২৭ অক্টোবৰত বৃশ্চিক ৰাশিত মঙ্গল গ্ৰহৰ গোচৰ হৈছে৷ ৭ ডিচেম্বৰ পৰ্যন্ত এই অৱস্থান চলিব৷ মঙ্গলৰ এই ৰাশি পৰিবৰ্তনে ১২ ৰাশিৰ ওপৰতেই প্ৰভাৱ পেলাব৷ ইয়াৰ মাজত চাৰিটা ৰাশিৰ জাতকৰ ওপৰত নেতিবাচক প্ৰভাৱো পৰিব পাৰে৷ এই সময়ত তেওঁলোকৰ স্বাস্থ্য সমস্যাই দেখা দিব পাৰে৷ শত্ৰুও সক্ৰিয় হৈ উঠিব পাৰে৷ বিশেষ সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন৷ জানি থওক কোন কোন ৰাশিত মঙ্গলৰ এই গোচৰে কেনেকৈ প্ৰভাৱ পেলাব আৰু সেই প্ৰভাৱৰ পৰা মুক্তিৰ উপায়৷
বৃশ্চিক ৰাশিত মঙ্গলৰ নেতিবাচক প্ৰভাৱ
মেষ ৰাশি
মঙ্গলৰ গোচৰে মেষ ৰাশিৰ জাতকৰ জীৱনত মিশ্ৰ প্ৰভাৱ পেলাব৷ সকলোতকৈ পূৰ্বে নিজৰ স্বাস্থ্যৰ যত্ন লওক৷ পৰিবেশ সলনি হোৱাৰ বাবে অসুস্থ হোৱাৰ আশংকা আছে৷ অৱহেলা নকৰিব৷ ইয়াৰোপৰি ৭ ডিচেম্বৰ পৰ্যন্ত কোনো আৰ্থিক বিনিয়োগত কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব৷ বিনিয়োগত ক্ষতিৰ সম্ভাৱনা আছে৷ এই সময়ত কিছু ক্ষেত্ৰত অৰ্থলাভ আৰু সাফল্যৰো সম্ভাৱনা আছে৷
বৃষ ৰাশি
মঙ্গলৰ অশুভ প্রভাৱে বৃষ ৰাশিৰ জাতকৰ দাম্পত্য জীৱনলৈ খেলিমেলি আনিব পাৰে৷ জীৱনসংগীৰ সৈতে মতভেদ বা কাজিয়া এৰাই চলাটো জৰুৰী৷ বাক্য নিয়ন্ত্ৰণ কৰক আৰু ধৈৰ্য্য ধৰি সংগীৰ কথা শুনক৷ সমাধান বিচাৰি পাব৷ এই সময়ত পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ৰ ক্ষেত্ৰতো চেলেঞ্জ আহিব পাৰে৷ নতুন ডিলৰ সুযোগো পাব পাৰে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে সতৰ্কতাৰ সময়৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে মতবিৰোধ বা সহযোগিতাৰ অভাৱৰ পৰা মানসিক চাপ তৈয়াৰ হব পাৰে৷ ভাৰসাম্য ৰাখিব নোৱাৰিলে বিতৰ্কৰ পৰিস্থিতি তৈয়াৰ হ’ব পাৰে৷ স্বাস্থ্যৰ দিশত নজৰ দিয়ক৷ বিশেষকৈ পেটজনিত সমস্যা হ’ব পাৰে৷ স্বাস্থ্যৰ দিশত নজৰ দিয়ক৷ বিশেষকৈ পেটজনিত সমস্যা হব পাৰে৷ নিয়মিত যোগ আৰু ধ্যানে মানসিক শান্তি আনিব৷
ধনু ৰাশি
মঙ্গলৰ প্ৰতিকূল প্ৰভাৱত ধনু ৰাশিৰ জাতকৰ গোপন শত্ৰু সক্ৰিয় হব পাৰে৷ তেওঁলোকে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে৷ সেয়ে সতৰ্ক থাকক৷ অনৰ্থক খৰচ নিয়ন্ত্ৰণ নকৰিলে ঋণৰ পৰিস্থিতি তৈয়াৰ হব পাৰে৷ হঠাৎ খৰচ বাঢ়িব পাৰে৷ এই সময়ত ধ্যান, যোগব্যায়াম আৰু প্ৰাৰ্থনাত মন দিয়ক৷ মানসিক স্থিতি বজায় ৰাখ৷ মুঠৰ ওপৰত বৃশ্চিক ৰাশিত মঙ্গলৰ এই গোচৰে জীৱনৰ নানান ক্ষেত্ৰত চেলেঞ্জ আৰু পৰিবৰ্তন দুটই আনিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















