আজি ৭ ডিচেম্বৰ ২০২৫, ধনু ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ ১ ফেব্ৰুৱাৰী, ২০২৬ পৰ্যন্ত ধনু ৰাশিত অৱস্থান কৰিব৷ এই সময়ত তৈয়াৰ হ’ব আদিত্য মঙ্গল ৰাজযোগ৷ ৭ ডিচেম্বৰ ২০২৫ৰ পৰা ১ ফেব্ৰুৱাৰী ২০২৬ পৰ্যন্ত মঙ্গলে ধনু ৰাশিত অৱস্থান কৰিব৷ ১৬ ডিচেম্বৰত সূৰ্যই ধনু ৰাশিত প্ৰৱেশ কৰিব৷ ১৪ জানুৱাৰী, ২০২৬ পৰ্যন্ত তাতেই অৱস্থান কৰিব৷ ধনু ৰাশিত মঙ্গল আৰু সূৰ্যৰ এই সংযোগে আদিত্য মঙ্গল ৰাজযোগ তৈয়াৰ কৰিব৷ এই সংযোগ অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ বিশেষকৈ এই যোগ চাৰিটা ৰাশিৰ জাতকৰ বাবে অত্যন্ত উপকাৰী হ’ব৷
সিংহ ৰাশি
মঙ্গলৰ গোচৰৰ ফলত সূৰ্য আৰু মঙ্গলৰ সংযোগ সিংহ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব৷ বিশেষ সুবিধা কঢ়িয়াই আনিব৷ সন্তান সুখ লাভৰ যোগ আছে৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ আৰ্থিক লাভৰো সম্ভাৱনা আছে৷ বিনিয়োগ লাভজনক হ’ব৷
তুলা ৰাশি
আদিত্য মঙ্গল যোগে তুলা ৰাশিৰ কাম কৰাৰ ক্ষমতা বৃদ্ধি কৰিব৷ পূৰ্বতকৈ বেছি উদ্যমৰ সৈতে কাম কৰিব পাৰে৷ সহজেই আপোনাৰ ৰৈ থকা কাম শেষ হ’ব৷ নিজৰ কথাৰে অন্যক প্ৰভাৱিত কৰিব পাৰে৷ আৰ্থিক শক্তি বৃদ্ধি পাব৷ সাহস বাঢ়িব৷ কৰ্মক্ষেত্ৰত সাফল্য আহিব৷
মকৰ ৰাশি
এই সংযোগ মকৰ ৰাশিৰ জাতকৰ বাবে নানানভাৱে উপকাৰী হ’ব পাৰে৷ আপোনাৰ বিৰোধীসকল পৰাজিত হ’ব৷ আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব৷ ব্যৱসায়ত সমৃদ্ধি লাভ কৰিব৷ কামত নতুন উদ্যম পাব৷
কুম্ভ ৰাশি
সূৰ্য আৰু মঙ্গলৰ যুঁটি কুম্ভ ৰাশিৰ জাতকৰ ডাঙৰ ইচ্ছা পূৰ্ণ হ’ব পাৰে৷ আপোনাৰ অহংকাৰ আৰু খং নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জৰুৰী৷ এই দুটা কাম কৰিব পাৰিলে আদিত্য মঙ্গল যোগত ডাঙৰ সাফল্য পাব৷ আপোনাৰ কৰ্মক্ষমতা উন্নত হ’ব৷ সাফল্য অৰ্জন কৰিব পাৰে৷ ৰৈ থকা টকা উভতাই পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















