উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক শৰীৰত কি ভিটামিন কম থাকিলে ব্লাড ছুগাৰ বাঢ়ে?

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক শৰীৰত কি ভিটামিন কম থাকিলে ব্লাড ছুগাৰ বাঢ়ে?

বিশ্বজুৰি এতিয়া ডায়বেটিছ মহামাৰীৰ দৰে বাঢ়িছে৷ ঘৰে ঘৰেই আছে ডায়বেটিছ আক্ৰান্ত৷ ভাৰতত এই সংখ্যা দ্ৰুতগতিত বাঢ়িব ধৰিছে৷ দীৰ্ঘদিন ধৰি ডায়বেটিছ নিয়ন্ত্ৰণত নাৰাখিলে নানান জটিল ৰোগৰো আশংকা বাঢ়িব পাৰে৷ সেয়ে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰখা খুবেই জৰুৰী৷ টাইপ ২ ডায়বেটিছত ঔষধৰ সৈতে প্ৰয়োজন জীৱনযাপনৰ পৰিবৰ্তনৰ৷ নিয়মিত শৰীৰচৰ্চা, স্বাস্থ্যকৰ ডায়েটৰ৷ শৰীৰত ব্লাড ছুগাৰৰ মাত্ৰা বাঢ়ি যোৱাৰ আঁৰত থাকিব পাৰে বহু কাৰণ৷ যাৰ মাজত এটা হৈছে ভিটামিনৰ অভাৱ৷ আধুনিক গৱেষণাত দাবী কৰা হৈছে যে এক নিৰ্দিষ্ট ভিটামিনৰ অভাৱত শৰীৰত ইনছুলিনৰ কামৰ প্ৰভাৱ পৰে যিয়ে ডায়বেটিছৰ আশংকা বঢ়াই দিয়ে৷

শৰীৰ সুস্থ কৰি ৰাখিবলৈ অন্যতম প্ৰয়োজনীয় উপাদান হৈছে ভিটামিন ডি৷ এই ভিটামিনে কেৱল হাড়ৰেই স্বাস্থ্য ঠিকে নাৰাখে, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাকো নিয়ন্ত্ৰণ কৰে৷ ইয়াৰোপৰি শৰীৰত ইনছুলিন উৎপাদন আৰু ইয়াৰ প্ৰভাৱ বঢ়োৱাতো সহায় কৰে৷ শৰীৰত ভিটামিন ডিৰ ঘাটি হ’লে ইনছুলিনে ঠিকমতে কাম কৰিব নোৱাৰে আৰু তেজত শৰ্কৰাৰ মাত্ৰাও বাঢ়িবলৈ আৰম্ভ কৰে৷ যাৰ কাৰণে টাইপ ২ ডায়বেটিছৰ আশংকা বাঢ়ি যায়৷ ভিটামিন ডিৰ সৈতে ডায়বেটিছৰ এক যোগসূত্ৰ বহুদিন পূৰ্বেই বিচাৰি পাইছে গৱেষকে৷ ভিটামিন ডি সমৃদ্ধ উৎস হৈছে সূৰ্যালোক৷ ইয়াৰোপৰি বেছ কিছু খাদ্যতো এই ভিটামিন পোৱা যায়৷ ভিটামিন ডি যিয়ে তেজত গ্লুকজৰ মাত্ৰা কমাব পাৰে সেয়া বহুতেই নাজানে৷ বিশেষকৈ যিসকল ইতিমধ্যেই প্ৰি ডায়বেটিছত আক্ৰান্ত তেওঁলোকৰ বাবেও ভিটামিন ডি অত্যন্ত গুৰুত্বপূৰ্ণ৷

কেনেকৈ বুজিব ভিটামিন ডিৰ ঘাটি?

ভিটামিন ডিয়ে শৰীৰত কেলছিয়াম আৰু ফছফৰাছ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ সেয়ে এই ভিটামিনৰ অভাৱ হ’লে আঁঠু, কঁকালসহ জয়েণ্টৰ বিষ হব পাৰে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷ বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ কৰাতো ডাঙৰ ভূমিকা পালন কৰে ভিটামিন ডিয়ে৷ ফলত ঘনে ঘনে ভাইৰেল জ্বৰ, চৰ্দি কাঁহত ভূগিলে শৰীৰত ভিটামিন ডিৰ ঘাটিৰ লক্ষণ হব পাৰে৷ হাত, ভৰিৰ ঝিনঝিননিও ভিটামিন ডিৰ ঘাটিৰ কাৰণে হ’ব পাৰে৷ ভিটামিন ডিৰ অভাৱত চুলি আৰু চালৰো ক্ষতি হ’ব পাৰে৷ অতিৰিক্ত চুলি সৰা, ছাল ৰুক্ষ হৈ যোৱাৰ দৰে লক্ষণসমূহে দেখা দিলে অবিলম্বে ভিটামিন ডিৰ পৰীক্ষা কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *