‘কেদাৰনাথ’ চিনেমাৰেই ফিল্মি কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ৷ সেয়ে ব্যস্ত চিডিউলৰ মাজে মাজে সময় পালেই কেদাৰনাথলৈ যাত্ৰা কৰে ছাৰা আলি খানে৷ এবাৰ দুবাৰকৈ তেওঁ মুঠ ৭বাৰ কেদাৰনাথ দৰ্শন কৰিছে ছাৰা আলি খানে৷ মুছলমান ধৰ্মাৱলম্বী হৈয়ো দেশৰ প্ৰায় সকলো হিন্দু তীৰ্থক্ষেত্ৰলৈকে তেওঁ গৈছে৷ ছাৰাই যদিও সৰ্বধৰ্ম সমন্বয়ৰ বাৰ্তা দি আহিছে তথাপিও এইবাৰ কেদাৰনাথতেই ছাৰা অগ্নিপৰীক্ষাৰ সন্মুখীন হৈছে৷ কিন্তু কেনেকৈ?
খবৰ অনুসৰি চলিত বছৰৰ পৰা বদ্ৰী-কেদাৰ কমিটিয়ে মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত এক নতুন আইন আনিছে৷ অহিন্দুৱে অনুমতি অবিহনে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব৷ ইয়াৰ বাবে এক নিৰ্দেশনাও জাৰি কৰিছিল কমিটিয়ে৷ নবাব পৰিয়ালৰ সন্তান ছাৰা আলি খানৰ ক্ষেত্ৰতো অন্য নিয়ম নাথাকিব৷ তেওঁক লৈয়ো অন্য অহিন্দুৰ দৰেই নিয়ম জাৰি থাকিব বুলি জনাইছে কেদাৰনাথ মন্দিৰ কমিটিৰ সভাপতি হেমন্ত দ্বিবেদীয়ে৷ তেওঁৰ মন্তব্য, ‘যিসকল হিন্দু নহয়, তেওঁলোকে মন্দিৰত প্ৰবেশ কৰিবলৈ হ’লে লিখিতভাৱে জনাব লাগিব৷ তেওঁ লিখি দিব লাগিব যে তেওঁ এজন সনাতনী৷ আৰু তেওঁ হিন্দু ধৰ্মত বিশ্বাসী৷ তেতিয়া অন্যধৰ্মী হলেও তেওঁক স্বাগত জনোৱা হব৷
লগতে মন্দিৰ কমিটিয়ে জনাইছে যে ছাৰা আলি খানে যেনেকৈ ঘনে ঘনে কেদাৰনাথলৈ আহে৷ সেই ক্ষেত্ৰত তেওঁৱো যদি লিখিতভাৱে জনাই যে তেওঁ হিন্দু ধৰ্মত বিশ্বাসী তেতিয়াহে তেওঁ এই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব৷ বা পূজা কৰাৰ অনুমতি পাব৷’ উল্লেখ্য যে কিছুমাহৰ পূৰ্বে কেদাৰনাথলৈ গৈছিল নবাবকন্যা৷ এইবাৰ প্ৰশ্ন, ভৱিষ্যতে যাবলৈ হ’লে তেওঁৱো মন্দিৰ কমিটিৰ নিৰ্দেশিকা অনুসৰি নিজকে সনাতনী বুলি লিখিত অগ্নিপৰীক্ষা দিব নে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















