পশ্চিম এছিয়াৰ যুদ্ধৰ নাটকীয় মোৰ৷ ২ সপ্তাহৰ বাবে ঘোষণা কৰা হৈছে যুদ্ধবিৰতিৰ৷ এই সংঘৰ্ষ বিৰতিত সন্মত হৈছে আমেৰিকা আৰু ইৰান দুইপক্ষই৷ ইয়াৰ মাজতেই বুধবাৰে ইৰানত থকা ভাৰতীয়সকলৰ বাবে নতুনকৈ কাঢ়া সতৰ্কবাৰ্তা জাৰি কৰিছে তেহৰানত থকা ভাৰতীয় দূতাবাসে৷ Ministry of External Affairs (MEA)য়ে তেওঁলোকৰ সৰ্বশেষ নিৰ্দেশিকাত স্পষ্টভাৱে জনাইছে যে, যিমান দ্ৰুতভাৱে সম্ভৱ সিমান দ্ৰুততাৰে ইৰানৰ পৰা বাহিৰলৈ ওলাই আহক৷
ইয়াৰ পূৰ্বে মঙ্গলবাৰে দূতাবাসৰ পক্ষৰ পৰা কোৱা হৈছিল ভাৰতীয় নাগৰিক যিসকল বৰ্তমান তাত আছে তেওঁলোকক আগন্তুক ৪৮ ঘণ্টাত ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ নিৰ্দেশ দিয়া হৈছিল৷ ইয়াৰ সৈতে নিতান্ত প্ৰয়োজন অবিহনে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছিল৷ বিদ্যুৎ কেন্দ্ৰ, সামৰিক ঘাঁটি আৰু বহুমহলীয়া ঘৰৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ দিয়া হৈছিল৷ ইয়াৰোপৰি কোৱা হৈছে যে হাইৱেয়ে যাতায়াত কৰিলে অৱশ্যেই আগন্তুকভাৱে দূতাবাসৰ সৈতে যোগাযোগ কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















