কিছুদিন পূৰ্বে তেওঁৰ মৃত্যুৰ গুজব ভাইৰেল হৈছিল। তাৰপিছতেই পৰিয়ালে স্পষ্টীকৰণ দিছিল যে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। তেওঁৰ বিষয়ে মিছা খবৰহে বিয়পোৱা হৈছে। কিন্তু এইবাৰ সেই খবৰ মিছা নহয়। সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিছে ধৰ্মেন্দ্ৰই। এইবাৰ আৰু ফিনিক্স পখি হৈ উভতি উৰি নাহিল তেওঁ। অৱশ্যে পৰিয়ালৰ তৰফৰ পৰা এতিয়াও আনুষ্ঠানিকভাৱে ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰা হোৱা নাই।
ইশা দেওল আৰু হেমামালিনীক পৱন হংস শ্মশানত দেখাৰ পাছতেই বহুজনে এই খবৰ সঁচা বুলি প্ৰকাশ কৰিছে। দেওল পৰিয়ালৰ বাসগৃহতো ভিৰ কৰিছে বলীউড তাৰকাই। নৱেম্বৰৰ আৰম্ভণিতে ধৰ্মেন্দ্ৰৰ অসুস্থতাৰ খবৰ বিয়পি পৰিছিল। তাৰপিছতেই বিগত ১১ নৱেম্বৰত অভিনেতাজনৰ মৃত্যুৰ গুজবো ওলাইছিল। অৱশ্যে পৰিয়ালে সেই খবৰ খাৰিজ কৰে। তাৰপিছতেই দুদিন পাছত হাস্পতালৰ পৰা এম্বুলেঞ্চযোগে ঘৰলৈ অনা হয় অভিনেতা ধৰ্মেন্দ্ৰক। আৰু সোমবাৰে পুৱা সকলোকে কন্দুৱাই উভতি নহাৰ দেশলৈ গুচি গল বলীউডৰ খ্যাতনামা অভিনেতা ধৰ্মেন্দ্ৰ।
ধৰ্মেন্দ্ৰৰ সম্পূৰ্ণ নাম হৈছে ধৰ্মেন্দ্ৰ কেৱাল কৃষণ দেওল। ১৯৩৫ চনত ব্ৰিটিছ ইণ্ডিয়াৰ লুধিয়ানাত (পঞ্জাৱ) এক জাঠ পৰিয়ালত জন্ম হৈছিল ধৰ্মেন্দ্ৰৰ। পিতৃ আছিল স্কুলৰ হেডমাষ্টৰ। পঢ়াশুনাৰ প্ৰতি তেওঁ বিশেষ ৰাপ নাছিল। স্কুলীয়া জীৱনতে দিলীপ কুমাৰ আৰু মতিলালৰ অভিনয় দেখি সপোন দেখিছিল ৰূপালী পৰ্দাৰ নায়ক হোৱাৰ।
কৈশোৰতেই খুবেই দেখনীয়াৰ চেহেৰা আছিল ধৰ্মেন্দ্ৰৰ। সুদৰ্শন পুৰুষ আছিল তেওঁ। তাৰপিছতো আৰ্থিক অনাটনৰ বাবে অন্য কামত লাগে ধৰ্মেন্দ্ৰ। কিন্তু এটা কথা সঠিক যে পদুম সদায় বোকাতেই ফুলে। নাছৰালি গাওঁৰ সৰু এলেকাই ধৰ্মেন্দ্ৰক সামৰি ৰাখিব নোৱাৰিলে। পৰিয়ালে তেওঁক বান্ধি ৰাখিবলৈ ১৯ বছৰতে বিয়া কৰাই দিয়ে প্ৰকাশ কৌৰৰ সৈতে। কিন্তু বিবাহেও তেওঁক ধৰি ৰাখিব নোৱাৰিলে।
পাছলৈ ১৯৬০ চনত দিল ভি তেৰা হাম ভি তেৰে ছবিৰ সৈতে বলীউডত ডেবিউ কৰে ধৰ্মেন্দ্ৰই। যদিও ছবিখনে বক্স অফিচত ব্যৰ্থ হল পৰবৰ্তীসময়ত ছোলে ঔৰ ছবনম ছবিখনে সাফল্যৰ মুখ দেখে। তাৰপিছত আৰু ধৰ্মেন্দ্ৰই উভতি চাবলগা নহল। ১৯৬৬ চনত ফুল ও পাথ্থৱ ছবিৰে তেওঁ বলীউডৰ ১ নম্বৰ হিৰো হৈ উঠে। ইয়াৰপাছতেই জীৱন মৃত্যু, ইয়াদৌ কি বাৰাত, চাৰাছ, চুপকে চুপকে, সীতা ঔৰ গীতা, ছোলে, দোস্ত, আজাদ, ডি বাৰ্নিং ট্ৰেনকে আদি কৰি অসংখ্য ব্লকবাষ্টাৰ ছবি কৰিছে ধৰ্মেন্দ্ৰই।
ব্যাক্তিগত জীৱনো ধৰ্মেন্দৰ খুবেই ৰসাল। চিনেমাৰ দৰেই তেওঁৰ জীৱনকাহিনী। অভিনয়ত কেৰিয়াৰ আৰম্ভ কৰাৰ আগতেই বিয়াত বহিছিল ধৰ্মেন্দ্ৰ। প্ৰকাশ কৌৰৰ সৈতে তেওঁৰ চাৰি সন্তানো আছে। দুই পুত্ৰ ছানি আৰু ববি প্ৰতিষ্ঠিত অভিনেতা। কন্যা বিজেতা আৰু কিন্তু। সুখৰ এখন সংসাৰ থকাৰ পাছতো কিন্তু ধৰ্মেন্দ্ৰ হেমাৰ প্ৰেমত পৰে। পাছলৈ ১৯৮০ চনত তেওঁলোকে বিবাহো কৰায়। নিজৰ প্ৰথম স্ত্ৰীক অৱশ্যে ডিভোৰ্ছ নিদিলে ধৰ্মেন্দ্ৰই। দ্বিতীয় পত্নী হেমাৰ সৈতেও ধৰ্মেন্দ্ৰৰ আছে দুই কন্য়া ক্ৰমে ইষা আৰু অহনা।
থোৰতে যদি চাওঁ তেন্তে ৰাজনীতিৰ পৰাও দূৰৈত থকা নাছিল ধৰ্মেন্দ্ৰ। ২০০৪ চনত ভাৰতীয় জনতা পাৰ্টিৰ টিকটত ৰাজস্থানৰ বিকানেৰৰ পৰা নিৰ্বাচনত জয়ী হয়। দেওলসকলৰ নিজস্ব প্ৰডাকছন হাউছৰ সৈতে ধৰ্মেন্দ্ৰই ৰাজনীতিৰ মাজে মাজে অভিনয়ো কৰি গৈছিল। লাইট-কেমেৰা-একছনৰ প্ৰতি তেওঁৰ ভালপোৱা অটুট আছিল শেষবয়সলৈ। শেহতীয়াভাৱে তেওঁ শ্ৰী ৰাঘবনৰ ইক্কিছ ছবিত অভিনয় কৰিছিল। এই চিনেমা আগন্তুক ২৫ ডিচেম্বৰত মুক্তি পাব। শেষবাৰৰ বাবে তাতেই জনতাই দেখিব ধৰ্মেন্দ্ৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















