সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা সামগ্ৰী চুৰি৷ জুবিনৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে৷ এই অভিযোগ উত্থাপন কৰিছে জুবিন ফেন ক্লাবে৷ জুবিন ফেন ক্লাবৰ তৰফৰ পৰা জনোৱা হৈছে এনেদৰে, ‘জুবিন ক্ষেত্ৰত চুৰ ওলাইছে। জুবিন গাৰ্গলৈ ৰাইজে আগবঢ়াই থৈ যোৱা শৰাই, গামোচা, গীটাৰ, keyboard আদি চুৰ কৰি লৈ গৈছে। চুৰ হৈছে নিজকে জুবিন গাৰ্গৰ ঘনিষ্ঠ বুলি জহাই ফুৰা চিৰঞ্জীৱ কাশ্যপ নামৰ এজন ভুৱা অনুৰাগীৰ। আমি অনতি পলমে সকলো সামগ্ৰী জুবিন ক্ষেত্ৰত ঘূৰাই দিবলৈ আহ্বান জনালো।’
ফেন ক্লাবৰ এই অভিযোগৰ পাছতেই চিৰঞ্জীৱ কাশ্যপে সামাজিক মাধ্যমত লাইভ আহি কৈছে, ‘মই একো সামগ্ৰী চুৰি কৰা নাই৷ মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হৈছে৷ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা হৈছে৷’
এই সমগ্ৰ ঘটনাক লৈ কণ্ঠশিল্পী নিলোৎপল বৰাই সামাজিক মাধ্যমত লিখিছে, ‘বহুবছৰৰ পৰাই ইয়াক জানোঁ , ই সঁচাকে চোৰ হয়নে নহয় নেজানোঁ কিন্তু ল’ৰাটো যে সৎ নহয় সেয়া ভালদৰে জানোঁ । মোৰ লগতো এবছৰ বিহুত বজাইছিল , তাৰ চতুৰ কৰ্ম কাণ্ডৰ বাবে তাক পিছৰ বছৰ লোৱা নাছিলোঁ । জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰি য’তে ত’তে ফাঁকি কথা কৈ নিজৰ ব্যৱসায় চলায় যোৱা বহুদিনৰ পৰাই দেখি আহিছোঁ । জুবিন গাৰ্গৰ বা জুবিন গাৰ্গৰ পৰিয়ালৰ ঘনিষ্ঠ ই আগতেও নাছিল , এতিয়াও নহয় । সকলো সাৱধান হওঁক , প্ৰশাসনে উচিত বিচাৰ কৰক।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















