সমাগত হনুমান জয়ন্তী। ভাৰতৰ প্ৰতিখন ৰাজ্যতে সময় আৰু পৰম্পৰা অনুসৰি হনুমান জয়ন্তীৰ উদযাপনৰ ভিন্নতা আছে। ভাৰতৰ প্ৰায়বোৰ উত্তৰ ৰাজ্যতে এই উৎসৱ হিন্দু মাহৰ চ’ত (চৈত্ৰ পূৰ্ণিমা) মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়।
এই ২ এপ্ৰিলত হনুমান জয়ন্তী পালন কৰা হ’ব। হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়। কেৰিয়াৰ আৰু ব্যৱসায়ত সফল হ’বলৈ কৰক হনুমানৰ আৰাধনা! আজি জানো আহক হনুমানক সন্তুষ্ট কৰিবলৈ কি কৰিব লাগে।
- হনুমানৰ সেন্দুৰ প্ৰিয়, সেয়ে তেওঁক সন্তুষ্ট কৰিবলৈ সেন্দুৰ আগবঢ়াওক।
- ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ ১১টা আঁহতৰ পাত আগবঢ়াওক।
- হনুমানক সুখী কৰিবলৈ, আপুনি নিয়মিতভাৱে হনুমান চালিছা পাঠ কৰক, সুন্দৰকাণ্ডৰ পাঠ কৰক, আৰু ভগৱান ৰামৰ নামৰ জপ কৰক।
- হনুমান জীৰ আশীৰ্বাদ পাবলৈ হনুমান জয়ন্তীৰ দিনা মন্দিৰলৈ গৈ বজৰংগবলীৰ দৰ্শন কৰক আৰু পূজা কৰক।
- পূজাৰ সময়ত দীপ জ্বলাই কমেও ১১ বাৰ হনুমান চলিছা পাঠ কৰক। শেষত হনুমানক আপোনাৰ মনৰ ইচ্ছা প্ৰকাশ কৰক।
- ওম হনুমন্তে নম” বা “অঞ্জনিসুতায় বিদমহে বায়ুপুত্ৰয় ধিমাহী তন্নো মাৰুতি প্ৰচোদয়ত” মন্ত্ৰ পাঠ কৰক।
- হনুমানে ৰঙা ৰং বৰ ভাল পায়, সেয়েহে ৰঙা ৰঙৰ কাপোৰ পিন্ধিব।
অস্বীকাৰ: এই বাতৰিত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 এ ইয়াক সমৰ্থন নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















