• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

6 months ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

7 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

8 hours ago
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

8 hours ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

9 hours ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

10 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

10 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

11 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

12 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

12 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

13 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

13 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

editor by editor
November 24, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুদিন পূৰ্বে তেওঁৰ মৃত্যুৰ গুজব ভাইৰেল হৈছিল। তাৰপিছতেই পৰিয়ালে স্পষ্টীকৰণ দিছিল যে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। তেওঁৰ বিষয়ে মিছা খবৰহে বিয়পোৱা হৈছে। কিন্তু এইবাৰ সেই খবৰ মিছা নহয়। সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিছে ধৰ্মেন্দ্ৰই। এইবাৰ আৰু ফিনিক্স পখি হৈ উভতি উৰি নাহিল তেওঁ। অৱশ্যে পৰিয়ালৰ তৰফৰ পৰা এতিয়াও আনুষ্ঠানিকভাৱে ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰা হোৱা নাই।

ইশা দেওল আৰু হেমামালিনীক পৱন হংস শ্মশানত দেখাৰ পাছতেই বহুজনে এই খবৰ সঁচা বুলি প্ৰকাশ কৰিছে। দেওল পৰিয়ালৰ বাসগৃহতো ভিৰ কৰিছে বলীউড তাৰকাই। নৱেম্বৰৰ আৰম্ভণিতে ধৰ্মেন্দ্ৰৰ অসুস্থতাৰ খবৰ বিয়পি পৰিছিল। তাৰপিছতেই বিগত ১১ নৱেম্বৰত অভিনেতাজনৰ মৃত্যুৰ গুজবো ওলাইছিল। অৱশ্যে পৰিয়ালে সেই খবৰ খাৰিজ কৰে। তাৰপিছতেই দুদিন পাছত হাস্পতালৰ পৰা এম্বুলেঞ্চযোগে ঘৰলৈ অনা হয় অভিনেতা ধৰ্মেন্দ্ৰক। আৰু সোমবাৰে পুৱা সকলোকে কন্দুৱাই উভতি নহাৰ দেশলৈ গুচি গল বলীউডৰ খ্যাতনামা অভিনেতা ধৰ্মেন্দ্ৰ।

ধৰ্মেন্দ্ৰৰ সম্পূৰ্ণ নাম হৈছে ধৰ্মেন্দ্ৰ কেৱাল কৃষণ দেওল। ১৯৩৫ চনত ব্ৰিটিছ ইণ্ডিয়াৰ লুধিয়ানাত (পঞ্জাৱ) এক জাঠ পৰিয়ালত জন্ম হৈছিল ধৰ্মেন্দ্ৰৰ। পিতৃ আছিল স্কুলৰ হেডমাষ্টৰ। পঢ়াশুনাৰ প্ৰতি তেওঁ বিশেষ ৰাপ নাছিল। স্কুলীয়া জীৱনতে দিলীপ কুমাৰ আৰু মতিলালৰ অভিনয় দেখি সপোন দেখিছিল ৰূপালী পৰ্দাৰ নায়ক হোৱাৰ।

কৈশোৰতেই খুবেই দেখনীয়াৰ চেহেৰা আছিল ধৰ্মেন্দ্ৰৰ। সুদৰ্শন পুৰুষ আছিল তেওঁ। তাৰপিছতো আৰ্থিক অনাটনৰ বাবে অন্য কামত লাগে ধৰ্মেন্দ্ৰ। কিন্তু এটা কথা সঠিক যে পদুম সদায় বোকাতেই ফুলে। নাছৰালি গাওঁৰ সৰু এলেকাই ধৰ্মেন্দ্ৰক সামৰি ৰাখিব নোৱাৰিলে। পৰিয়ালে তেওঁক বান্ধি ৰাখিবলৈ ১৯ বছৰতে বিয়া কৰাই দিয়ে প্ৰকাশ কৌৰৰ সৈতে। কিন্তু বিবাহেও তেওঁক ধৰি ৰাখিব নোৱাৰিলে।

১৯৫৮ চনত ফিল্মফেয়াৰৰ টেলেণ্ট হাণ্ট কম্পিটিছনত অংশগ্ৰহণৰ বাবে চিঠি পঠিয়াই ধৰ্মেন্দ্ৰই। সেই চিঠিয়েই ভাগ্য খুলিলে তেওঁৰ। মুম্বাইৰ পৰা তেওঁক মাতি পঠিওৱা হয়। সুদৰ্শন, সুপুৰুষ ধৰ্মেন্দ্ৰৰ ভাগ্যই তেওঁক মায়ানগৰীলৈ লৈ আহে। নিজৰ টেলেণ্টৰ বাবেই সেই প্ৰতিযোগিতাত তেওঁ জয়ীও হয়। প্ৰতিযোগিতাৰ কথা স্মৰণ কৰি তেওঁ কৈছিল- মেহবুব ষ্টুডিঅৰ প্ৰতিযোগিতাৰ ফলাফল ওলোৱাৰ দিনা চিন্তাত মুখত এটুপি পানীও দিব পৰা নাছিলো। মোৰ সৈতে আৰু বহু প্ৰতিভাশালী অভিনেতাই অংশগ্ৰহণ কৰিছিল।তেওঁলোকেও নিজৰ সকলো উজাৰি দিছিল। সেয়ে কোন জিকিব কোনেও কব পৰা নাছিলো।
এই প্ৰতিযোগিতাতেই তেওঁ বিমল ৰায়ৰ নজৰত আহে। বন্দিনী চিনেমাৰ বাবে নিৰ্বাচিত হয়। বন্দিনী ধৰ্মেন্দ্ৰই অভিনয় কৰা প্ৰথম চিনেমা হলেও ৰিলিজ কৰাত বহু সময় লাগিছিল। ফলত বন্দিনীত কাম কৰাৰ পাছত প্ৰযোজকসকলৰ দুৱাৰে দুৱাৰে ফুৰিব লগা হৈছিল ধৰ্মেন্দ্ৰ। হাতত টকা নাছিল, দুবেলা দুমুঠিও নাছিল। সেয়ে এসময়ত তেওঁ গাঁৱলৈকো উভতি যোৱাৰ কথা ভাৱিছিল। কিন্তু তেতিয়া তেওঁক ধৰি ৰাখে মনোজ কুমাৰে।

পাছলৈ ১৯৬০ চনত দিল ভি তেৰা হাম ভি তেৰে ছবিৰ সৈতে বলীউডত ডেবিউ কৰে ধৰ্মেন্দ্ৰই। যদিও ছবিখনে বক্স অফিচত ব্যৰ্থ হল পৰবৰ্তীসময়ত ছোলে ঔৰ ছবনম ছবিখনে সাফল্যৰ মুখ দেখে। তাৰপিছত আৰু ধৰ্মেন্দ্ৰই উভতি চাবলগা নহল। ১৯৬৬ চনত ফুল ও পাথ্থৱ ছবিৰে তেওঁ বলীউডৰ ১ নম্বৰ হিৰো হৈ উঠে। ইয়াৰপাছতেই জীৱন মৃত্যু, ইয়াদৌ কি বাৰাত, চাৰাছ, চুপকে চুপকে, সীতা ঔৰ গীতা, ছোলে, দোস্ত, আজাদ, ডি বাৰ্নিং ট্ৰেনকে আদি কৰি অসংখ্য ব্লকবাষ্টাৰ ছবি কৰিছে ধৰ্মেন্দ্ৰই।

ব্যাক্তিগত জীৱনো ধৰ্মেন্দৰ খুবেই ৰসাল। চিনেমাৰ দৰেই তেওঁৰ জীৱনকাহিনী। অভিনয়ত কেৰিয়াৰ আৰম্ভ কৰাৰ আগতেই বিয়াত বহিছিল ধৰ্মেন্দ্ৰ। প্ৰকাশ কৌৰৰ সৈতে তেওঁৰ চাৰি সন্তানো আছে। দুই পুত্ৰ ছানি আৰু ববি প্ৰতিষ্ঠিত অভিনেতা। কন্যা বিজেতা আৰু কিন্তু। সুখৰ এখন সংসাৰ থকাৰ পাছতো কিন্তু ধৰ্মেন্দ্ৰ হেমাৰ প্ৰেমত পৰে। পাছলৈ ১৯৮০ চনত তেওঁলোকে বিবাহো কৰায়। নিজৰ প্ৰথম স্ত্ৰীক অৱশ্যে ডিভোৰ্ছ নিদিলে ধৰ্মেন্দ্ৰই। দ্বিতীয় পত্নী হেমাৰ সৈতেও ধৰ্মেন্দ্ৰৰ আছে দুই কন্য়া ক্ৰমে ইষা আৰু অহনা।

থোৰতে যদি চাওঁ তেন্তে ৰাজনীতিৰ পৰাও দূৰৈত থকা নাছিল ধৰ্মেন্দ্ৰ। ২০০৪ চনত ভাৰতীয় জনতা পাৰ্টিৰ টিকটত ৰাজস্থানৰ বিকানেৰৰ পৰা নিৰ্বাচনত জয়ী হয়। দেওলসকলৰ নিজস্ব প্ৰডাকছন হাউছৰ সৈতে ধৰ্মেন্দ্ৰই ৰাজনীতিৰ মাজে মাজে অভিনয়ো কৰি গৈছিল। লাইট-কেমেৰা-একছনৰ প্ৰতি তেওঁৰ ভালপোৱা অটুট আছিল শেষবয়সলৈ। শেহতীয়াভাৱে তেওঁ শ্ৰী ৰাঘবনৰ ইক্কিছ ছবিত অভিনয় কৰিছিল। এই চিনেমা আগন্তুক ২৫ ডিচেম্বৰত মুক্তি পাব। শেষবাৰৰ বাবে তাতেই জনতাই দেখিব ধৰ্মেন্দ্ৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই
জীৱনশৈলী

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

May 26, 2026
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

May 26, 2026
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?
জীৱনশৈলী

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

May 26, 2026
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
Next Post
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.