ফিক্সড ডিপোজিট মানেই নিশ্চিত ৰিটাৰ্ণ৷ বিনিয়োগ কৰাৰ অৰ্থ ধন সম্পূৰ্ণ সুৰক্ষিত৷ এই দুটা কাৰণৰ বাবেই এফ ডি সকলোতকৈ জনপ্ৰিয় বিনিয়োগ মাধ্যম৷ ইয়াৰোপৰি অলপ ম্যাদৰ অৰ্থৰ চাহিদা দূৰ কৰিবলৈ জৰুৰী অৱস্থাত কিংবা অৱসৰ গ্ৰহণৰ পাছত নিশ্চিত আয়ৰ বাবেও ফিক্সড ডিপজিটৰ কোনো বিকল্প নাই৷
পঞ্জাৱ নেশ্ব্যনেল বেংক, ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত এক চৰকাৰী বেংক৷ এই চৰকাৰী বেংকে তেওঁলোকৰ গ্ৰাহকসকলক এফ ডি একাউণ্টত চমৎকাৰ সুদৰ হাৰ দিছে৷ পঞ্জাৱ নেশ্ব্যনেল বেংকে তেওঁলোকৰ গ্ৰাহকসকলৰ এফ ডি একাউণ্টত ৩শতাংশ আৰু ৭.৪০ শতাংশ পৰ্যন্ত বাম্পাৰ সুদৰ হাৰ দিছে৷ এই চৰকাৰী বেংকৰ ন্যূনতম ৭ দিনৰ বাবে এক এফ ডি একাউণ্ট অপেন কৰিব পাৰে৷ এই বেংকত সৰ্বোচ্চ ১০ বছৰৰ বাবে এফ ডি কৰিব পাৰে৷ এক নজৰত দেখা যাওক, কেনেকৈ পি এন বিত ১ লাখ টকা জমা কৰি ৪৯, ৮৬৬ টকা পৰ্যন্ত নিৰ্দিষ্ট সুদ অৰ্জন কৰা যায়৷
৪৪৪ দিনৰ এফ ডি স্কিমত সৰ্বোচ্চ সুদ
পঞ্জাৱ নেশ্ব্যনেল বেংকে তেওঁলোকৰ ৪৪৪ দিনৰ বিশেষ এফ ডি স্কিমত সৰ্বোচ্চ সুদ দিছে৷ পি এন বিত তেওঁলোকে ৪৪৪ দিনৰ এফ ডি স্কিমত সাধাৰণ নাগৰিকৰ বাবে ৬.৬০ শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৭.১০ শতাংশ আৰু ছুপাৰ ছিনিয়ৰ চিটিজেনৰ বাবে ৭.৪০ শতাংশ সুদ দিয়া হয়৷
১০০,০০০ টকা জমা ৰাখিলে ৪৯,৮৬৬ টকা পৰ্যন্ত নিৰ্দিষ্ট সুদ দিয়ে পঞ্জাৱ নেশ্ব্যনেল বেংকে৷ পঞ্জাৱ নেশ্ব্যনেল বেংকে তেওঁলোকৰ ৫-১০ বছৰৰ এফ ডি স্কিমত সাধাৰণ নাগৰিকৰ বাবে ৬ শতাংশ চিনিয়ৰ চিটিজেনৰ বাবে ৬.৮০ শতাংশ আৰু ছুপাৰ চিনিয়ৰ চিটিজেনসকলৰ বাবে ৬.৮০শতাংশ সুদ দিয়া হৈছে৷ আৰু ছুপাৰ চিনিয়ৰ চিটিজেনৰ বাবে ৬.৮০ শতাংশ সুদ দিছে৷ যদি কোনোৱে পি এন বিত ৬ বছৰৰ এফ ডিত লাখ টকা জমা কৰে তেন্তে সাধাৰণ নাগৰিক হিচাপে ৪২,৯৫০ টকা নিৰ্দিষ্ট সুদসহ মুঠ ১৪২৯৫০ টকা পাব৷
কোনোৱে যদি চিনিয়ৰ চিটিজেন হয় আৰু পি এন বিত ৬ বছৰ ম্যাদি এক এফ ডিত ১ লাখ টকা জমা কৰে তেতিয়া ৪৯৮৬৬ টকাৰ নিৰ্দিষ্ট সুদ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ