ফেচবুকে ক্ৰিয়েটৰ ফাষ্ট ট্ৰেক প্ৰগ্ৰেম আৰম্ভ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে সৃষ্টিকৰ্তাসকলক ধন উপাৰ্জনৰ সুযোগ প্ৰদান কৰা। এই প্ৰগ্ৰেমে নিশ্চিত পেমেণ্ট আৰু কন্টেন্টৰ প্ৰসাৰ বৃদ্ধিৰ সৈতে ফেচবুকত ক্ৰিয়েটৰসকলকৰ গ্ৰোথ বৃদ্ধি ত্বৰান্বিত কৰাত সহায় কৰিব। এই নতুন কাৰ্যসূচী ফেচবুকৰ সৃষ্টিকৰ্তা অৰ্থনীতিৰ ক্ৰমবৰ্ধমান প্ৰতিশ্ৰুতি আৰু বিনিয়োগৰ অংশ।
আপোনাৰ দৰ্শক আৰু ধন দ্ৰুতভাৱে বৃদ্ধি কৰক
কোম্পানীটোৱে কয়, “আমি আন প্লেটফৰ্মত ফ’ল’ৱাৰ গঢ়ি তোলা ক্ৰিয়েটৰৰ পৰা শুনিছো যে ফেচবুকত আৰম্ভ কৰাটো কিমান প্ৰত্যাহ্বানজনক হ’ব পাৰে, গতিকে আমি ক্ৰিয়েটৰ ফাষ্ট ট্ৰেক প্ৰগ্ৰেমটো আৰম্ভ কৰিছো যাতে তেওঁলোকে আৰম্ভ কৰাটো সহজ আৰু দ্ৰুত হয়, ফেচবুকত যোগ্য ৰিলসমূহ শ্বেয়াৰ কৰাৰ বাবে তিনি মাহৰ নিশ্চিত পেমেণ্ট পাব লগতে আপোনাৰ পেজ শীঘ্ৰে আগবাঢ়িব।”
প্ৰতিমাহে লাখ লাখ টকা উপাৰ্জন
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ক্ৰিয়েটৰসকলে ইনষ্টাগ্ৰাম, বা ইউটিউবত কমেও এক লাখ অনুগামী থাকিলে প্ৰতিমাহে ১০০০ ডলাৰ (প্ৰায় ৯৩,৩৯৭ টকা) উপাৰ্জন কৰিব পাৰে, বা এই প্লেটফৰ্মসমূহৰ ভিতৰত অন্ততঃ এটাত ১০ লাখতকৈ অধিক অনুৰাগী থাকিলে প্ৰতিমাহে ৩০০০ ডলাৰ (প্ৰায় ২৮০,১৯৩ টকা) উপাৰ্জন কৰিব পাৰে। এই প্ৰগ্ৰেমে ক্ৰিয়েটৰসকলক ফেচবুক কন্টেন্ট মুদ্ৰাকৰণৰ তাৎক্ষণিক প্ৰৱেশো প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে আৰু অধিক উপাৰ্জন কৰিব পাৰে, আৰু ক্ৰিয়েটৰ ফাষ্ট ট্ৰেক প্ৰগ্ৰেম শেষ হোৱাৰ পিছতো তেওঁলোকৰ যোগ্য কন্টেন্টৰ পৰা উপাৰ্জন কৰি থাকিব পাৰে। ফেচবুকে ক্ৰিয়েটৰসকলক আকৰ্ষণ কৰিবলৈ যথেষ্ঠ ধনৰ বিনিয়োগ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















