনৰ প্ৰভাৱত দুৰ্দান্ত লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ বৰ্তমান মিথুন ৰাশিৰ দশম ঘৰত অৱস্থান কৰিছে শনিয়ে৷ শনিৰ ওলোটা পথত যাত্ৰা কৰাত কেৰিয়াৰত বৃহৎ উন্নতি হ’ব এই ৰাশিৰ জাতকৰ৷ অফিচত নতুন কামৰ দায়িত্ব পাব৷ পদোন্নতি হব পাৰে৷ পছন্দৰ স্থানত চাকৰিও পাব পাৰে৷ ব্যৱসায়ত উন্নতি হোৱাৰ যোগ আছে৷
কৰ্কট ৰাশি
বক্ৰী শনিৰ প্ৰভাৱত দীপাৱলিৰ পৰা নানান দিশৰ পৰা উন্নতি হ’ব কৰ্কট ৰাশিৰ৷ এই সময়ত আপুনি যি কামত হাত দিব তাতেই সাফল্য পাব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ নতুন ঘৰ, মাটি বা বাহন ক্ৰয়ৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব৷ কোনো ধৰ্মীয় অনুষ্ঠানত যোগ দিব পাৰে৷ ব্যৱসায়ীয়ে লাভজনক চুক্তি সাক্ষৰ কৰিব পাৰে৷ দৰমহা বাঢ়িব পাৰে৷ বিদেশৰ পৰা অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















