এতিয়া বৰষুণৰ বতৰ। এই বতৰত কৰোবালৈ ওলাই গ’লে হাতত থকা মোবাইলটো তিতি যোৱাৰ সম্ভাৱনা থাকে। কেতিয়াবা বৰষুণৰ জমা হৈ থকা পানীত মোবাইটো পৰি যায় আৰু আমি চিন্তিত হৈ পৰো। এনেকুৱা সমস্যা হ’লে বহুতে চাউলৰ পাত্ৰত ফোনটো থৈ দিয়ে। এই ট্ৰিকে কেতিয়াবা কিছুমানৰ ফোন অন কৰিলেও আন কিছুমানৰ ফোন সঠিকভাৱে কাম নকৰে। ইয়াৰ বাবে এপলে জাৰি কৰিছে সতৰ্কবাণী।
এপলে কয় যে, ইয়াৰ ফলত আপোনাৰ ফোনটোৰ যথেষ্ট ক্ষতি হ’ব পাৰে। এপলে নিজৰ ৱেবছাইটত বুজাইছে যে চাউলত আইফোন ভৰোৱাটো আচলতে যথেষ্ট ক্ষতিকাৰক। কাৰণ সৰু সৰু চাউলৰ টুকুৰা ফোনটোৰ ভিতৰত সোমাই ফোনটোৰ ক্ষতি হ’ব পাৰে।
এপলে এটা নতুন ফিচাৰ প্ৰৱৰ্তন কৰিছে যিয়ে ফোনটো তিতিলে স্বয়ংক্ৰিয়ভাৱে উলিয়াই দিব পাৰে। তদুপৰি যদি আপোনাৰ ফোনত পানী থাকে তেন্তে সম্পূৰ্ণ শুকান নোযোৱালৈ এপলে চাৰ্জ কৰিবলৈ অস্বীকাৰ কৰে
ইয়াৰোপৰি কেতিয়াও আপুনি স্মাৰ্টফোন শুকুৱাবলৈ কেতিয়াও হিটাৰ, হেয়াৰ ড্ৰাইয়াৰ বা ব্ল’ৱাৰ ব্যৱহাৰ কৰিব নালাগে। তদুপৰি চাৰ্জিং পৰ্টত কোনো বস্তু যেনে কপাহ বা টিছু পেপাৰ সুমুৱাই দিয়াটোও ভাল নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















