মুকলি আকাশৰ তললৈ সন্দীপন গাৰ্গ। আদালতে জামিন মঞ্জুৰ কৰাৰ পাছতে কাৰামুক্ত সন্দীপন। Baksaৰ কাৰাগাৰৰ পৰা ওলাল Zubeenৰ হত্যাত অভিযুক্ত আছিল সন্দীপন। দাঢ়িয়ে-চুলিয়ে ভোবোকাৰ হৈ কাৰাগাৰৰ পৰা ওলাই আহিল ঘৰলৈ যাবলৈ।

কাৰাগাৰৰ পৰা ওলায়েই সন্দীপন গাৰ্গে মাটি চুই সেৱা কৰে। তাৰ পিছত সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ ন্যায় বিচাৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সন্দীপন গাৰ্গে। ইয়াৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সন্দীপনে জে’ললৈ নিয়া সামগ্ৰীৰ টোপোলাত, য’ত এখন ভাগৱত গীতা পোৱা গৈছিল।

১৯ ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ প্ৰকৃত সত্য পোহৰলৈ অহাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে অসমবাসীয়ে ঘটনাটোৰ সত্যটো জানিব পাৰিলেহে প্ৰকৃত ন্যায় সম্ভৱ হ’ব।

জে’লৰ পৰা ওলাই সন্দীপন গাৰ্গে কয়, “মোৰ গ’ল্ডী দাদাই অতি সোনকালে ন্যায় পাব। কেৱল ন্যায় লাভ কৰাই নহয়, সেই দিনটোৰ প্ৰকৃত সত্য সকলোৰে সন্মুখলৈ অহাটোও অত্যন্ত গুৰুত্বপূৰ্ণ। সত্যৰ সদায় জয় হ’ব। ১৯ ছেপ্টেম্বৰৰ ঘটনাৰ সত্যটো অসমবাসীয়ে গম পালেহে ন্যায় পাব। সত্যটো গম পাই অসমীয়াই স্বীকাৰ কৰিলেহে মোৰ দাদাৰ আত্মাই শান্তি পাব।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















