আগন্তুক ২২ ফেব্ৰুৱাৰীত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব শনিয়ে৷ ইয়াৰ পাছতেই সম্পদ, সৌন্দৰ্য আৰু প্ৰেমৰ গ্ৰহ শুক্ৰই একে নক্ষত্ৰলৈ আহিব ৪ মাৰ্চত৷ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত শুক্ৰ আৰু শনিৰ যুঁটিৰ ফলত গঠিত হ’ব অৰ্ধকেন্দ্ৰ ৰাজযোগ৷ জ্যোতিষ গণনা অনুসৰি এই ৰাজযোগ পাঁচ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হব৷ বৈদিক জ্যোতিষত শুক্ৰ আৰু শনিৰ যোগক সকলো সময়তে শুভ বুলি ধাৰণা কৰা হয়৷ এই যোগে জীৱনলৈ সম্পদ, বিলাসিতা আৰু স্থিতিশীলতা কঢ়িয়াই আনিব৷ জানি থওক অৰ্ধকেন্দ্ৰ ৰাজযোগত ভাগ্য খুলিব কাৰ কাৰ?
বৃষ ৰাশি
বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ অৰ্ধকেন্দ্ৰ ৰাজযোগৰ প্ৰভাৱত বৃষৰ জাতকৰ কেৰিয়াৰত উন্নতিৰ জোৱাৰ আহিব৷ ব্যৱসায়ীসকলৰ বাবেও সন্মুখত সোনালী সময় আহিব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় শুভ৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় সমস্যা দূৰ হব৷ আৰ্থিক উন্নতিৰ পথ প্ৰশস্ত হব৷
মিথুন ৰাশি
অৰ্ধকেন্দ্ৰ ৰাজযোগে মিথুন ৰাশিৰ জাতকৰ বাবে সৌভাগ্যৰ সূচনা কৰিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা চৰকাৰী কাম এই সময়ত সম্পূৰ্ণ হব পাৰে৷ আপোনাৰ সামাজিক মৰ্যাদা আৰু প্ৰতিপত্তি বাঢ়িব৷ যিসকলে বিদেশ ভ্ৰমণৰ কথা ভাৱিছে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হব পাৰে৷ উচ্চশিক্ষাৰ সুযোগ পাব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতলৈ মজবুত হব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ সপ্তম ঘৰত গঠিত হব শুক্ৰ-শনিৰ যুঁটি৷ যিয়ে পাৰ্টনাৰচিপত কাম কৰি আছে তেওঁলোকেও সাফল্য লাভ কৰিব৷ জীৱনসংগীৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ উল্লেখযোগ্য আৰ্থিক উন্নতি কৰিব পাৰে৷ ব্যৱসায়ত বৃহৎ বিনিয়োগ লাভজনক হব৷ আইনী যুঁজত জয়ী হব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিতেই বৰ্তমান অৱস্থান কৰিছে শনিয়ে৷ ইয়াৰ পাছতেই শনি শুক্ৰৰ সৈতে মিলি অৰ্ধকেন্দ্ৰ ৰাজযোগ গঠন কৰিব৷ আত্মবিশ্বাস শীৰ্ষত থাকিব৷ অফিচত পদোন্নতি আৰু দৰমহাবৃদ্ধিৰো সম্ভাৱনা৷ নিজৰ সম্পত্তিৰ পৰিমাণ বহু পৰিমাণে বাঢ়িব৷
মীন ৰাশি
অৰ্ধকেন্দ্ৰ ৰাজযোগ মীন ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হব৷ বাহন, ঘৰৰ দৰে কোনো বিলাসী সামগ্ৰী ক্ৰয়ৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ সৃজনশীল কামৰ সৈতে যিসকল যুক্ত তেওঁলোকে খ্যাতি আৰু সম্পদ লাভ কৰিব৷ ধৰ্মীয় আগ্ৰহ বাঢ়িব৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















