মাঘী পূৰ্ণিমা বা মাঘ পূৰ্ণিমা হৈছে মঘানক্ষত্ৰাযুক্ত মাঘ মাহত পূৰ্ণিমা তিথি আৰু হিন্দু আৰু বৌদ্ধসকলৰ এটা ধৰ্মীয় উৎসৱ৷ চন্দ্ৰ, গুৰু আৰু শনি তিনিটা গ্ৰহই অশ্লেষা নক্ষত্ৰত তেওঁলোকৰ নিজস্ব ৰাশিত উপস্থিত থাকে৷ এইদিনটোত গৌতম বুদ্ধই তেওঁৰ পৰিভ্ৰমণৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰোপৰি কথিত আছে যে এই তিথিত দেৱতাসকলে মৰ্ত্যলোক ভ্ৰমণ কৰিব পাৰে৷
সনাতন ধৰ্মত মাঘ পূৰ্ণিমাক অত্যন্ত পবিত্ৰ বুলি ধাৰণা কৰা হয়৷ কাৰণ এইদিনটোত চন্দ্ৰ দেৱতাই তেওঁৰ পূৰ্ণ দশাত থাকে৷ ইয়াৰোপৰি ই মাঘ মাহৰ শেষ দিনত আৰু এই পূৰ্ণিমা মাঘী পূৰ্ণিমা নামেৰেও পৰিচিত৷ মাঘ পূৰ্ণিমাত গা ধোৱা, দান কৰা আৰু জপ কৰা অত্যন্ত ফলদায়ক৷ বিশ্বাস কৰা হয় যে মাঘ মাহত সমস্ত দেৱ-দেৱীয়ে গংগা স্নান কৰিবলৈ পৃথিৱীলৈ আহে৷
এইবছৰ মাঘী পূৰ্ণিমা পৰিছে ১ ফেব্ৰুৱাৰীত৷ ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই তাৰিখটো অত্যন্ত বিশেষ বুলি ধাৰণা কৰা হয়৷ এইদিনটোত কেইবাটাও শুভ গ্ৰহৰ বিৰল সংযোগ ঘটিছে৷ যিয়ে মাঘ পূৰ্ণিমাৰ গুৰুত্বক আৰু বঢ়াই তুলিছে৷
দৃক পঞ্চাঙ্গ অনুসৰি, মাঘ পূৰ্ণিমাৰ দিনা প্ৰীতি যোগ, আয়ুষ্মান যোগ, পুষ্যা নক্ষত্ৰ, ৰবি পুষ্য যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ সংযোগ ঘটিছে৷ এই শুভ যোগসমূহৰ প্ৰভাৱত কেইবাটাও নিৰ্দিষ্ট ৰাশিৰ জাতক জাতিকাৰ ওপৰত বিশেষভাৱে অনুভূত হব পাৰে৷ বিশ্বাস কৰা হয় যে এই যোগসমূহৰ প্ৰভাৱত জীৱনত বহু সমস্যাৰ সমাধান হব আৰু সৌভাগ্যৰ নতুন দ্বাৰ উন্মোচিত হব৷ এই দিনটো বিশেষকৈ চাৰিটা ৰাশিৰ বাবে সুখ কঢ়িয়াই আনিব পাৰে৷ জানি থওক কাৰ কাৰ সু-সময় আৰম্ভ হব৷
মেষ ৰাশি
মেষ ৰাশিৰ বাবে মাঘ পূৰ্ণিমাই সাফল্য কঢ়িয়াই আনিব পাৰে৷ দীৰ্ঘদিনৰ কঠোৰ পৰিশ্ৰম এতিয়া ফলপ্ৰসূ হব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত ভাল ফল লাভৰ সম্ভাৱনা আছে৷ যিকোনো শুভ কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল৷ যিসকলে ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ লাভৰ সুযোগ আহিব পাৰে৷
মিথুন ৰাশি
এই পূৰ্ণিমাত মিথুন ৰাশিৰ বাবে ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা সফল হব৷ ৰৈ থকা কাম সম্পন্ন হব পাৰে৷ চাকৰি আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই লাভৰ সম্ভাৱনা আছে৷ জীৱনৰ চলমান সমস্যাসমূহৰ সমাধান হব পাৰে৷ এই সময়ত আপোনাৰ কথাত সংযম বজায় ৰখা অত্যন্ত গুৰুত্বপূৰ্ণ হব৷ আপুনি যদি কোনো নতুন প্ৰকল্পৰ কাম কৰি আছে তেন্তে সফল হোৱাৰ সম্ভাৱনা আছে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ বাবে এই সময়ত তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পোৱাৰ সময়৷ আপোনাৰ নিষ্ঠা আৰু প্ৰচেষ্টাৰ ফলত আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় অনুকূল হব৷ সমাজ আৰু কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ কোনো ডাঙৰ চুক্তি বা সুযোগৰ কাৰণে অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে৷
ধনু ৰাশি
মাঘ পূৰ্ণিমাত ধনু ৰাশিৰ বাবে নতুন সুযোগ আহিব পাৰে৷ কৰ্মজীৱন আৰু ব্যৱসায়ত নতুন সুযোগ আহিব৷ পৰিকল্পনাত সফল হব পাৰে৷ বিনিয়োগ লাভজনক হোৱাৰ সম্ভাৱনা আছে৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হওক৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা পাব৷ ব্যক্তিগত সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















