আগন্তুক সোমবাৰ ১৬ মাৰ্চৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হ’ব সেই সপ্তাহত থাকিব মালব্য ৰাজযোগ আৰু শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱ৷ মাৰ্চ মাহৰ তৃতীয় সপ্তাহৰ আৰম্ভণিতে মীন ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ তাত পূৰ্বৰে পৰাই অৱস্থান কৰিছে শুক্ৰই৷ ইয়াৰ ফলত মীন ৰাশিত গঠিত হ’ব শুক্ৰাদিত্য ৰাজযোগ৷ নিজৰ উচ্চ ৰাশি মীনত অৱস্থান কৰি শুক্ৰই গঠন কৰিব মালব্য ৰাজযোগ৷ জ্যোতিষ গণনাই কৈছে, আগন্তুক সপ্তাহত মালব্য ৰাজযোগৰ প্ৰভাৱত কোনো কোনো ৰাশিৰ জাতকৰ দুৰ্দান্ত লাভ হব৷ আগন্তুক সপ্তাহত ৫ৰাশিৰ জাতকে জ্ঞান, অৰ্থ আৰু প্ৰতিপত্তি লাভ কৰিব৷ শুক্ৰাদিত্য ৰাজযোগে এই সকলো ৰাশিৰ বাবে অত্যন্ত শুভ সময় কঢ়িয়াই আনিব৷ জানি থওক ১৬ মাৰ্চৰ পৰা ২২ মাৰ্চ ২০২৬ৰ ভিতৰত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
আগন্তুক সপ্তাহত কেৰিয়াৰত বৃহৎ উন্নতি আৰু সাফল্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ ইয়াৰোপৰি পৰিয়ালৰ সৈতেও ভাল সময় কটোৱাৰ সুযোগ পাব আপুনি৷ কামৰ সূত্ৰে কৰোবালৈ যাব পাৰে৷ এই যাত্ৰা আপোনাৰ বাবে লাভজনক হব৷ পছন্দৰ মানুহৰ সৈতে সম্পৰ্ক আৰু মধুৰ হব৷ আগন্তুক সপ্তাহত খৰচ কিছু বাঢ়িব পাৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকে ১৬ মাৰ্চৰ পৰা আৰম্ভ হোৱা সপ্তাহত কৰ্মক্ষেত্ৰত প্ৰতিপত্তি আৰু মৰ্যাদা লাভ কৰিব৷ অফিচৰ বচে আপোনাৰ কামক লৈ অত্যন্ত সন্তুষ্ট থাকিব৷ আৰ্থিকভাৱেও আগন্তুক সপ্তাহত আপোনাৰ উল্লেখযোগ্য লাভ হোৱাৰ সম্ভাৱনা আছে৷ প্ৰেম জীৱনত কোনো সমস্যা থাকিলে এইবাৰ দূৰ হব৷
সিংহ ৰাশি
কন্যা ৰাশি
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকে আগন্তুক সপ্তাহত কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ ইয়াৰোপৰি আপোনাৰ জনপ্ৰিয়তা আৰু সন্মান বাঢ়িব৷ আপোনাৰ কোনো প্ৰকল্পৰ কাম সম্পূৰ্ণ হব৷ আৰ্থিকভাৱেও আগন্তুক সপ্তাহ আপোনাৰ বাবে লাভদায়ক৷ প্ৰেম জীৱনত ৰোমান্স ভৰপুৰ থাকিব৷ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ পৰিয়ালৰ পৰা সমৰ্থন পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















