সমগ্ৰ বছৰৰ বাবেই ভৱিষ্যদ্বাণী কৰে জ্যোতিষশাস্ত্ৰই৷ ২০২৬ বছৰৰ আৰম্ভণি ভাল হ’ব বুলিয়েই জনাইছে জ্যোতিষশাস্ত্ৰই৷ সেই কথাই কৈছে জ্যোতিষ গণনাই৷ ২০২৬ চন আৰম্ভৰ লগে লগেই গজকেশৰী ৰাজযোগ৷ নতুন বছৰৰ আৰম্ভণিতেই এই শুভ যোগৰ ফলত পাব কেইবাটাও ৰাশিৰ জাতকে৷ বছৰৰ আৰম্ভণিতে সম্পদ আৰু খ্যাতি চূড়াত থাকিব৷ নতুন বছৰত দেৱগুৰু বৃহস্পতিয়ে অৱস্থান কৰিব মিথুন ৰাশিত৷ ১১ নৱেম্বৰ ২০২৫ৰ পৰা বৃহস্পতি প্ৰতিগামী হৈছে৷ ২০২৬ চনৰ প্ৰথম দিশতো প্ৰতিগামী থাকিব৷ ২ জানুৱাৰী ২০২৬ৰ পুৱা ৯বাজি ২৫ মিনিটত চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ ৪ জানুৱাৰী ২০২৬ৰ পুৱা ৯ বাজি ৪২ মিনিট পৰ্যন্ত তাতেই থাকিব৷ মিথুন ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ এই যোগ গজকেশৰী ৰাজযোগ তৈয়াৰ কৰিব৷ এই যোগত তিনিটা ৰাশিৰ ওপৰত দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ বৰ্ষিত হ’ব বুলি বিশ্বাস৷
বৃষ ৰাশিৰ জাতকৰ বাবে শুভ সময়
বৃষ ৰাশিৰ জাতকৰ ওপৰত বৰ্তমান দেৱী লক্ষ্মীৰ কৃপা আছে৷ গ্ৰহৰ অৱস্থানৰ কাৰণে এই সময়ত অৰ্থৰ প্ৰবাহ ভালে থাকিব৷ তাৰ ওপৰত গজকেশৰী ৰাজযোগ বৃষ ৰাশিৰ অধীনত জন্ম লোৱা ব্যক্তিৰ বাবে বিশেষ সুবিধা কঢ়িয়াই আনিব৷ ই.আৰ ফলত দীৰ্ঘস্থায়ী অসুস্থতা দূৰ হব৷ অবিবাহিত ব্যক্তিৰ বিবাহৰ পথ সুগম হব৷ ঘৰত শুভ কোনো খবৰ আহিব পাৰে৷ চাকৰিয়ালৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে৷ সম্পদ আৰু খ্যাতি বৃদ্ধি পাব৷
মিথুন ৰাশিৰ জাতকৰ জীৱনত কি ঘটিব?
মিথুন ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ যোগত তৈয়াৰ হ’ব গজকেশৰী ৰাজযোগ৷ যিয়ে এই জাতকৰ বাবে বহু সুবিধা কঢ়িয়াই আনিব৷ যিসকল চাকৰিয়াল তেওঁলোকে পদ আৰু প্ৰশংসা অৰ্জন কৰিব৷ ব্যৱসায়ীয়ে আৰ্থিক লাভ কৰিব পাৰে৷ আপোনাৰ কথাবাৰ্তাই অন্যক প্ৰভাৱিত কৰিব পাৰে৷ সেয়াই সাফল্য অৰ্জনৰ চাবিকাঠি৷ সন্মান বৃদ্ধি পাব৷ বিবাহৰ আয়োজন কৰাৰ বাবে এই সময় ভাল৷
তুলা ৰাশিৰ জাতকৰ জীৱনত কি ঘটিব?
তুলা ৰাশিৰ জাতকেও দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ ভোগ কৰিব৷ ২০২৬ চনৰ জানুৱাৰীৰ প্ৰথম দিশত গজকেশৰী ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিব৷ কৰ্মজীৱনত নতুন সুযোগ পাব৷ সম্পদ বৃদ্ধি পাব৷ সাফল্য অৰ্জন কৰিব৷ পৰিয়ালত ভালপোৱা বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















