বিশ্বজুৰি যক্ষ্মা বা টিউবাৰকুলোচিছ এতিয়াও এক আতংকৰ নাম৷ হাওঁফাওঁৰ প্ৰকোপ সৰ্বাধিক হলেও শৰীৰৰ অন্য অংগও কিন্তু এই জীৱাণুৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নহয়৷ ৰক্তপ্ৰবাহৰ মাধ্যমেৰে এই জীৱাণুয়ে যেতিয়া হাড়ত বিশেষকৈ মেৰুদণ্ডত পাইগৈ৷ তেতিয়া পৰিস্থিতি অত্যন্ত জটিল হৈ উঠিব পাৰে৷ চিকিৎসাবিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় স্পাইনেল টিউবাৰকুলোচিছ বা পটছ ডিজিজ৷ সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ অভাৱ হ’লে এই ৰোগেই মাতি আনিব পাৰে স্থায়ী পঙ্গুত্ব৷
কিয় এই ৰোগে বাঁহ বান্ধে?
স্পাইনেট টিবিৰ বাবে দায়ী জীৱাণুটো হৈছে মাইকোবেকটেৰিয়াম টিউবাৰকুলোচিছ৷ যি হাওঁফাওঁৰ টিবিৰ বাবেও দায়ী৷ মূলত হাওঁফাওঁৰ প্ৰাথমিক সংক্ৰমণৰ পাছতেই সেই জীৱাণু তেজৰ মাধ্যমেৰে শৰীৰৰ অন্য অংশলৈ বিয়পি পৰে৷ মেৰুদণ্ড হৈছে ইয়াৰ অন্যতম পছন্দৰ আশ্ৰয়স্থল৷ বিশেষকৈ পিঠিৰ তলৰ অংশ বা থোৰোছিক স্পাইন ইয়াত বেছি আক্ৰান্ত হয়৷ যিসকলৰ শৰীৰৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি থাকে৷ অপুষ্টি, ডায়বেটিছ, এইছ আই ভি সংক্ৰমণ বা এনে কোনো ঔষধ সেৱন যিয়ে শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতাক দবাই ৰাখে৷ সেইসমূহে স্পাইনেল টিবিৰ আশংকা বঢ়াই দিয়ে৷
উপসৰ্গ কি কি?
মেৰুদণ্ডৰ টিবিৰ উপসৰ্গসমূহ প্ৰাথমিক পৰ্যায়ত বহু সময়ত অস্পষ্ট থাকে যাৰ ফলত ৰোগ নিৰ্ণয় দেৰি হয়৷ কিছু লক্ষণ সম্পৰ্কে সেয়ে সতৰ্ক থকা জৰুৰী৷
১. বিষঃ মূল উপসৰ্গ হৈছে পিঠি বা কঁকালৰ বিষ৷ এই বিষ বিশ্ৰাম ললেও কমা নাই, নিশা সেই বিষ আৰু বাঢ়িব পাৰে৷ আক্ৰান্ত স্থানত চাপ দিলে তীব্ৰ বিষ অনুভূত হয়৷
২. জ্বৰঃ দিনৰ অন্য সময়ত স্বাভাৱিক থাকিলেও বিশেষকৈ সন্ধিয়াৰ পাছৰে পৰা পাতলা কঁপনিৰে জ্বৰ অহা এই ৰোগৰ অন্যতম লক্ষণ৷
৩. শাৰীৰিক দুৰ্বলতা বা ওজন হ্ৰাসঃ কোনো কাৰণ অবিহনেই ৰোগীৰ ওজন কমিব থাকে৷ ইয়াৰ সৈতে থাকে ক্লান্তি, দুৰ্বলতা আৰু ভোক কমি যোৱাৰ দৰে সমস্যা৷ নিশা ঘাম ওলোৱাৰ প্ৰৱণতাইয়ো দেখা দিয়ে৷
৪. স্নায়বিক সমস্যাঃ ৰোগ বাঢ়ি থাকিলে মেৰুদণ্ডৰ কশেৰুকা ক্ষতিগ্ৰস্থ হয় আৰু স্পাইনেল কৰ্ড বা স্নায়ুৰ ওপৰত চাপ সৃষ্টি কৰে৷ ইয়াৰ ফলত ভৰি ঝিনঝিনোৱা, অৱশ হৈ যোৱা, দুৰ্বলতা আৰু ধীৰে ধীৰে খোজকঢ়াৰ ক্ষমতা হ্ৰাস পাব পাৰে৷ পৰিস্থিতি জটিল হলে কঁকালৰ তলৰ অংশ পক্ষাঘাতগ্ৰস্থ হৈ যোৱাৰো আশংকা থাকে৷
৫. শাৰীৰিক বিকৃতিঃ ৰোগ যেতিয়া বহুপৰিমাণে বিয়পি পৰে তেতিয়া মেৰুদণ্ড সন্মুখৰ দিশলৈ কোঁজা হৈ পৰিব পাৰে৷ যাক গিবাছ ডিফৰ্মিটি কোৱা হয়৷
চিকিৎসা পদ্ধতি
স্পাইনেল টিবিক লৈ আতংকিত হোৱাৰ কাৰণ নাই৷ সঠিক সময়ত ৰোগ নিৰ্ণয় কৰিবলৈ গলে আৰু সম্পূৰ্ণ চিকিৎসা কৰালে এই ৰোগ সম্পূৰ্ণ নিৰাময়যোগ্য৷ এক্স ৰে, চিটি স্কেন আৰু এম আৰ আইৰ দৰে পৰীক্ষাৰ মাধ্যমেৰে মেৰুদণ্ডৰ পৰিস্থিতি সম্পৰ্কে নিশ্চিত হব পাৰি৷ বহু সময়ত বায়পছি বা ফ্লুইড পৰীক্ষা কৰিও জীৱাণুৰ উপস্থিতি সম্পৰ্কে নিশ্চিত হয় চিকিৎসক৷
এই ৰোগৰ মূল চিকিৎসা হৈছে এণ্টি টিউবাৰকুলাৰ থেৰাপি৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি একাধিক ঔষধ ৯ ৰ পৰা ১২ মাহ বা ক্ষেত্ৰবিশেষে ১৮ মাহ পৰ্যন্ত খাব পাৰে৷ সম্পূৰ্ণ সুস্থ হবলৈ ঔষধৰ কোৰ্ছ শেষ কৰা অত্যন্ত জৰুৰী৷ মাজেমাজে ঔষধ বন্ধ কৰি দিলে জীৱাণু আকৌ সক্ৰিয় আৰু ভয়ংকৰ হৈ উঠিব পাৰে৷
ইয়াৰোপৰি মেৰুদণ্ডক বিশ্ৰাম দিবলৈ আৰু বিকৃতিৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ ধৰণৰ ব্ৰেছ বা বেল্ট পিন্ধাৰ পৰামৰ্শ দিব পাৰে৷ যদি স্নায়ুৰ ওপৰত চাপ মাৰাত্মক পৰ্যায়ত পাইগৈ তেতিয়া শল্যচিকিৎসাৰ প্ৰয়োজন হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















