• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

2 months ago
বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

27 minutes ago
সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

3 hours ago
আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

4 hours ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

22 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

23 hours ago
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

23 hours ago
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

1 day ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

1 day ago
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

1 day ago
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

1 day ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 day ago
২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

editor by editor
December 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৩ সংখ্যক ভাৰত ৰাছিয়া বৈঠকত স্বাক্ষৰিত কৰা হ’ল ১০০ বিলিয়ন ডলাৰৰ প্ৰায় ১৬খন দ্বিপাক্ষিক চুক্তি৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰু ভাৰতৰ অপাৰেছন সিন্দূৰৰ পৰৱৰ্তী সময়ত দুয়োখন দেশৰ এই বৈঠকত চকু আছিল সমগ্ৰ বিশ্বৰ৷

BODY: এটা সময় আছিল যেতিয়া সমগ্ৰ বিশ্বই নিৰ্ভৰশীল আছিল আমেৰিকাৰ ওচৰত৷ সামৰিক খণ্ডৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক খণ্ডত একচত্ৰী আধিপত্য চলিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ৷ সমগ্ৰ বিশ্বৰ বাবে আমেৰিকাই খুলি দিছিল নিজৰ বজাৰ৷ কিন্তু ডলাৰৰ বাবেই সেই সুবিধা ল’ব পৰা নাছিল ভাৰতকে ধৰি তৃতীয় বিশ্বৰ বহুটো দেশে৷ শীতল যুদ্ধৰ সমকালীন পৰিস্থিতিত ভাৰতৰ NON ALIGNMENT আৰু একে সময়তে ছোভিয়েট সংঘৰ উত্থান-পতন প্ৰত্যক্ষ কৰিছিল বিশ্ববাসীয়ে৷ তৃতীয় বিশ্ব দেশ হিচাপে শীতল যুদ্ধৰো বহু আগৰে পৰাই ভাৰতে সহায়ৰ হাত লাভ কৰিছিল তেতিয়াৰ ছোভিয়েট সংঘৰ৷ অস্ত্ৰ প্ৰণালীৰ পৰা আৰম্ভ কৰি ইন্ধনখণ্ডলৈ ভাৰতে লাভ কৰিছিল ছোভিয়েটৰ সহায়৷ এনে অৱস্থাত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আগৰে পৰাই শক্তিশালী বুলি কোৱাটো ভুল নহ’ব৷ শেহতীয়াকৈ বিশ্বৰ ভিন্ন প্ৰান্তত বিশেষকৈ ৰাছিয়াৰ চুবুৰীয়া আৰ্মেনিয়া আৰু আজাৰবেইজানৰ যুদ্ধৰ পৰাই বিশ্বত যি যুদ্ধকালীন পৰিস্থিতিৰ সূচনা হ’ল তাৰ পৰৱৰ্তী সময়ত বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে আন কেইবাখনো যুদ্ধ৷ ইয়াৰ ভিতৰত অন্যতম আছিল ৰাছিয়া-ইউক্ৰেইন যুদ্ধ৷ ৰাছিয়াৰ দৰে মহাশক্তিধৰ দেশে ইউক্ৰেইনৰ দৰে শক্তিশালী দেশক বিগত প্ৰায় ৪টা বছৰে পৰাস্ত্ৰ কৰিব নোৱাৰাৰ আঁৰতে আছিল পশ্চিমীয়া শক্তিৰ হাত৷ নাটোৰ দৰে সংস্থাই পৰোক্ষভাৱে ইউক্ৰেইনক সহায় কৰি থকাৰ তথ্য লাভ কৰাৰ পাছতো ৰাছিয়াই যুদ্ধ কৰি গৈছিল আৰু বহু সময়ত ৰাছিয়াৰ সহযোগী দেশসমূহে বহন কৰিবলগীয়া হৈছিল অতিৰিক্ত শুল্ক৷ তাৰ প্ৰভাৱ পৰিছিল ভাৰততো৷ আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰিছিল শুল্কৰ ওপৰত অতিৰিক্ত শুল্ক৷ এনে পৰিস্থিতিত ভাৰতৰ কূটনৈতিক বিচক্ষণতাৰ ফলত চীনৰ দৰে দেশৰ সৈতেও আলোচনাত মিলিত হোৱাৰ সমান্তৰালভাৱে বিশ্বৰ কেইবাখনো দেশৰ সৈতে ভাৰতে স্থাপন কৰিছিল সৌহাদ্যপূৰ্ণ সম্পৰ্ক৷ ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিছিল কেঁচা তেল৷ আমেৰিকাৰ শুল্কৰ পৰা বাচিবলৈ মাজসাগৰত পঞ্জীয়নবিহীন জাহাজৰ পৰা গোপনে ভাৰতে সৰবৰাহ কৰিছিল কেঁচা তেল৷ পৰৱৰ্তী সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাত মিলিত হৈ স্বাক্ষৰ কৰিছিল কেইবাখনো চুক্তিত৷ ইয়াৰ পৰা লাভাম্বিত হৈছিল ভাৰত৷ যাৰ ফলস্বৰূপে চীনৰ সৈতে আলোচনাৰ পথ সুগম হৈছিল ভাৰতৰ৷ আমেৰিকাৰ উচ্চ সামৰিক প্ৰযুক্তিৰ বিপৰীতে ভাৰতে অস্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰথমে প্ৰাধান্য দিছিল ৰাছিয়াক৷ ভাৰতত অনুষ্ঠিত হোৱা এৰ’ ইণ্ডিয়া এয়াৰশ্ব’ত ৰাছিয়াই প্ৰথমবাৰলৈ প্ৰেৰণ কৰিছিল ছুখই 57Eৰ দৰে বিমান৷ আমেৰিকাৰ F 35 বিমানৰ তুলনাত ৰাছিয়াৰ প্ৰযুক্তি অতিকে উচ্চমানৰ আৰু শেহকীয়াকৈ ডুবাই এয়াৰ শ্ব’ৰ প্ৰাকক্ষণত ৰাছিয়াই ভাৰতক এই বিমান প্ৰদানৰ আশ্বাস প্ৰদান কৰিছিল৷ ইয়াৰ উপৰিও ৰাছিয়াই ভাৰতৰ সৈতে যুটীয়াভাৱে ভাৰততে বিমান প্ৰযুক্তিকে ধৰি মিছাইল প্ৰণালীও প্ৰস্তুত কৰি আহিছে আৰু পাকিস্তানৰ সৈতে হোৱা অপাৰেছন সিন্দূৰৰ পৰৱৰ্তী সময়ত ভাৰত-ৰাছিয়াৰ যুটীয়া উৎপাদিত মিছাইল প্ৰণালী ইতিমধ্যেই ক্ৰয় কৰিছে কেইবাখনো দেশে৷ ৰাছিয়াৰ পৰা লাভ কৰা এয়াৰ ডিফেন্স প্ৰণালীয়ে অপাৰেছন সিন্দূৰত পালন কৰা নিৰ্ণায়ক ভূমিকাৰ প্ৰসংগও এইখিনিতে মন কৰিবলগীয়া৷ এনে পৰিস্থিতিত ভাৰতে শেহতীয়াকৈ ৰাছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত কৰিবলৈ ২৩ সংখ্যক ভাৰত ৰাছিয়া যুটীয়া সন্মিলনত স্বাক্ষৰ কৰে প্ৰায় ১০০ বিলিয়ন ডলাৰৰ ১৬খন দ্বিপাক্ষিক চুক্তি৷ শক্তিখণ্ডৰ পৰা আৰম্ভ কৰি, সামৰিকখণ্ডলৈ এইসমূহ চুক্তিয়ে আগন্তুক সময়ত ভাৰতৰ বাবে এক নিৰ্ণায়ক ভূমিকা পালন কৰাৰ সমান্তৰালভাৱে সমগ্ৰ বিশ্বতে ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰি তুলিব৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ শেহতীয়া ভাৰত ভ্ৰমণৰ আন এক মন কৰিবলগীয়া দিশ আছিল মোদীৰ সৈতে বিমানবন্দৰৰ পৰা ব্যৱহাৰ কৰা বাহনখন৷ যিটো সময়ত ইউৰোপীয় সংঘক মুকলিভাৱে যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনাইছিল সেই সময়তে পুটিনে ভাৰতলৈ আহি ব্যৱহাৰ কৰিছিল জাপানী প্ৰযুক্তিৰ এখন বাহন৷ এয়াও আছিল মস্কোৰ ভাৰতৰ পৰাই পশ্চিমীয়া বিশ্বক এক যোগ্য প্ৰত্যুত্তৰ৷ পশ্চিমীয়া শক্তিয়ে ৰাছিয়াৰ শক্তিখণ্ডৰ ওপৰত আৰোপ কৰা শুল্কৰ প্ৰত্যাহ্বান নেওচি ভাৰতেও কূটনৈতিক ক্ষেত্ৰত পালন কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা৷ বিশেষকৈ ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰা উচ্চমানৰ কেঁচা তেলৰ বৃহৎ অংশ সংশোধন কৰি সেইসমূহ ইন্ধনেই ৰপ্তানি কৰি আহিছে পশ্চিমীয়া বিশ্বক৷ এইক্ষেত্ৰত ৰাছিয়াৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা পশ্চিমীয়া বিশ্বই প্ৰকাৰান্তৰে পৰোক্ষভাৱে হ’লেও ব্যৱহাৰ কৰি আহিছে ৰাছিয়ান ইন্ধন৷ ইউৰোপীয় সংঘক প্ৰয়োজন হোৱা অধিকাংশ ইন্ধনৰ গৰাকী হৈছে ৰাছিয়া৷

২০০০ চনত যেতিয়া পুটিন ভাৰতলৈ আহিছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ভাৰতৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ী৷ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিল এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰায় দুটা দশকৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে পুটিনৰ সৈতে কেইবাবাৰো সাক্ষাতৰ সুবিধা লাভ কৰিছে যদিও দিল্লীত পুটিনৰ এই আগমণ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক বিচক্ষণতাৰে আন এক পৰিচয় বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমতো চৰ্চিত হৈছে৷ ইতিমধ্যে ভাৰতে ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে আৰু এনেস্থলত ৰাছিয়াই ভাৰতক আগবঢ়াইছে মুক্ত বাণিজ্যৰ প্ৰস্তাৱ৷ ৰাছিয়াৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিয়ে পশ্চিমীয়া বিশ্বৰ আধিপত্য বহুপৰিমানে হ্ৰাস কৰিব বুলিও ধাৰণা কৰা হৈছে৷ ইয়াৰ মাজতে পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত আন এক চুক্তিয়ে সমগ্ৰ বিশ্বৰে যোগাযোগ ব্যৱস্থাতো আনিব আন এক পৰিৱৰ্তন৷ নৰ্থ-ছাউথ ট্ৰান্সপৰ্ট কৰিড’ৰ, যিয়ে চেন্নাইৰ পৰা ৰাছিয়াৰ ভ্লাডিভস্কক সংযোগ কৰিব এই বাণিজ্যিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰাপথে সাগৰীয় ব্যৱসায়িক পথৰ বহুখিনি খৰচ লাঘৱ কৰিব বুলি পূৰ্বানুমান কৰা হৈছে৷ এনে স্থলত ভাৰত ৰাছিয়াৰ সম্পৰ্কই পশ্চিমীয়া বিশ্বৰ যি একচত্ৰী আধিপত্য সেয়াও একপ্ৰকাৰে নোহোৱা কৰি পেলাব৷ ইয়াৰ মাজতে মহাকাশ খণ্ডত ভাৰতৰ প্ৰথম যি মানৱ মহাকাশ অভিযান, তাৰ আঁৰতো আছে ৰাছিয়া৷ কিয়নো ভাৰতৰ চাৰিগৰাকী মহাকাশচাৰীক প্ৰথমবাৰলৈ সকলো প্ৰশিক্ষণ প্ৰদান কৰিছে ৰাছিয়াই৷ গগণযানৰ চাৰিওগৰাকী মহাকাশচাৰীৰ প্ৰাৰম্ভিক সকলো প্ৰশিক্ষণ ইতিমধ্যেই সম্পন্ন হৈছে ৰাছিয়াত আৰু ইয়াৰ মাজৰে এগৰাকী বায়ুসেনা বিষয়া শুভাংশু শুক্লাই ইতিমধ্যেই সম্পন্ন কৰিছে মহাকাশ অভিযান৷

ভাৰত ৰাছিয়াৰ সম্পৰ্কৰ কথা উল্লেখ কৰিবলৈ গ’লে সামৰিক খণ্ডৰ প্ৰসংগ উল্লেখ নকৰিলে সমগ্ৰ বিষয়টোৱে হৈ পৰে আধৰুৱা৷ সামৰিক খণ্ডত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অতিকে পুৰনি হোৱাৰ লগতে ৰাছিয়ান সামৰিক প্ৰযুক্তিৰ অধিকাংশই ব্যৱহাৰ কৰি আহিছে ভাৰতে৷ ভাৰতৰ সকলোধৰনৰ অস্ত্ৰপ্ৰণালীৰ আঁৰত আছে ৰাছিয়াৰ প্ৰযুক্তি৷ বন্দুকৰ পৰা আৰম্ভ কৰি টেংকলৈ, ক্ষেপনাস্ত্ৰ পৰা আৰম্ভ কৰি জাহাজলৈ, ৰাডাৰৰ পৰা আৰম্ভ কৰি যুদ্ধবিমানলৈ সকলোতে ৰাছিয়ান প্ৰণালীয়ে শক্তিশালী ৰূপত সহায় কৰি আহিছে ভাৰতীয় সামৰিক বাহিনীক৷ ব্ৰাহ্মছ, S 400 আদি প্ৰণালীৰ লগতে ছুখই যুদ্ধবিমান আৰু ভাৰতৰ ডিজেলচালিত ছাবমেৰিণসমূহৰ অধিকাংশই ৰাছিয়াৰ৷ শেহতীয়াকৈ ৰাছিয়াৰ AK ছিৰিজৰ অতিকে উন্নত ৰাইফলসমূহ ভাৰততেই প্ৰস্তুত কৰি অহা হৈছে আৰু ভাৰতীয় সামৰিক বাহিনীৰ লগতে বহিঃৰাষ্ট্ৰকো প্ৰদান কৰা হৈছে ভাৰতত উৎপাদিত অস্ত্ৰপ্রণালী৷

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণকালৰ এক বিশেষ লক্ষণীয় দিশ আছিল দেশৰ প্ৰান্তে প্ৰান্তে লগোৱা পোষ্টাৰসমূহ৷ সম্পূৰ্ণভাৱে দেৱনগৰী ভাষাত লগোৱা পোষ্টাৰেৰে ভাৰতলৈ আদৰণি জনোৱা হৈছিল পুটিনক৷ সন্ত্ৰাসবাদ প্ৰতিৰোধকে ধৰি এই বৈঠকৰ ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্ৰদানৰ বাবেও ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰদান কৰে আশ্বাস৷ সমান্তৰালভাৱে ৰাষ্ট্ৰসংঘ, ব্ৰীকছ, চাহাংই সহযোগিতা সংস্থাৰ লগতে গ্ৰুপ অৱ  টুৱেন্টিৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰে মিলি ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ আগবঢ়াই নিয়া হ’ব বুলি দোহাৰে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে৷ সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে নতুন প্ৰযুক্তিৰ লগতে শেহতীয়াভাৱে উদ্ভৱ হোৱা ড্রোণ যুদ্ধনীতি প্ৰতিৰোধৰ বাবেও ব্যৱস্থা গ্ৰহণৰ দিশে যুটীয়াভাৱে কাম কৰিব ভাৰত-ৰাছিয়াই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ
জীৱনশৈলী

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

January 23, 2026
সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

January 23, 2026
আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী
জীৱনশৈলী

আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

January 23, 2026
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ
জীৱনশৈলী

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

January 22, 2026
Next Post
ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

’২৬ৰ প্ৰথম মাহতেই ওচৰাওচৰিকৈ অৱস্থান কৰিব সূৰ্য-শনিয়ে, পঞ্চক যোগত বছৰৰ আৰম্ভণিতেই ধন উপাৰ্জনৰ সুযোগ পাব ৩ ৰাশিয়ে

’২৬ৰ প্ৰথম মাহতেই ওচৰাওচৰিকৈ অৱস্থান কৰিব সূৰ্য-শনিয়ে, পঞ্চক যোগত বছৰৰ আৰম্ভণিতেই ধন উপাৰ্জনৰ সুযোগ পাব ৩ ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.