জ্যোতিষশাস্ত্ৰত মঙ্গল এনে এক গ্ৰহ, যাৰ গতিবিধিয়ে সাধাৰণ মানুহৰ জীৱনত শক্তিশালী প্ৰভাৱ পেলায়৷ যুদ্ধ, শক্তি, সাহস, খং এই সকলোবোৰেই মঙ্গলৰ প্ৰতীক৷ প্ৰায় ৪৫ দিন অন্তৰে অন্তৰে তাৰ ৰাশি পৰিবৰ্তন হয়, আৰু প্ৰতিটো পৰিবৰ্তনেই কিছু ৰাশিৰ জাতকৰ ওপৰত পৃথক প্ৰভাৱ পেলায়৷ ডিচেম্বৰ ২০২৫ৰ প্ৰথম সপ্তাহত মঙ্গলে তাৰ নিজ ৰাশি বৃশ্চিক এৰি ধনু ৰাশিত প্ৰৱেশ কৰিব৷ এই পৰিবৰ্তনক লৈ জ্যোতিষমহলত ইতিমধ্যেই নানান আলোচনা আৰম্ভ হয়৷ কাৰোবাৰ জীৱনত ডাঙৰ চাপ, কাৰোবাৰ সংসাৰত আহিব পাৰে বিবাদ, আৰ্থিক ক্ষতিৰো মুখামুখি হ’ব পাৰে?
৭ ডিচেম্বৰ ২০২৫ তাৰিখে মঙ্গল ধনু ৰাশিত প্ৰৱেশ কৰিছে ধনুত মঙ্গলৰ উপস্থিতি বহু সময়ত মানসিক অস্থিৰতা, খঙৰ প্ৰৱণতা, আইনী ঝামেলা বা আৰ্থিক ভুল সিদ্ধান্তৰ কাৰণ হৈছে৷ ফলত কিছু ৰাশিয়ে এই সময়ত বিশেষ সতৰ্ক নহলে সমস্যাৰ সন্মুখীন হ’ব পাৰে৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই সময় বৰ এটা সুবিধাজনক নহয়৷ কোনো ক্ষতি বা টকাৰ লেনদেন ভুল হোৱাৰ আশংকা আছে৷ বিশেষকৈ হঠাৎ কোনো খৰচ বাঢ়ি যোৱাৰ ফলত আৰ্থিক চাপ তৈয়াৰ হব৷ কামৰ স্থানত অনিচ্ছা স্বত্বেও কিছু দায়িত্ব আৰু মানসিক চাপ লবলগীয়া হব৷ শৰীৰত দুৰ্বলতা বা ক্লান্তিয়ে দেখা দিব পাৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাই এই সময়ত কোনো অপ্ৰীতিকৰ খবৰ শুনি মানসিকভাৱে ভাঙি পৰিব পাৰে৷ অন্যৰ কথাত বিশ্বাস কৰি সিদ্ধান্ত ল’লে ক্ষতিৰ সম্ভাৱনা বেছি৷ যিসকলে আইনী সমস্যাত জড়িত তেওঁলোকৰ জটিলতা বাঢ়িব পাৰে৷ খং আৰু আৱেগ নিয়ন্ত্ৰণত নাথাকিলে সম্পৰ্কত দূৰত্ব তৈয়াৰ হব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ এই সময় বৰ এটা সুখকৰ নহয়৷ কাৰোবাৰ সৈতে ঝামেলাত সোমাই পৰাৰ আশংকা প্ৰবল৷ ভুল বুজাবুজি বা উত্তেজনাৰ পৰা ৰেহাই পাব৷ পৰিকল্পনামতে কাম নোহোৱাত মনলৈ হতাশা আহিব পাৰে৷ চাকৰি বা ব্যৱসায় ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা জৰুৰী৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে এই গোচৰ বিশেষভাৱে চাপৰ৷ মঙ্গলে নিজেই এই ৰাশিত প্ৰৱেশ কৰাৰ ফলত মানসিক অস্থিৰতা বাঢ়িব পাৰে৷ এই সময়ত ভুলতো কৰোবাত ডাঙৰ অংকৰ বিনিয়োগ কৰা উচিত নহয় অন্যথা ক্ষতি নিশ্চিত৷ পঢ়ুৱৈসকলে প্ৰচেষ্টা কৰা সত্ত্বেও সাফল্য নোপোৱাত মন বেয়া হব পাৰে৷ ৰাজনীতিৰ সৈতে যুক্তসকলৰ বিৰুদ্ধে গোপন ষড়যন্ত্ৰ তৈয়াৰ হব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাৰ শাৰীৰিক সমস্যা বাঢ়িব৷ হঠাৎ শৰীৰ বেয়া হোৱা, কামৰ চাপ বাঢ়িব৷ অতিৰিক্ত চিন্তাৰ কাৰণে শাৰীৰিক দুৰ্বলতাই দেখা দিব৷ কোনো কাগজপত্ৰ নপঢ়াকৈ চহী কৰাটো বিপজ্জনক হব পাৰে৷ চাকৰিত টাৰ্গেট বা দায়িত্ব পূৰণ কৰিবলৈ গৈ সমস্যা বাঢ়িব পাৰে৷ সন্তানৰ দিশত নজৰ দিয়া জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















