• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

2 months ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

7 hours ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

8 hours ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

8 hours ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

9 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

9 hours ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

10 hours ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

10 hours ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

11 hours ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

11 hours ago
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

12 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

12 hours ago
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

editor by editor
March 23, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯ এপ্ৰিলত ৰাজ্যত বিধানসভা নিৰ্বাচন৷ আজি অৰ্থাৎ ২৩ মাৰ্চ নমিনেছন দাখিলৰ শেষ দিন৷ শেষ দিনটোতেই স্পষ্ট হৈ পৰিছে বহু নেতাৰ মন৷ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৰাজ্যৰ বিভিন্ন বিধানসভা সমষ্টিত৷ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতেই প্ৰত্যেকটো দলতেই লাগিছে আওল৷ কি কংগ্ৰেছ, কি বিজেপি, কি অগপ, কি এজেপি! প্ৰায় সকলো দলতেই আৰম্ভ হৈছে কন্দল৷ বিগত সময়ত নিষ্ঠাৰে নিজ নিজ দলৰ হৈ কাম কৰি থকা বহু নিষ্ঠাবান কৰ্মীয়েই ত্যাগ কৰিছে ইমান দিনে কাম কৰি থকা দল৷ নিজৰ দলৰ আদৰ্শ প্ৰচাৰ কৰি কৰি সমষ্টিৰ উন্নয়ন অথৱা নিজৰ উন্নয়ন হয়তো আশা কৰি আছিল দল বাগৰা বহুজন নেতাই৷ কিন্তু মন থাকিলেও দলে নিদিলে৷ বিধায়ক হোৱা নোহোৱাৰ সিদ্ধান্ত ৰাইজৰ হাতত কিন্তু দলেই ৰাইজৰ সেৱা কৰাৰ বাবে যোগ্য বুলি নাভাৱিলে বহু নেতাক৷ সেয়ে ক্ষোভ উজাৰি বহুজনেই ত্যাগ কৰিছে নিজা নিজা দল৷

ৰাজনীতিত এই ধৰণৰ ঘটনা ঘটিয়েই থাকে যদিও এইবাৰৰ নিৰ্বাচন অলপ বেলেগ বুলি বহু ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়েই মন্তব্য ৰাখিছে৷ বহুতেই কৈছে অসমৰ ৰাইজে এইবাৰ কি কৰে ঠিক নাই৷ বহুতেই কৈছে অসমত এন ডি এৰ বিকল্প নাই৷ কিন্তু তাৰমাজতে আমি জনাব বিচাৰিছো নিৰ্বাচনৰ প্ৰাকক্ষণত টিকট বঞ্চিত হৈ কোন দলৰ কোন হেভিৱেট নেতাই দল সলনি কৰি হঠাতে সলালে দলীয় আদৰ্শ৷

টিকট বঞ্চিত হৈ সৰ্বাধিক চৰ্চা হোৱা নেতা হৈছে প্ৰদ্যুৎ বৰদলৈ৷ এন ডি এ দলীয় টিকট ঘোষণা কৰাৰ মাত্ৰ এদিন পূৰ্বে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ যোগদানৰ এটা নিশাৰ পাছতেই তেওঁ এন ডি এ জোঁটৰ বিজেপি দলৰ হৈ দিছপুৰ সমষ্টিৰ পৰা দলীয় টিকটো লাভ কৰিছে৷ উল্লেখ কৰা প্ৰয়োজন যে প্ৰদ্যুৎ বৰদলৈয়ে মাত্ৰ ১৬ বছৰ বয়সৰ পৰাই কংগ্ৰেছ কৰি আহিছিল৷ প্ৰদ্যুৎ বৰদলৈয়ে টিকট লাভ কৰাৰ পাছতেই সৰ্বাধিক ছচিয়েল মিডিয়াত ভাইৰেল হোৱা আন এজন নেতা হৈছে জয়ন্ত দাস৷ জয়ন্ত দাসে বিগত ৩৫ বছৰে বিজেপি দলৰ হৈ কাম কৰি আহিছিল৷ তেওঁ দিছপুৰ সমষ্টিৰ পৰা বিজেপিৰ দলীয় টিকটৰ দাবীদাৰ আছিল কিন্তু প্ৰদ্যুৎ বৰদলৈক দিছপুৰ সমষ্টিত টিকট দিয়াৰ পাছতেই ক্ষোভত ফাঁটি জয়ন্ত দাসে ত্যাগ কৰিছে বিজেপি দল৷ তেওঁ নিজাকৈ তৃণমূল বিজেপি বুলি এটা দল খোলাৰ কথাও ঘোষণা কৰিছে৷ অৱশ্যে এইবাৰৰ বিধানসভা নিৰ্বাচনত তেওঁ নিৰ্দলীয় হিচাপেই নিৰ্বাচন খেলিব দিছপুৰৰ পৰা৷

তাৰপিছতেই চৰ্চাত আছে নন্দিতা গাৰ্লোছা৷ নন্দিতা গাৰ্লোছাইয়ো হাফলং সমষ্টিৰ পৰা ২০২১ চনৰ নিৰ্বাচনত বিজেপি দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ীও হৈছিল৷ তাৰপিছতেই বিজেপিৰ মন্ত্ৰীসভাত স্থানো লাভ কৰে তেওঁ৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা মন্ত্ৰীসভাত ক্ৰীড়া আৰু সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী আছিল নন্দিতা গাৰ্লোছা৷ নন্দিতা গাৰ্লোছাই ২০২৬ৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ পৰা টিকট লাভ নকৰিলে৷ সেয়ে নন্দিতাই অৱশেষত দলত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে৷ কংগ্ৰেছত যোগদান কৰি তেওঁ হাফলং সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হৈ ২৩ মাৰ্চত মনোনয়ন পত্ৰও দাখিল কৰে৷

চৰ্চাত থকা আন এজন নেতা হৈছে জয়ন্ত খাউণ্ড৷ জয়ন্ত খাউণ্ডে অগপ দলত দীৰ্ঘদিন ধৰি এজন কৰ্মকৰ্তা তথা এজন কোষাধ্যক্ষ হিচাপে কাম কৰি আহিছিল৷ এইবাৰ জয়ন্ত খাউণ্ডেও হঠাতে দল সলনি কৰিছে৷ নিৰ্বাচনত প্ৰাৰ্থী তালিকা ঘোষণাৰ পূৰ্বেই দলত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে জয়ন্ত খাউণ্ডে৷ জয়ন্ত খাউণ্ডে এইবাৰ কংগ্ৰেছ দলৰ হৈ ৰঙানদী সমষ্টিত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷

টিকট নাপায় দল সলনি কৰা আৰু এজন নেতা হৈছে শ্বেৰমান আলী৷ বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেৰমান আলিয়ে কংগ্ৰেছৰ পৰা নিলম্বিত হৈছিল৷ তাৰপিছতেই যোগদান কৰিছিল ৰাইজৰ দলত৷ ৰাইজৰ দলেও নিজৰ দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ আশা দি নিৰাশ কৰে শ্বেৰমানক৷ শেষত শ্বেৰমানে ৰাইজৰ দল ত্যাগ কৰি যোগদান কৰিছে তৃণমূল কংগ্রেছত৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনত শ্বেৰমানে তৃণমূল কংগ্ৰেছৰ হৈ মন্দিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে৷

টিকট নাপায় দল এৰা আৰু এজন নেতা হৈছে শশীকান্ত দাস৷ ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা বিধায়ক হৈছিল শশীকান্ত৷ সেই শশীকান্তই এইবাৰ কংগ্ৰেছ দলৰ পৰা টিকট লাভ নকৰিলে৷ সেয়ে ৰাইজৰ জনপ্ৰতিনিধি হৈ থকাৰ আশা বুকুত বান্ধি বিজেপি দলত যোগদান কৰি বিজেপিৰ টিকট লাভ কৰিছে৷ ৰহাত বিজেপি দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শশীকান্তই৷

টিকট বঞ্চিত আৰু এজন জনপ্ৰিয় নেতা হৈছে তিতাবৰৰ ভাস্কৰ বৰুৱা৷ ভাস্কৰ বৰুৱাইয়ো বিগত নিৰ্বাচনত কংগ্ৰেছৰ বিধায়ক হৈ বিধানসভালৈ আহিছিল৷ সেই ভাস্কৰ বৰুৱাই এইবাৰ তিতাবৰত টিকট লাভ নকৰিলে৷ সেয়ে মনৰ দুখত কংগ্ৰেছ দল ত্যাগ কৰিছে ভাস্কৰ বৰুৱাই৷ দলত্যাগতেই শান্ত নাথাকি নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিবলৈ সাজু হৈছে ভাস্কৰ বৰুৱা৷

মনৰ দুখত কংগ্ৰেছ ত্যাগ কৰা আন এজন নেতা হৈছে ভূপেন বৰা৷ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি  ভূপেন বৰাই কিছুদিন পূৰ্বে বিজেপি দলত যোগদান কৰিছে৷ বিজেপি দলে তেওঁক বিহপূৰীয়া সমষ্টিৰ পৰা টিকটো প্ৰদান কৰিছে৷ পূৰ্বৰ বিহপূৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঁঞাক টিকট প্ৰদান নকৰি ন’কৈ বিজেপি দললৈ অহা ভূপেন বৰাক টিকট প্ৰদান কৰিছে বিজেপি দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

June 1, 2026
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত
জীৱনশৈলী

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

June 1, 2026
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

June 1, 2026
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য
জীৱনশৈলী

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

June 1, 2026
Next Post
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.