কলষ্টেৰল এক ধৰণৰ চৰ্বীজাতীয় তৈলাক্ত ষ্টেৰয়েড যি কোষৰ চেল মেমব্ৰেনত পোৱা যায়৷ আৰু ই প্ৰাণীৰ ৰক্তত পৰিবাহিত হয়৷ এক সুস্থ শৰীৰৰ বাবে প্ৰচুৰ কলষ্টেৰলৰ প্ৰয়োজন৷ কলষ্টেৰলে কোষ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ই স্নায়ু কোষক ৰক্ষা কৰিবলৈ ভিটামিন আৰু হৰমন তৈয়াৰৰ কাম কৰে৷ হাৰ্ট ভালে ৰখাৰ বাবে কলষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ৷ যেতিয়া কলষ্টেৰলৰ মাত্ৰা ২০০ মিলি গ্ৰাম/ ডেচিলিটাৰতকৈ বেছি হয় তেতিয়া উচ্চ কলষ্টেৰলৰ সমস্যাৰ সন্মুখীন হব পাৰে৷
মানৱ শৰীৰত প্ৰধানত দুই ধৰণৰ কলষ্টেৰল পোৱা যায়৷ উচ্চ ঘনত্বৰ লিপোপ্ৰটিন আৰু নিম্ন ঘনত্বৰ লাইপোপ্ৰটিন কলষ্টেৰল৷ এল ডি এল কলষ্টেৰলক বেয়া কলষ্টেৰল বুলিও কোৱা হয়৷ উচ্চ মাত্ৰাত এল ডি এল কলষ্টেৰল থাকিলে হৃদৰোগৰ সমস্যা বাঢ়ে৷ এনে কিছু অভ্যাস আছে যিয়ে বেয়া কলষ্টেৰল বঢ়াই হৃদৰোগৰ আশংকা বঢ়াব পাৰে৷ সেয়ে অনতিপলমে এইকেইটা অভ্যাস সলনি কৰাৰ প্ৰয়োজনীয়তা আছে৷
ব্ৰেকফাষ্ট নকৰা
বহুতৰে অভ্যাস যে খৰধৰ হলে ব্ৰেকফাষ্ট নকৰে৷ তেনে স্বভাৱৰ ব্যক্তিৰ কলষ্টেৰল হোৱাৰ আশংকা বাঢ়ে৷ গৱেষণাত দেখা গৈছে যে যিসকলে ব্ৰেকফাষ্ট বাদ দিয়ে তেওঁলোকৰ বেয়া কলষ্টেৰলৰ মাত্ৰা বেছি হয়৷ পাৰমেডত প্ৰকাশিত এক গৱেষণা অনুসৰি স্থুল ব্যক্তিৰ যিসকলে ব্ৰেকফাষ্ট বাদ দিছিল, তেওঁলোকৰ কলষ্টেৰলৰ মাত্ৰা বেছি আছিল৷ যিসকলে স্বাস্থ্যকৰ ব্ৰেকফাষ্ট কৰে তেওঁলোকৰ স্বাস্থ্যকৰ কলষ্টেৰলৰ মাত্ৰা বেছি৷
উচ্চ চৰ্বিযুক্ত খাদ্য
পুৱাই ভজা খাদ্য, পেষ্ট্ৰি, প্ৰক্ৰিয়াজাত মাংস বা ফাষ্ট ফুড খালে কলষ্টেৰল বাঢ়িব পাৰে৷ ইয়াৰ কাৰণ হৈছে এই খাদ্যসমূহত চেছুৰেটেড ফেট আৰু ট্ৰান্স ফেট বেছি থাকে৷ যিয়ে শৰীৰত বেয়া কলষ্টেৰল দ্ৰুত হাৰত বঢ়াই দিয়ে৷ গৱেষণাত আৰু দেখা গৈছে যে এই অস্বাস্থ্যকৰ চৰ্বিযুক্ত ব্ৰেকফাষ্ট খালে হৃদৰোগৰ আশংকা বাঢ়িব পাৰে৷
পুৱাই মানসিক চাপত থকা
পুৱাই অতিৰিক্ত মানসিক চাপত থাকিলে শৰীৰত ষ্ট্ৰেচ হৰমনৰ মাত্ৰা বঢ়াই দিয়ে৷ ই চৰ্বি বিপাকক ব্যাহত কৰে আৰু বেয়া কলষ্টেৰল বঢ়াই দিয়ে৷ গৱেষণাৰ পৰা জনা গৈছে যে প্ৰতিদিনে পুৱাই মানসিক চাপ ল’লে প্ৰদাহ বাঢ়িব পাৰে৷ যিয়ে হৃদৰোগৰ আশংকা বঢ়াই দিয়ে৷
শাৰীৰিক কাৰ্যকলাপ নকৰা
পুৱাই টোপনিৰ পৰা ওঠাৰ পাছত যদি আপুনি একেবাৰে লৰচৰ নকৰে তেতিয়াও কলষ্টেৰলৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷ খোজ কঢ়া, ষ্ট্ৰেচিঙৰ দৰে পাতল ব্যয়ামেও ভাল কলষ্টেৰল বঢ়াব আৰু বেয়া কলষ্টেৰলৰ ভাৰসাম্য বজায় ৰখাত সহায়ক হয়৷ কেইবাটাও গৱেষণাত দেখা গৈছে যে পুৱাই ব্যায়াম কৰিলে শৰীৰত কলষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷
পৰ্যাপ্ত টোপনি নোহোৱা
টোপনিৰ সৈতে কলষ্টেৰলৰ সম্পৰ্ক আছে৷ কম টোপনি বা প্ৰতিদিনে ভিন্ন ভিন্ন সময়ত টোপনি গলে শৰীৰৰ জৈৱিক ঘড়ী ব্যাহত হয়৷ যিয়ে ফলস্বৰূপে কলষ্টেৰলৰ ওপৰত প্ৰভাৱ পেলায়৷ কেইবাটাও গৱেষণাত দেখা গৈছে যে যিসকলে পৰ্যাপ্ত টোপনি নামাৰে বা টোপনিৰ ৰুটিন অনিয়মিত তেওঁলোকৰ বেয়া কলষ্টেৰলৰ মাত্ৰা বেছি আৰু ভাল কলষ্টেৰলৰ মাত্ৰা কম থাকে৷
(সজাগতাৰ বাবে এই নিউজ লিখা হৈছে৷ সবিশেষ জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লওত৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















