আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা
শৰীৰৰ ষ্টেমিনা কিয় কমে?
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক শৰীৰত কি ভিটামিন কম থাকিলে ব্লাড ছুগাৰ বাঢ়ে?

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক শৰীৰত কি ভিটামিন কম থাকিলে ব্লাড ছুগাৰ বাঢ়ে?

বিশ্বজুৰি এতিয়া ডায়বেটিছ মহামাৰীৰ দৰে বাঢ়িছে৷ ঘৰে ঘৰেই আছে ডায়বেটিছ আক্ৰান্ত৷ ভাৰতত এই সংখ্যা দ্ৰুতগতিত বাঢ়িব ধৰিছে৷ দীৰ্ঘদিন ধৰি ডায়বেটিছ নিয়ন্ত্ৰণত নাৰাখিলে নানান জটিল ৰোগৰো আশংকা বাঢ়িব পাৰে৷ সেয়ে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰখা খুবেই জৰুৰী৷ টাইপ ২ ডায়বেটিছত ঔষধৰ সৈতে প্ৰয়োজন জীৱনযাপনৰ পৰিবৰ্তনৰ৷ নিয়মিত শৰীৰচৰ্চা, স্বাস্থ্যকৰ ডায়েটৰ৷ শৰীৰত ব্লাড ছুগাৰৰ মাত্ৰা বাঢ়ি যোৱাৰ আঁৰত থাকিব পাৰে বহু কাৰণ৷ যাৰ মাজত এটা হৈছে ভিটামিনৰ অভাৱ৷ আধুনিক গৱেষণাত দাবী কৰা হৈছে যে এক নিৰ্দিষ্ট ভিটামিনৰ অভাৱত শৰীৰত ইনছুলিনৰ কামৰ প্ৰভাৱ পৰে যিয়ে ডায়বেটিছৰ আশংকা বঢ়াই দিয়ে৷

শৰীৰ সুস্থ কৰি ৰাখিবলৈ অন্যতম প্ৰয়োজনীয় উপাদান হৈছে ভিটামিন ডি৷ এই ভিটামিনে কেৱল হাড়ৰেই স্বাস্থ্য ঠিকে নাৰাখে, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাকো নিয়ন্ত্ৰণ কৰে৷ ইয়াৰোপৰি শৰীৰত ইনছুলিন উৎপাদন আৰু ইয়াৰ প্ৰভাৱ বঢ়োৱাতো সহায় কৰে৷ শৰীৰত ভিটামিন ডিৰ ঘাটি হ’লে ইনছুলিনে ঠিকমতে কাম কৰিব নোৱাৰে আৰু তেজত শৰ্কৰাৰ মাত্ৰাও বাঢ়িবলৈ আৰম্ভ কৰে৷ যাৰ কাৰণে টাইপ ২ ডায়বেটিছৰ আশংকা বাঢ়ি যায়৷ ভিটামিন ডিৰ সৈতে ডায়বেটিছৰ এক যোগসূত্ৰ বহুদিন পূৰ্বেই বিচাৰি পাইছে গৱেষকে৷ ভিটামিন ডি সমৃদ্ধ উৎস হৈছে সূৰ্যালোক৷ ইয়াৰোপৰি বেছ কিছু খাদ্যতো এই ভিটামিন পোৱা যায়৷ ভিটামিন ডি যিয়ে তেজত গ্লুকজৰ মাত্ৰা কমাব পাৰে সেয়া বহুতেই নাজানে৷ বিশেষকৈ যিসকল ইতিমধ্যেই প্ৰি ডায়বেটিছত আক্ৰান্ত তেওঁলোকৰ বাবেও ভিটামিন ডি অত্যন্ত গুৰুত্বপূৰ্ণ৷

কেনেকৈ বুজিব ভিটামিন ডিৰ ঘাটি?

ভিটামিন ডিয়ে শৰীৰত কেলছিয়াম আৰু ফছফৰাছ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ সেয়ে এই ভিটামিনৰ অভাৱ হ’লে আঁঠু, কঁকালসহ জয়েণ্টৰ বিষ হব পাৰে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷ বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ কৰাতো ডাঙৰ ভূমিকা পালন কৰে ভিটামিন ডিয়ে৷ ফলত ঘনে ঘনে ভাইৰেল জ্বৰ, চৰ্দি কাঁহত ভূগিলে শৰীৰত ভিটামিন ডিৰ ঘাটিৰ লক্ষণ হব পাৰে৷ হাত, ভৰিৰ ঝিনঝিননিও ভিটামিন ডিৰ ঘাটিৰ কাৰণে হ’ব পাৰে৷ ভিটামিন ডিৰ অভাৱত চুলি আৰু চালৰো ক্ষতি হ’ব পাৰে৷ অতিৰিক্ত চুলি সৰা, ছাল ৰুক্ষ হৈ যোৱাৰ দৰে লক্ষণসমূহে দেখা দিলে অবিলম্বে ভিটামিন ডিৰ পৰীক্ষা কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *