ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালিত হয়৷ কথিত যে এই দিনটোত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিয়া হৈছিল৷ শিৱভক্তৰ প্ৰিয় উৎসৱ মহাশিৱৰাত্ৰী৷ এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে ভগৱান শিৱৰ ভক্তসকলে৷ বেছিভাগ মানুহেই মহাশিৱৰাত্ৰিৰ দিনা উপবাসে থাকি ব্ৰতো পালন কৰে৷ চাৰি প্ৰহৰত ভগৱান শিৱৰ মূৰত পানী ঢালে৷ প্ৰচলিত বিশ্বাস যে মহাশিৱৰাত্ৰিৰ দিনা শিৱপূজা, জপ, তপস্যা আৰু উপবাসে থাকি নিয়ম পালন কৰিলে শিৱ-পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়৷ ই সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে জীৱনলৈ৷ বিবাহিত জীৱনত প্ৰেম বৃদ্ধি পায় আৰু সকলো দুখ আৰু সমস্যা দূৰ হয়৷ এই বছৰ মহাশিৱৰাত্ৰি কেতিয়া পৰিছে?
মহাশিৱৰাত্ৰি কেতিয়া?
ফাগুন মাহৰ কৃষ্ণপক্ষৰ চুতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালিত হয়৷ পঞ্জিকা অনুসৰি ফাগুনৰ কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ’ব ১৫ ফেব্ৰুৱাৰী ২০২৬ৰ বিয়লি ৫.০৪ মিনিটত৷ ১৬ ফেব্ৰুৱাৰীৰ পুৱা ৫.৩৪ মিনিটত শেষ হ’ব৷ যিহেতু প্ৰদোষ কালত সন্ধিয়া আৰু নিশীথ কালত নিশা ভগৱান শিৱৰ পূজা কৰাটো গুৰুত্বপূৰ্ণ সেয়ে মহাশিৱৰাত্ৰি ১৫ জানুৱাৰীত পালিত হ’ব৷
এই বছৰ মহাশিৱৰাত্ৰিৰ নিশীথ কালত পূজাৰ সময় ১৫ ফেব্ৰুৱাৰী ২০২৬ৰ নিশা ১১.৫২ মিনিটৰ পৰা নিশা ১২.৪২ মিনিট পৰ্যন্ত৷ অৰ্থাৎ নিশীথ কালত পূজাৰ সময় প্ৰায় ৫০ মিনিট সময় থাকিব৷
মহাশিৱৰাত্ৰিৰ ৪ প্ৰহৰত পূজাৰ সময়
মহাশিৱৰাত্ৰিৰ দিনা উপবাসে থাকি চাৰিটা প্ৰহৰেই পূজা কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ মহাশিৱৰাত্ৰিৰ সন্ধিয়া পূজা আৰম্ভ হয় আৰু পিছৰ দিনা পুৱা পৰ্যন্ত মুঠ চাৰিবাৰ পানী বা গাখীৰ ঢালিব লাগে৷
মহাশিৱৰাত্ৰিত প্ৰথম প্ৰহৰৰ পূজাৰ সময়
১৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬.০১ৰ পৰা নিশা ৯.০৯ মিনিট পৰ্যন্ত৷
মহাশিৱৰাত্ৰিত দ্বিতীয় প্ৰহৰ পূজাৰ সময়
১৫ ফেব্ৰুৱাৰীৰ নিশা ৯.০৯ মিনিটৰ পৰা ১৬ ফেব্ৰুৱাৰী নিশা ১২.১৭ মিনিট পৰ্যন্ত৷
মহাশিৱৰাত্ৰিত তৃতীয় প্ৰহৰ পূজাৰ সময়
১৬ ফেব্ৰুৱাৰীৰ নিশা ১২.১৭ মিনিটৰ পৰা পুৱতি নিশা ৩.২৫ মিনিট পৰ্যন্ত৷
মহাশিৱৰাত্ৰিত চতুৰ্থ প্ৰহৰৰ পূজাৰ সময়
১৬ ফেব্ৰুৱাৰী পুৱতি নিশা ৩.২৫ মিনিটৰ পৰা পুৱা ৫.৩৪ পৰ্যন্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















