কাইলৈ ১৮ ডিচেম্বৰ ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহ মাহৰ কৃষ্ণা চতুৰ্দশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ধৃতি যোগ আৰু শূল যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব অনুৰাধা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে লক্ষ্মী আৰু নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
১৮ ডিচেম্বৰ মিথুন ৰাশিফল
কাইলৈ অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত আত্মীয় বা প্ৰতিবেশীৰ পৰা খুবেই ভাল কোনো খবৰ পাব মিথুন ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মন আনন্দেৰে ভৰপুৰ থাকিব৷ বিৰোধীয়ে আপোনাক জব্দ কৰাৰ বাবে নানান চক্ৰান্ত কৰিব পাৰে৷ বিৰোধীৰ এই চেষ্টা আপুনি ব্যৰ্থ কৰি দিব পাৰিব৷ শত্ৰুৱে বৰং নিজৰ মাজতেই যুঁজ আৰম্ভ কৰি দিব৷
১৮ ডিচেম্বৰ সিংহ ৰাশিফল
সামাজিক কামত সক্ৰিয়ভাৱে অংশ লব পাৰে সিংহ ৰাশিৰ জাতকে৷ ধৃতি যোগৰ প্ৰভাৱত সমাজত আপোনাৰ জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ কাইলৈ নাৰায়ণৰ আশীৰ্বাদত আত্মবিশ্বাস তুংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ জীৱনসংগীৰ সৈতে ভুল বুজাবুজি থাকিলে দূৰ হব৷ সংগীৰ সৈতে সুন্দৰ স্থানলৈ ফুৰিবলৈ যাব পাৰে৷
১৮ ডিচেম্বৰ ধনু ৰাশিফল
লক্ষ্মীৰ কৃপাত কাইলৈ ১৮ ডিচেম্বৰত সম্পদ বৃদ্ধিৰ যোগ আছে ধনু ৰাশিৰ জাতকৰ৷ স্বাস্থ্য পূৰ্বতকৈ বহু পৰিমাণে উন্নত থাকিব৷ ধৃতি যোগৰ প্ৰভাৱত মোটা আৰ্থিক লাভৰ যোগ আছে ধনু ৰাশিৰ জাতকৰ সন্মুখত৷ কোনো পুৰণি অসুখৰ পৰা মুক্তি পাব পাৰে৷ সন্তানৰ ভৱিষ্যৎ সম্পৰ্কে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷
১৮ ডিচেম্বৰ বৃশ্চিক ৰাশিফল
কাইলৈ বৃহস্পতিবাৰে ইন্দ্ৰ যোগৰ শুভ প্ৰভাৱত যিকোনো কামত হাত দিলে তাতেই সাফল্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ নজৰকাঢ়ি লোৱা উন্নতি কৰিব পাৰে৷ সকলো কাম সম্পূৰ্ণ মনোযোগেৰে কৰিব মকৰ ৰাশিৰ জাতকে৷ আত্মবিশ্বাস তুংগত থাকিব৷ যি কামত হাত নিদিয়ক কিয় সাফল্য লাভ কৰিবই৷ আৰ্থিকভাৱেও উন্নতি কৰিব৷
১৮ ডিচেম্বৰ মীন ৰাশিফল
সন্তানৰ বিষয়ে ভাল খবৰ পোৱাৰ বাবে মনত আনন্দ থাকিব মীন ৰাশিৰ জাতকৰ৷ নীতি আৰু আদৰ্শবোধ অনড় থাকিব আৰু বেয়া কামৰ পৰা দূৰৈত থাকিব৷ ইয়াৰ ফলত প্ৰথমে সমস্যা হলেও শেষত জয় লাভ আপোনাৰেই হব৷ কৰোবাত বিনিয়োগ কৰিলে ভাল লাভ কৰিব পাৰে মীন ৰাশিৰ জাতকে৷ সংগীৰ সৈতে ভাল সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















