DA Hike 2026 : কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যথেষ্ট দিনৰ পৰা তেওঁলোকৰ ডিয়াৰনেছ এলাৱেন্স (DA) বৃদ্ধিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে হোলীৰ আশে-পাশে DA বৃদ্ধিৰ কথা ঘোষণা কৰে। কিন্তু এইবাৰ এপ্ৰিল মাহৰ আৰম্ভণি হোৱাৰ পিছতো এই ঘোষণা কৰা হোৱা নাই। অৱশ্যে অতি সোনকালে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিব পাৰে ভাল খবৰ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কেবিনেট বৈঠকত ডি এ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ আৰামদায়ক দিশটো হ’ল এই বৃদ্ধি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। অৰ্থাৎ একে সময়তে বাকী থকা বকেয়া ধনো কৰ্মচাৰীসকলক প্ৰদান কৰা হ’ব।
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে বৰ্তমান ৫৮% ডিয়াৰনেছ ভাট্টা লাভ কৰিছে, যিটো এই পুনৰীক্ষণৰ পিছত ৬০% লৈ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ টেক-হোম দৰমহা বৃদ্ধি পাব। এই বৃদ্ধি মাত্ৰ ২% যেন লাগিব পাৰে যদিও বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ এই যুগত মধ্যবিত্তীয় পৰিয়ালসমূহক ই যথেষ্ট আৰ্থিক সকাহ প্ৰদান কৰিব।
DA বৃদ্ধিৰ ঘোষণাত পলম হোৱাৰ কাৰণ ৭ম আৰু অষ্টম দৰমহা আয়োগৰ মাজৰ পৰিৱৰ্তনৰ সৈতে জড়িত। ২০২৫ চনৰ ৩১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল সমাপ্ত হয়। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ব্যৱস্থা তাত্ত্বিকভাৱে অষ্টম দৰমহা আয়োগৰ অধীনত আহিছে, যাৰ ফলত গণনাৰ নিয়ম সন্দৰ্ভত আলোচনা চলি আছে।
২০২৫ চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছিল যদিও চৰকাৰে আয়োগক চূড়ান্ত পৰামৰ্শ দাখিল কৰিবলৈ ১৮ মাহৰ যথেষ্ট সময় দিছে। এই পৰিৱৰ্তনকালত চৰকাৰে এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যে পুৰণি ব্যৱস্থা ব্যৱহাৰ কৰি ডি এৰ ধন দিব নে নতুন সূত্ৰ গ্ৰহণ কৰিব। এই সিদ্ধান্ত লোৱা হৈছে যে নতুন আয়োগে প্ৰতিবেদন দাখিল নকৰালৈকে বৰ্তমানৰ সূত্ৰ অনুসৰি কৰ্মচাৰীয়ে ডিয়াৰনেছ ভাট্টা লাভ কৰি থাকিব। সপ্তম দৰমহা আয়োগৰ অন্ত পৰাৰ পিছত আৰু অষ্টম দৰমহা আয়োগৰ আৰম্ভণিৰ পিছত এইটোৱেই হ’ব প্ৰথম বৃদ্ধি। এই সিদ্ধান্তই প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব এক কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আৰ্থিক অৱস্থাত। দৰমহা আয়োগৰ পৰিৱৰ্তনৰ সময়ত কৰা এই সৰু সৰু পৰিৱৰ্তনে ভৱিষ্যতে কৰ্মচাৰীৰ মৌলিক দৰমহা আৰু অন্যান্য ভাট্টা নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
সাধাৰণতে যেতিয়া নতুন পে কমিচন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়, তেতিয়া সেই সময়লৈকে সঞ্চিত DA মৌলিক দৰমহাত একত্ৰিত কৰা হয়। তাৰ পিছত ডি এ গণনা শূন্যৰ পৰা পুনৰ আৰম্ভ কৰা হয়, যাৰ ফলত কৰ্মচাৰীৰ দৰমহা যথেষ্ট বৃদ্ধি পায়। গতিকে বৰ্তমানৰ এই ২% বৃদ্ধিয়ে ভৱিষ্যতে দৰমহা পুনৰীক্ষণ আৰু পুনৰ্গঠনৰ বাবে এক শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ভিত্তি প্ৰদান কৰিব।
এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহে ইতিমধ্যে মুদ্ৰাস্ফীতিত ভোগা লাখ লাখ পৰিয়াললৈ আনন্দ কঢ়িয়াই আনিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক কেৱল সেৱা আগবঢ়োৱা কৰ্মচাৰীয়েই নহয়, ঔষধ আৰু দৈনন্দিন খৰচৰ বাবে এই অতিৰিক্ত ধনৰ অতি প্ৰয়োজন হোৱা বৃদ্ধ পেঞ্চনাৰসকলেও আগ্ৰহেৰে অপেক্ষা কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















