১৬ ডিচেম্বৰ অৰ্থাৎ আজি আছিল জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি৷ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত আটাইকেইটা অভিযুক্তকে ভিডিঅ’ কনফাৰেন্সৰ জড়িয়তে আদালতত হাজিৰ কৰোৱা হয়৷ কামৰূপ মহানগৰ CJMৰ সন্মুখত হাজিৰ কৰোৱা হৈছে আটাইকেইটা অভিযুক্তক৷ সকলো অভিযুক্তকে কাৰাগাৰত দিয়া হৈছে অভিযোগনামাৰ প্ৰতিলিপি৷ আদালতত ভিডিঅ’ কনফাৰেন্সযোগে হাজিৰ হৈ কি কি কৰিলে আটাইকেইটা অভিযুক্তই৷ সেই কথা জানিবলৈ প্ৰায়সকলেই আগ্ৰহীও হৈ আছে৷ আনহাতে কাৰাগাৰত কেনেদৰে আছে আটাইকেইটা অভিযুক্ত সেই কথাও জানিবলৈ আগ্ৰহী হৈ আছে জনতা৷
১৬ ডিচেম্বৰত অভিযুক্তৰ হৈ আদালতত উপস্থিত অধিবক্তা ধ্ৰুৱজ্যোতি দাস৷ জিলা আইনী সেৱা কৰ্তৃপক্ষৰ পৰা নিয়োগ কৰা হৈছে অধিবক্ত ধ্ৰুৱজ্যোতি দাসক৷ ধ্ৰুৱজ্যোতি দাসে সংবাদমাধ্যমৰ আগত জনোৱা অনুসৰি প্ৰথমটো শুনানিৰ সময়ত কাৰাগাৰত হুৰাহুৰে কান্দিছে একমাত্ৰ মহিলা অভিযুক্ত অমৃতপ্ৰভাই৷ সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপন অনুতপ্ত হোৱাৰ লগতে হতাশো হৈছে৷ সন্দীপন আটাইতকৈ বেছি ভাগৰি পৰিছে বুলিও উল্লেখ কৰিছে অধিবক্তাই৷ কিন্তু এজনো অভিযুক্ত ক্ষীণাই শুকাই যোৱা নাই৷ পূৰ্বৰ দৰেই আছে আটাইকেইজনৰে স্বাস্থ্য৷
ইয়াৰোপৰি অধিবক্তা ধ্ৰুৱজ্যোতি দাসে কয়, ‘JUSTICE FOR ZUBEEN GARG মানে ৰাইজে ভুল বুজি আছে । JUSTICE মানেই শাস্তি দিয়া নুবুজাই । এই কথাটোৰ বাবে ৰাইজে মোক ভুল বুজিবও পাৰে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















