মাহৰ পাছত মাহ ধৰি অস্থিৰতা, শুল্কক লৈ টনাআঁজোৰাৰ আৰু বাৰে বাৰে আলোচনা চলা সত্ত্বেও স্থগিত হৈ যোৱা ভাৰত-মাৰ্কিন বাণিজ্য চুক্তি অৱশেষত চূড়ান্ত হ’ল৷ মাৰ্কিন প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পে সোমবাৰে দাবী কৰিছে যে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই এখন দ্বিপাক্ষিক বাণিজ্য চুক্তিত সন্মত হৈছে৷ যাৰ ফলত দুই দেশৰ মাজত শুল্কৰ বোজা কমিব৷ ইয়াৰ সলনি ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিব লাগিব৷ ভাৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পণ্যৰ ওপৰত নিজৰ শুল্ক আৰু শুল্ক বহিৰ্ভূত বাধা শূন্য নমাই আনিব৷ ডোনাল্ড ট্ৰাম্পৰ পোষ্টৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে, ‘আমি অত্যন্ত সুখী৷’
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিশ্চিতকৈ কৈছে যে, ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত ট্ৰেড ডিল হৈছে আৰু ইয়াক তেওঁ উইন-উইন বুলিও উল্লেখ কৰিছে৷ ভাৰতীয় পণ্যৰ ওপৰত মাৰ্কিন শুল্ক দীৰ্ঘদিন ধৰি ২৫ শতাংশ আছিল৷ ইয়াৰ পূৰ্বে আৰু বেছিকৈ বঢ়োৱা হৈছিল শুল্ক যাৰ ফলত ৰপ্তানি ব্যৱসায়ত সমস্যা আহিছিল৷ নতুন চুক্তিত সেই শুল্কৰ বোজা নাই ১৮শতাংশ কৰা হৈছে৷ ইয়াৰ ফলত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা ৰপ্তানি কৰা টেক্সটাইল, কেমিকেল, ইঞ্জিনিয়াৰিং সামগ্ৰী, অটো-কম্পনেন্টসহ বিভিন্ন সামগ্ৰী ক্ৰয়ত স্বস্তি পাব জনতাই৷
প্ৰধানমন্ত্ৰী-মাৰ্কিন প্ৰেচিডেণ্টৰ ফোনালাপ
ট্ৰাম্পৰ সেই ঘোষণা তেওঁৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফোনালাপৰ পাছতেই আহে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চুক্তিক স্বাগত জনাই এক্সত লিখিছে, ‘আজি মই মোৰ প্ৰিয় বন্ধু প্ৰেচিডেণ্ট ট্ৰাম্পৰ সৈতে কথা পাতি অত্যন্ত আনন্দিত৷ মেক ইন ইণ্ডিয়া পণ্যৰ ওপৰত শুল্ক কমি ১৮ শতাংশ হোৱাত আমি অত্যন্ত সুখী৷ ভাৰতৰ ১৪০ কোটি মানুহৰ পক্ষৰ পৰা প্ৰেচিডেণ্ট ট্ৰাম্পক ধন্যবাদ৷’
তেওঁ লগতে কয়, ‘যেতিয়া দুখৱ বৃহৎ অৰ্থনীতি আৰু বিশ্বৰ বৃহত্তম গণতন্ত্ৰই একেলগে কাম কৰে তেতিয়া আমাৰ জনগণৰ উপকাৰ হয় আৰু পাৰস্পৰিক সহযোগিতাৰ বাবে প্ৰচুৰ সুযোগ তৈয়াৰ কৰে৷’ ইয়াৰপাছতেই ট্ৰাম্পৰ ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে জনাই যে বিশ্ব শান্তি স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে প্ৰেচিডেণ্ট ট্ৰাম্পৰ নেতৃত্ব অত্যন্ত গুৰুত্বপূৰ্ণ৷ শান্তিৰ বাবে তেওঁৰ প্ৰচেষ্টাক ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰে৷ আমাৰ অংশীদাৰিত্বক উচ্চতালৈ লৈ যোৱাৰ বাবে আমি তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে উন্মুখ৷’ প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যত মূলত শুল্ক হ্ৰাসৰ বিষয়টো নিশ্চিত কৰা হলেও ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰা বা বিপুল পৰিমাণে মাৰ্কিন পণ্য কিনাৰ প্ৰতিশ্ৰুতিক লৈ একো বাখ্যা কৰা নাই৷ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে পাছত এক্স হেণ্ডেলত পোষ্ট কৰি জনাই যে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত এখন উইন-উইন বাণিজ্য চুক্তি সম্পন্ন হৈছে যিয়ে দুই দেশৰ শিল্প আৰু সাধাৰণ মানুহৰ বাবে লাভজনক হব৷
ভাৰত আৰু মাৰ্কিন বাণিজ্য চুক্তি
ভাৰতত নিযুক্ত মাৰ্কিন ৰাষ্ট্ৰদূত চেৰ্জিঅ’ গোৰৰ পোষ্টতেই এই ইংগিত পোৱা গৈছিল৷ সোমবাৰে নিশা ৯ বাজি ১৬ মিনিটত এক ছচিয়েল মিডিয়া পোষ্ট কৰি গোৰে জনাইছিল যে নতুন বছৰত মাৰ্কিন প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত কথা হৈছে৷ তাৰ কিছুক্ষণ পাছতেই নিজৰ ট্ৰুথ ছচিয়েল মিডিয়াৰ ভাৰতীয় পণ্যৰ ওপৰত টেৰিফ কমোৱা, বাণিজ্য চুক্তি বিষয়ক একাধিক সামগ্ৰীৰো উল্লেখ কৰিছে ট্ৰাম্পে৷ এক্স পোষ্টত গোৰে লিখিছিল, ‘প্ৰেচিডেণ্ট ট্ৰাম্পে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছে৷ আগলৈ আৰু নতুন নতুন খবৰৰ বাবে সাজু হওক৷’ এই পোষ্টৰ কিছুক্ষণ পাছতেই ডাঙৰ ঘোষণাটো কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷
ডোনাল্ড ট্ৰাম্পৰ ঘোষণা
ট্ৰাম্পে ট্ৰুথ ছচিয়েলত দিয়া এক দীৰ্ঘ পোষ্টত প্ৰধানমন্ত্ৰী মোদীক লৈ লিখিছে, ‘মোদি মোৰ সকলোতকৈ ঘনিষ্ঠ বন্ধুৰ মাজত এজন৷ দুই নেতাই বাণিজ্য, ইন্ধন সহযোগিতা আৰু ইউক্ৰেইন যুদ্ধক লৈ আলোচনা কৰিছো৷ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি বন্ধুত্ব আৰু সন্মান দেখুৱাই তেওঁৰ অনুৰোধ অনুসৰি আমি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত এখন বাণিজ্য চুক্তিত সন্মত হৈছো৷’ তেওঁ লগতে কয়, ‘মোদীয়ে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিবলৈ সন্মত হৈছে আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আনকি সম্ভাব্যভাৱে ভেনিজুয়েলাৰ পৰাও বহু বেছি তেল কিনিব৷ ইয়াৰ ফলত ইউক্ৰেইন যুদ্ধ শেষ কৰাত সহায় কৰিব, য’ত এই মুহূৰ্তত প্ৰতি সপ্তাহত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছে৷ ট্ৰাম্পে লগতে দাবী কৰিছে যে নতুন দিল্লীৰ মাৰ্কিন পণ্য আৰু পৰিসেৱাৰ ক্ৰয়ৰ পৰিমাণ বাঢ়িব৷’
ভাৰত আৰু মাৰ্কিন বাণিজ্য চুক্তিত কি কি আছে?
১. ভাৰতীয় পণ্যৰ ওপৰত পাৰস্পৰিক শুল্ক ২৫ শতাংশৰ পৰা কমাই ১৮ শতাংশ কৰা হৈছে৷ যি তাৎক্ষণিকভাৱে কাৰ্যকৰ হব৷
২. প্ৰধানমন্ত্ৰী মোদীয়ে নিশ্চিত কৰিছে যে মেক ইন ইণ্ডিয়া পণ্যৰ ওপৰত শুল্ক কমাই ১৮শতাংশ কৰা হৈছে৷
৩. কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনাইছে যে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত এখন বাণিজ্য চুক্তি সম্পন্ন হৈছে৷ যিয়ে দুই দেশৰ শিল্প আৰু সাধাৰণ মানুহৰ বাবে লাভজনক হব৷
৪. ট্ৰাম্পে কৈছে যে এই বাণিজ্য চুক্তি অবিলম্বে কাৰ্যকৰ হব৷
৫. ট্ৰাম্পৰ দাবী, ভাৰতে ৫০০ বিলিয়ন ডলাৰৰো বেছি মাৰ্কিন পণ্য আৰু ইন্ধন কিনিব৷
৬. ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিবলৈ সন্মত হৈছে আৰু মাৰ্কিন যুক্তৰাষ্টৰৰ পৰা সম্ভাৱ্যভাৱে ভেনিজুৱেলাৰ পৰাও বহু বেছি তেল ক্ৰয় কৰিব৷
৭. ট্ৰাম্পে জনাইছে যে ভাৰতে ধাপে ধাপে মাৰ্কিণ পণ্যৰ ওপৰত শুল্ক আৰু নন টেৰিফ বাধাও শূন্যলৈ নামিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















