বৈদিক জ্যোতিষ অনুসৰি শনি হৈছে কৰ্মফলৰ দেৱতা৷ স্বয়ং মহাদেৱে শনিক কৰ্মফলৰ বিচাৰকৰ দায়িত্ব দিয়ে বুলি শাস্ত্ৰত উল্লেখিত আছে৷ শনিৰ অশুভ দৃষ্টি যাৰ ওপৰত পৰে তেওঁৰো জীৱনো ছাৰখাৰ হৈ যায় বুলি প্ৰচলিত বিশ্বাস৷ সেই কাৰণেই শনিক সকলোৱে ভয় কৰে৷ শনিৰ প্ৰভাৱ সকলো সময়ত মুঠেও বেয়া কিছু ঘটিব তেনে নহয়, বৰং শনিৰ কৃপাত জাতক সৌভাগ্যৰ শিখৰত উঠিব পাৰে৷
আৰু কিছুদিনৰ ভিতৰতেই আৰম্ভ হ’ব ২০২৬ চন৷ নতুন বছৰত শনিয়ে বৃহস্পতিৰ ৰাশি মীনত অৱস্থান কৰিব৷ আগন্তুক বছৰ শনিয়ে ৰাশি পৰিবৰ্তন নকৰিলেও শনিৰ প্ৰভাৱত সুখৰ সময় আহিব চাৰি ৰাশিৰ জাতকৰ জীৱনত৷ ২০২৬ চনত প্ৰচুৰ উন্নতি কৰিব এই সকলো ৰাশিৰ জাতকে৷ আগন্তুক বছৰ শনিৰ কৃপাত পথৰ ভিখাৰিও ৰজা হৈ যাব পাৰে৷ জানি থওক গ্ৰহৰাজৰ দয়াত নতুন বছৰত কেৰিয়াৰত দুৰ্দান্ত উন্নতি কৰাৰ সুযোগ পাব কোন কোন ৰাশিৰ জাতকে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















